• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মন্ত্ৰীৰ পত্নী প্ৰেম :: ঋষি সুনাক বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত আৱাসিক কৰ ৰেহাই দিয়া হৈছিল বিলিয়নাৰ পত্নী অক্ষতাক

অভিযোগ অনুসৰি তদানীন্তন বিত্তমন্ত্ৰী সুনাকৰ পত্নীয়ে ২৮ কোটি পাউণ্ড সম্পত্তিৰ কৰ দিব লগা হোৱা নাছিল। কোভিডৰ পিছৰ বৃট্ৰেইনৰ অৰ্থনীতি দোঁ খাই পৰাৰ সময়তে এজন প্ৰভাৱশালী ৰাজনীতিবিদৰ বিলিয়নাৰ পত্নীৰ বাবে এনেধৰণৰ কৰ ৰেহাই দিয়া কথাটোৱে বৃট্ৰেইনৰ জনগণক ক্ষোভিত কৰি তুলিছিল।

by
October 27, 2022 4:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ ঋষি সুনাকে বৃট্ৰেনৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পৰাই কেইবাটাও সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সুনাকৰ পত্নী অক্ষতা মূৰ্তিয়ে। সামাজিক মাধ্যমত ইতিমধ্যে গণ সমালোচনাৰ বলি হৈছে এইহাল দম্পত্তী। বৃট্ৰেইনৰ একাংশ লোকে অভিযোগ কৰিছে যে ঋষি সুনাক বৃট্ৰেইনৰ বিত্তমন্ত্ৰী হৈ থকা সুবাদতেই এসময়ত চৰকাৰীভাবে মাফ কৰা কৰা হৈছিল পত্নী অক্ষতাৰ আৱাসিক কৰ।

 

Apply Now

উল্লেখ্য যে অক্ষতাৰ পিতৃ হৈছে ভাৰতৰ এগৰাকী প্ৰভাৱশালী তথা সম্পদশালী ব্যক্তি এন নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি হৈছে ইনফ’ছিছ নাম বিখ্যাত কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক। তেওঁ ১৯৮১ চনত পত্নীৰ পৰা ১৩০ ডলাৰ ঋণ লৈ এই কোম্পানীটো গঢ়ি তুলিছিল। যাৰ সম্পত্তি এতিয়া ১০ বিলিয়ন ডলাৰতকৈও বেছি। ইনফ’ছিছ হৈছে ৱাল ষ্ট্ৰীটত তালিকাভুক্ত  হোৱা প্ৰথমটো ভাৰতীয় কোম্পানী। তদুপৰি অক্ষতাৰ মাতৃ সুধা মূৰ্তি ভাৰতীয় কংগ্লোমেৰেট টাটা মটৰ্ছৰ প্ৰথমগৰাকী মহিলা অভিযন্তা আছিল।

প্ৰেমৰ পৰিণতিত আৰম্ভ হৈছিল সুনাক-অক্ষতাৰ সংসাৰ। আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়ি থকাৰ সময়তে দুয়োৰে চিনাকি হয়। তাতেই দুয়োৰে প্ৰেমতৰ সম্পৰ্কলৈ আহে। ২০০৯ চনৰ আগষ্ট মাহত ভাৰতত বিবাহপাশত আবদ্ধ হয় এই দুই দম্পত্তি। বৰ্তমান অনুষ্কা আৰু কৃষ্ণ নামৰ দুগৰাকী কন্যা সন্তান আছে দম্পতীহালৰ।

 

৪২ বছৰীয়া অক্ষতা পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ। ২০১০ চনত তেওঁ নিজাকৈ ফেশ্বন ব্ৰেণ্ড ‘অক্ষতা ডিজাইনছ’ মুকলি কৰে। তেওঁৰ দেউতাকৰ কোম্পানী ইনফ’ছিছৰ নামত প্ৰায় ১০ কোটি ডলাৰৰ শ্বেয়াৰ আছে। অক্ষতাই ‘কাটামৰণ ভেঞ্চাৰছ’ নামৰ এটা বিনিয়োগ কোম্পানীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৩ চনত তেওঁ সুনাকৰ সৈতে যৌথভাৱে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল।

 

কেৱল সেয়াই নহয়, অক্ষতাই ভাৰতত ৰেষ্টুৰেণ্ট আৰু জিম ব্যৱসায়ত যথেষ্ট বিনিয়োগ কৰিছে। বৃট্ৰেইন আৰু আমেৰিকাত আছে সুনাক আৰু অক্ষতাৰ আছে কেইবাটাও বিলাসী ফ্লেট আৰু ঘৰ । এই সম্পত্তিৰ বাবেই ‘ছান ডে টাইমছ’ৰ শীৰ্ষ ধনী লোকৰ তালিকাত অক্ষতাৰ নাম আছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰয়াত দ্বিতীয় ৰাণী এলিজাবেথতকৈ অক্ষতাৰ সম্পত্তি অধিক। ৰাণীৰ সম্পত্তি আছিল প্ৰায় ৪৬ কোটি ডলাৰ। কিন্তু অক্ষতা ইনফ’ছিছতেই আছে আছে কোটি কোটি টকাৰ শ্বেয়াৰ ।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বৰিছ জনছন চৰকাৰৰ দিনত বিত্তমন্ত্ৰী হৈছিল সুনাক। তেতিয়াৰ পৰা দেশৰ ৰাজনীতিত ঋষি সুনাকৰ নামটো বহুলভাৱে চৰ্চিত হৈ আহিছে। অৱশ্যে চলিত বৰ্ষৰ আৰম্ভণিতে আলোচনালৈ আহিছিল পত্নী অক্ষিতা। সেই সময়ত ব্যৱসায়ী অক্ষতাই বৃট্ৰেইন চৰকাৰৰ ওচৰত আৱাসিক কৰ ৰেহাইৰ বাবে আবেদন কৰিছিল। তেওঁৰ অনুৰোধত বৃট্ৰেইন চৰকাৰে ইনফ’ছিছৰ পৰা লাভ কৰা লাভাংশৰ বাবে দিবলগা কৰ মাফ কৰি দিয়ে।

 

এই ঘটনাটোত সুনাক-অক্ষতা তীব্ৰ সমালোচনাৰ সমুখীন হৈছিল। অভিযোগ অনুসৰি তদানীন্তন বিত্তমন্ত্ৰী সুনাকৰ পত্নীয়ে ২৮ কোটি পাউণ্ড সম্পত্তিৰ কৰ দিব লগা হোৱা নাছিল। কোভিডৰ পিছৰ বৃট্ৰেইনৰ অৰ্থনীতি দোঁ খাই পৰাৰ সময়তে এজন প্ৰভাৱশালী ৰাজনীতিবিদৰ বিলিয়নাৰ পত্নীৰ বাবে এনেধৰণৰ কৰ ৰেহাই দিয়া কথাটোৱে বৃট্ৰেইনৰ জনগণক ক্ষোভিত কৰি তুলিছিল।

 

এই আলোচনা আৰু সমালোচনাই সুনাকৰ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত একধৰণৰ নেতিবাচক প্ৰভাৱ পেলাইছিল।

বৰিছ জনছনৰ পদত্যাগৰ পিছত বৃট্ৰেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল লিজ ট্ৰাছ । কিন্তু লিজ ট্ৰাছো বেছি দিন টিকি নাথাকিল। শপত গ্ৰহণৰ মাত্ৰ ৪৫ দিনৰ পিছতেই লিজা ট্ৰাছেও পদত্যাগ কৰে। সেয়ে সৰ্বোচ্চ প্ৰাপ্তিৰ বাবে বেছি সময় ৰৈ থাকিব লগা হোৱা নাছিল ঋষি সুনাকে। লিজা ট্ৰাছৰ পদত্যাগে ভাগ্যৰ দূৱাৰ মুকলি কৰি তুলিলে ঋষিৰ। এতিয়া প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই পুনৰ একাংশ বৃট্ৰেইনবাসীৰ মাজত চৰ্চা লাভ কৰিছে বিত্তমন্ত্ৰী হৈ থাকোঁতে সুনাকে নিজৰ বিলিয়নাৰ পত্নীক কৰ ৰেহাই দিয়াৰ ঘটনাটোৱে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd