ঘৃণাভৰা ভাষণৰ বিৰুদ্ধে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহাৰ সময়তে নতুন বিপদৰ সন্মুখীন সৈতে সমাজবাদী পাৰ্টিৰ নেতা আজম খান। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে ঘৃণাভৰা মন্তব্য কৰি এতিয়া আইনৰ ৰোষত পৰিছে সাংসদগৰাকী।
তেনে মন্তব্যৰ বাবেই আজম খানৰ বিৰুদ্ধে শেহতীয়াকৈ তিনিবছৰৰ কাৰাদণ্ডৰ বিহিছে আদালতে ।সমাজবাদী পাৰ্টিৰ নেতা আজম খানক উত্তৰ প্ৰদেশৰ ৰামপুৰ আদালতে ৩ বছৰৰ বাবে কাৰাবাস বিহাৰ পিছতে অৱশ্যে তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে ।
সমাজবাদী পাৰ্টিৰ নেতাজনক ২০১৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰা ঘৃণামূলক ভাষণৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ৩ বছৰৰ কাৰাদণ্ডৰ উপৰি আজম খানৰ লগতে আন ২ জন অভিযুক্তক ঘৃণামূলক ভাষণৰ গোচৰত ২,০০০ টকাৰ জৰিমনা বিহা হৈছে।
আজম খানে ইয়াৰ বাবে আবেদন কৰিলে জামিন লাভ কৰিব পাৰে। জানিব পৰা মতে তেওঁৰ সাংসদ পদটো হয়তো বাতিল কৰাও হ’ব পাৰে । কাৰাবাস দুবছৰতকৈ বেছি হ’লে বিধায়ক বা সাংসদৰ পদ বাতিল হ’ব পাৰে।
উল্লেখ্য ২০১৯ চনত ৰামপুৰৰ মিলাক কোতৱালীত আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আইএএছ আউঞ্জনেয়া কুমাৰ সিঙৰ বিৰুদ্ধে তেওঁ ঘৃণাভৰা মন্তব্য কৰাৰ অভিযোগ উঠিছিল।