High Court reduces rape convict’s sentence এজনী চাৰি বছৰীয়া কন্যাশিশুক তেওঁ ধৰ্ষণ কৰিছিল। অৱশ্যে নাৰকীয় কাৰ্যকলাপত লিপ্ত হোৱা স্বত্বেও তেওঁ ভুক্তভোগীক হত্যা কৰা নাছিল। এই কথা সদৰী কৰি মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এজন অপৰাধীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে শাস্তিৰ ম্যাদ হ্ৰাস কৰাৰ ৰায় দিয়ে।
ন্যায়াধীশ সুবোধ অভয়ংকৰ আৰু ন্যায়াধীশ এছ কে সিঙৰ ইন্দোৰ বিচাৰপীঠে ধৰ্ষণকাৰীজনক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে।
অপৰাধীজনক ইন্দোৰৰ এখন সত্ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল। তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশেষত উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি হ্ৰাস কৰাৰ সপক্ষে ৰায় দিয়ে।
লগতে পঢ়ক: ‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান
শনিবাৰে ৰায় প্ৰদান কৰি আদালতে কয় যে নিম্ন আদালতৰ সাক্ষ্য-পুনৰীক্ষণত কোনো ভুল নাই। অপৰাধীৰ জঘন্য আচৰণ, মহিলাৰ প্ৰতি অপৰাধীৰ অসন্মানৰ মানসিকতা আৰু এটি চাৰি বছৰীয়া শিশুকো ৰেহাই নিদিয়াৰ বাবে দোষী সাব্যস্ত কৰাৰ পদক্ষেপো সঠিক বুলি বিবেচনা কৰিছে উচ্চ ন্যায়ালয়ে। কিন্তু একে সময়তে আদালতে কয় যে যিহেতু শিশুটোক ধৰ্ষণৰ পিছত হত্যা কৰা হোৱা নাই সেয়ে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ্ৰাস কৰা হ’ল। অৱশ্যে তেওঁক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে।
লক্ষণীয় যে অভিযুক্ত যুৱকজন ভুক্তভোগীৰ বাসগৃহৰ কাষতে বাস কৰে। ঘটনাটোৰ দিনা তেওঁ শিশুটিক এটকা এটা দি নিজৰ বাসগৃহৰ ভিতৰলৈ লৈ গৈছিল। কিন্তু শিশুটিৰ আইতাকে তাইৰ কান্দোন শুনা পায়। তাৰ পিছতে শিশুটিৰ পিতৃ তাত উপস্থিত হয়। তেওঁ দেখে যে ভিতৰত থকা অপৰাধীজন সম্পূৰ্ণ উলংগ অৱস্থাত আছে আৰু শিশুটি তাত ৰক্তাক্ত অৱ স্থাত পৰি ৰৈছে।
লগতে পঢ়ক: ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ
শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসা পৰীক্ষাত ধৰ্ষণৰ কথা ধৰা পৰে। জানিব পৰা মতে শিশুটিয়ে গোটেই ঘটনাটো তাইৰ দেউতাকক বৰ্ণনা কৰিছিল। অৱশেষত যুৱকজনক সকলো প্ৰমাণৰ আধাৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ে ইয়াক ২০ বছৰলৈ হ্ৰাস কৰিলে।