এটা বিশেষ খবৰে এতিয়া মধ্য প্ৰদেশত বেছ চৰ্চা লাভ কৰিছে। মধ্যপ্ৰদেশৰ ৰুঞ্জ নদীৰ ওপৰত আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ বান্ধ নিৰ্মাণৰ কাম কেইবাদিনো ধৰি চলি আছে।
প্ৰায় ১২,০০০ হেক্টৰ ভূমিত জলসিঞ্চন সেৱা আৰম্ভ কৰাৰ বাবেই সেই বান্ধটো নিৰ্মাণ কৰা হৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোকলৈ মানুহৰ কৌতূহল হৈছে।। ভিডিঅ’টোত কোৱা হৈছে যে বান্ধ নিৰ্মাণৰ সৈতে জড়িত এজন ঠিকাদাৰে হীৰা পাইছে।
উল্লেখ্য পান্না জিলাৰ মাজগানৱাত এটা কয়লা খনি আছিল। ৬০ বছৰ পুৰণি খনিটো ৩১ ডিচেম্বৰ ২০২০ত বন্ধ কৰি দিয়া হৈছিল। কয়লা খনি থকাৰ বাবেই অঞ্চলটোত হীৰা পোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰি বুলি বহুতে কৈছে। ২০২১ চনৰ জানুৱাৰী মাহত মাজগানৱাত এডোখৰ ৭৭.৭২ কেৰেটৰ হীৰা পোৱা গৈছিল।
ইয়াৰ পিছতেই এলেকাটোত হীৰাৰ উৎস থাকিব পাৰে বুলি মানুহে সন্দেহ কৰিবলৈ লৈছ্ল। এনে সময়তে একেধৰণৰ ভিডিঅ’ এটা প্ৰচাৰ হোৱাত হীৰা বিচাৰি মানুহৰ ভিৰ লাগিছে।