• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদায় ‘জুম’! সন্ত্ৰাসবাদক জিনি অৱশেষত জীৱন যুঁজত হাৰ মানিলে জুমে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2022 7:58 am
Zoom Army Dog
243
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদক জিনি অৱশেষত জীৱন যুদ্ধত হাৰ মানিবলৈ বাধ্য হ’ল ‘জুম’। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি দুই সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰত সেনাক সহায় আগবঢ়োৱা ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত যুঁজাৰু কুকুৰ ‘জুম’- এ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

এনকাউণ্টাৰৰ সময়ত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা জুমে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত চিৰকালৰ বাবে চকু মুদে। এক বিবৃতি যোগে ভাৰতীয় সেনাই জুমৰ মৃত্যুৰ খবৰ সদৰী কৰে।

বিবৃতিটোত উল্লেখ কৰা মতে চিকিৎসাধীন হৈ থকা জুমে পুৱা প্ৰায় ১১:৪৫ বজালৈকে ভালদৰেই সঁহাৰি দি আছিল যদিও হঠাতে জোৰে জোৰে উশাহ ল’বলৈ আৰম্ভ কৰে আৰু বাগৰি পৰে। লগে লগে যুঁজাৰু কুকুৰটোৱে প্ৰাণত্যাগ কৰে।

জুমৰ মৃত্যুত শোক প্ৰকাশ কৰি ভাৰতীয় সেনাই সন্মান প্ৰদৰ্শন কৰাৰ লগতে সাহস আৰু বীৰত্বৰে জুমে দেশলৈ আগবঢ়োৱা সেৱা সদায়ে দেশে সুঁৱৰিব বুলি উল্লেখ কৰি সেনাই জুমলৈ শেষ সন্মান জনায়।

 

We wish Army assault dog ‘Zoom’ a speedy recovery. #Kashmir@adgpi@NorthernComd_IA pic.twitter.com/i1zJl0C2Gw

— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) October 10, 2022

উল্লেখ্য যে সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ জুম গুৰুতৰভাৱে আহত হৈছিল। জুমৰ বীৰত্বৰ কাহিনীয়ে লাভ কৰিছিল ব্যাপক চৰ্চা।

দেওবাৰে নিশা টাংপাৱা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। সোমবাৰে পুৱা সেনাই জুমক সন্ত্ৰাসবাদী থকা ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰিছিল।

সন্ত্ৰাসবাদীৰ সন্ধান উলিওৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া জুমে দক্ষিণ কাশ্মীৰত বহুকেইটা অভিযানৰ অংশ হিচাপে সেৱা আগবঢ়াইছিল। সোমবাৰে জুমক আন অভিযানৰ দৰেই সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোত প্ৰাথমিক আক্ৰমণৰ দায়িত্ব দিয়া হৈছিল।

দুৰ্ভাগ্যবশতঃ অভিযানৰ সময়ত জুমৰ শৰীৰত দুটাকৈ গুলী লাগে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু গুৰুতৰ আঘাতৰ পাছতো জুমে বীৰত্বৰে যুঁজ দিয়ে আৰু জুমৰ এই সাহসিকতাৰ সহায়তে দুই সন্ত্ৰাসবাদী নিহত হয়।

অভিযানৰ মাজতে জুমক ততাতৈয়াকৈ সেনাৰ এডভান্স ফিল্ড ভেটেৰিনেৰী হস্পিটেললৈ লৈ যোৱা হৈছিল। এই চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা অৱস্থাতে জুমে অৱশেষত মৃত্যুক আঁকোৱালি লয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd