• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থৰক বৰক ট্ৰাছৰ মচনদ! ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ভাগ্যৰ দুৱাৰ খুলিব নেকি ঋষিৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2022 11:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে দায়িত্ব গ্ৰহণ কৰিয়েই ক্ষমতা হেৰুওৱাৰ আশংকাত ভূগিছে। চৰম ৰাজনৈতিক অস্থিৰতাৰ পিছত এক দীঘলীয়া প্ৰক্ৰিয়াৰে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছিল। লিজ ট্ৰাছে যোৱা ছেপ্টেম্বৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।

কিন্তু কাৰ্যভাৰ গ্ৰহণ কৰাৰ ৪০ দিনৰ ভিতৰতে নতুন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী পদ হেৰুওৱাৰ আশংকাৰ সৃষ্টি হৈছে। তেওঁ বিত্ত মন্ত্ৰী কোৱাচি কুয়াৰ্টেংকক তেওঁৰ দায়িত্বৰ পৰা আঁতৰাই দিয়ো পৰিত্ৰাণ পোৱা নাই। এতিয়া তেওঁৰ দলৰ সাংসদসকলে লিজ ট্ৰাছক আঁতৰাবলৈ চেষ্টা চলাইছে।

ইয়াৰ মাজতে, ক্ষমতাসীন কনজাৰ্ভেটিভ পাৰ্টিৰ ১০০ৰো অধিক সাংসদে লিজ ট্ৰাছৰ ওপৰত অনাস্থা আনি পত্ৰ দাখিল কৰিবলৈ সাজু হৈছে। যদি লিজ ট্ৰাছক অপসাৰণ কৰা হয় তেন্তে পৰৱৰ্তী ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন হ’ব তাকলৈও চৰ্চা আৰম্ভ হৈছে।

ব্ৰিটেইনৰ শাসনাধিষ্ঠ কনজাৰ্ভেটিভ পাৰ্টিৰ এটা অংশই ইতিমধ্যে লিজ ট্ৰাছৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। বিকল্পৰ বিষয়টো যিমানে আলোচনা হৈছে তাৰ মাজত চৰ্চালৈ আহিছে ঋষি ছুনাকৰ নাম। দৰাচলতে ঋষি ছুনাকে তেওঁৰ সমৰ্থকসকলক কৈছে যে যদি প্ৰস্তাৱটো আহে তেন্তে তেওঁ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত ছুনাকে কৈছিল, “ট্ৰাছে যি কৰ্তনৰ বিষয়ে কথা পাতিছে, যদি কাৰ্যকৰী কৰা হয় সূতৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাব আৰু বন্ধকী সূতৰ (mortgage interest) ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব।”

তথাপিও, লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী হৈছিল আৰু শাসনলৈ অহাৰ ৩৭ দিনৰ ভিতৰত বিত্ত মন্ত্ৰী কোৱাচি কুয়াৰ্টেংকক বৰ্খাস্ত কৰি পূৰ্বে-ঘোষণা কৰা সংক্ষিপ্ত বাজেটৰ কিছু অংশ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। তেওঁ ঋষি ছুনাকৰ পথ অনুসৰণ কৰি কৰ্পোৰেট কৰৰ হাৰ ১৯ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰাৰ পক্ষপাতী। ফলস্বৰূপে ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাক এই মুহূৰ্তত ব্ৰিটেইনৰ ৰাজনীতি আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত পুনৰ প্ৰাসংগিক হৈ পৰিছে।

কেইবাখনো ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঋষি ছুনাকৰ সমৰ্থকসকলে প্ৰাক্তন মন্ত্ৰী আৰু জ্যেষ্ঠ সাংসদসহ ১৫-২০ জন লোকক নৈশ ভোজলৈ আমন্ত্ৰণ জনাইছে। সূত্ৰসমূহে কয় যে কেতিয়া আৰু কেনেকৈ লিজ ট্ৰাছক আঁতৰাই ছুনাক আৰু পেনি মৰ্ডাণ্টৰ যুটিক দুটা শীৰ্ষ কেবিনেট পদত স্থান দিব তাত তাৰেই পৰিকল্পনা কৰা হ’ব।

কিন্তু এইটোও ইমান সহজ কথা নহয়। এইটো সঁচা যে কনজাৰ্ভেটিভসকলৰ এটা অংশই বিশ্বাস কৰে যে তেওঁলোকে ভুল নেতা বাছনি কৰিছে। যিহেতু সমস্যাটো অৰ্থনীতিৰ, সেয়ে এক নতুন অৰ্থনীতিৰ প্ৰয়োজন। ট্ৰাছ ছুনাকে দেখুওৱা পথলৈ ঘূৰি আহিছে। গতিকে ছুনাকক পুনৰ বিত্ত মন্ত্ৰী বনাব পৰা গ’লহেঁতেন। কিন্তু প্ৰধানমন্ত্ৰীত্বৰ বাবে যুঁজ দিয়া ছুনাকে এতিয়া পেনিৰ অধীনত কাম কৰিবলৈ ইচ্ছুক নহয়।

ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে চৰকাৰৰ প্ৰকৃত চাবিকাঠি এতিয়া ট্ৰাছৰ হাতত নহয়, বিত্ত মন্ত্ৰী জেৰেমি হান্টৰ হাততহে আছে । এটা জৰীপত ৬৪ শতাংশ ভোট ট্ৰাছৰ অপসাৰণৰ পক্ষত আছে। অৱশ্যে নিজৰ নিৰ্বাচনী সমষ্টি য়ৰ্কশ্বায়াৰত বাস কৰা ছুনাকে ট্ৰাছৰ বিৰুদ্ধে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই। তেওঁৰ সন্মুখৰ পথটোও মসৃণ নহয়।

জানিব পৰা মতে, পেনি আৰু হান্টেও ১০ ডাউনিং ষ্ট্ৰীটলৈ দৃষ্টি দি আছে। ট্ৰাছেও সহজে ক্ষমতা এৰি নিদিয়ে।

আনহাতে, বিৰোধীয়ে নিৰ্বাচন আগবঢাই অনাৰ দাবী জনাইছে। বহুতৰ মতে লেবাৰ পাৰ্টিয়ে কনজাৰ্ভেটিভসকলৰ এই পৰিস্থিতিৰ সুযোগ ল’ব পাৰে আৰু পৰৱৰ্তী নিৰ্বাচনত ক্ষমতা দখল কৰিব পাৰে। তেনে ক্ষেত্ৰত কিছুদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত থাকি ছুনাক লাভান্বিত হ’বনে সেইটোও বিচাৰ্যৰ বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd