নিষ্ঠুৰতাৰ বলি হোৱা আমেৰিকাত বাস কৰা এটি ভাৰতীয় মূলৰ পৰিয়ালটোৰ হত্যাকাৰীৰ আছে এক অপৰাধৰ অতীত । শিখ পৰিয়ালটোক সোমবাৰে অপহৰণ কৰি নিয়াৰ পিছত তেওঁলোকৰ মৃতদেহ এখন পাৰ্কত উদ্ধাৰ হৈছিল।
মাৰ্কিন আৰক্ষীয়ে প্ৰকাশ কৰা মতে যীচু চালগাডো নামৰ অভিযুক্তজনে ১৭ বছৰ আগতে এটা পৰিয়ালক বন্দুকৰ দেখুৱাই তেওঁলোকৰ ধন-সম্পদ লুট কৰিছিল।
কেলিফৰ্ণিয়াৰ সংশোধন আৰু পুনৰ্সংস্থাপন বিভাগৰ মতে, চালগাডোক ২০০৭ চনত কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু ২০১৫ চনত মুক্তি দিয়া হৈছিল ।লোকজনে শিখ পৰিয়ালটোৰ প্ৰতিষ্ঠানত কাম কৰিছিল যদিও ধন চুৰি কৰাৰ অভিযোগত তেওঁক কামৰ পৰা খেদি দিয়া হৈছিল। ইয়াৰ প্ৰতিশোধ ল’বলৈয়ে লোকজনে শিখ পৰিয়ালটোক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
পৰিয়ালটোৰ চাৰিওজন সদস্যৰে মৃতদেহ কেলিফৰ্ণিয়াৰ এখন পাৰ্কত উদ্ধাৰ হোৱাৰ পিছতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা আঠ মহীয়া আৰুহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ ২৭ বছৰীয়া জছলীন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল।
অপহৰণকাৰীয়ে কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰিছিল। মঙলবাৰে সন্ধিয়া চাৰিজনৰ মৃতদেহ বুধবাৰে নিশা ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ ওচৰৰ এখন পাৰ্কত উদ্ধাৰ হয়। চিচিটিভিৰ ফুটেজত দেখা গৈছে যে জছদীপ আৰু অমনদীপক একেলগে হাত বান্ধি উলিয়াই নিয়া হৈছিল।
কেইছেকেণ্ডমানৰ পিছত আঠমহীয়া কেঁচুৱাটো আৰু আন এগৰাকী লোকক অপহৰণকাৰীৰ সৈতে ভৱনৰ পৰা ওলাই যোৱা দেখা গৈছিল। আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী ৪৮ বছৰীয়া যীশু মানুৱেল চালগাডোক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে তেওঁ বহু কথাই প্ৰকাশ কৰিছে।