Actor Nayantara became a mother of twins দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ভিগনেশ শিৱানে দেওবাৰে লক্ষ্মী পূজাৰ দিনাই তেওঁলোকৰ ভাল খবৰটো শ্বেয়াৰ কৰিছে। তেওঁ আৰু তেওঁৰ পত্নী অভিনেত্ৰী নয়নতৰা যমজ পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল।
বাতৰি অনুসৰি, তেওঁলোক ছাৰোগেচীৰ (ভাড়াতীয়া মাতৃ) জৰিয়তে পিতৃ-মাতৃ হৈছে। পৰিচালক ভিগনেশে টুইটাৰত সন্তান জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰিছে।
কেৱল সেয়াই নহয়, ভিগনেশে পুত্ৰ সন্তান দুটিৰ প্ৰথম ছবিও প্ৰকাশ কৰিছে।
তেওঁ টুইট কৰি লিখিছে, “নয়ন আৰু মই আম্মা আৰু আপ্পা হ’লো। আমাৰ ঘৰলৈ যমজ পুত্ৰ সন্তান আহিছে। আমাৰ সকলো প্ৰাৰ্থনা, আমাৰ পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ আৰু যিবোৰ ভাল সেয়া সকলো মিলি আমাৰ বাবে আশীৰ্বাদ হিচাপে হৈ আহিছে এই পুত্ৰ সন্তান। আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছো।‘’
Nayan & Me have become Amma & Appa❤️
We are blessed with
twin baby Boys❤️❤️
All Our prayers,our ancestors’ blessings combined wit all the good manifestations made, have come 2gethr in the form Of 2 blessed babies for us❤️😇
Need all ur blessings for our
Uyir😇❤️& Ulagam😇❤️ pic.twitter.com/G3NWvVTwo9— VigneshShivan (@VigneshShivN) October 9, 2022
মন কৰিব লগীয়া যে ‘লেডী চুপাৰষ্টাৰ’ নয়নতৰাৰ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ পৰিচালক ভিগনেশ শিৱানৰ সৈতে দীঘলীয়া প্ৰেমৰ সম্পৰ্ক আছিল। এই বছৰৰ জুন মাহত তেওঁলোকে সেই প্ৰেমক সাৰ্থকতা প্ৰদান কৰি বিবাহপাশত আৱদ্ধ হৈছিল।
এই ৰোমান্টিক যুটীৰ বিবাহ অনুষ্ঠান তামিলনাডুৰ মহাবলিপুৰমৰ এখন হোটেলত অনুষ্ঠিত হৈছিল। সেই বিবাহৰ চাৰি মাহৰ পিছত তেওঁলোকৰ ঘৰ আলোকিত কৰি জন্ম হ’ল যমজ সন্তানৰ!