• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপেক্ষা ৮ ডিচেম্বৰলৈ: সলনি হ’ব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2022 5:24 pm
Congress Gujarat Manifesto Narendra Modi Stadium
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ শাসনকালত দেশৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম গান্ধী পৰিয়ালৰ নামেৰে নামাকৰণ কৰাক লৈ সৰৱ হৈ অহা বিজেপিয়ে শাসনলৈ আহি পিছে নিজাধৰণে একেটা পথকে অনুকৰণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাণ্ডাৰী ৰূপত তুলি ধৰা দলটোৱে গুজৰাটস্থিত পূৰ্বৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম সলনি কৰি নতুনকৈ মোদীৰ নামেৰে নামাকৰণ কৰিছিল।

পিছে এইবাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ নাম পুনৰ পূৰ্বৰ দৰে চৰ্দাৰ পেটেল ষ্টেডিয়াম কৰিবলৈ অংগীকাৰ কৰিছে কংগ্ৰেছে। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত জয়ী হৈ ক্ষমতালৈ আহিলেই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম চৰ্দাৰ পেটেল ষ্টেডিয়াম কৰিব বুলি আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।

অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ মুকলি কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে যদি দলটোৱে চৰকাৰ গঠন কৰে, তেন্তে কংগ্ৰেছে প্ৰথম কেবিনেট বৈঠকতে নিৰ্বাচনী ইস্তাহাৰক চৰকাৰী নথি হিচাপে গ্ৰহণ কৰিব।

এই প্ৰতিশ্ৰুতিৰ উপৰিও বিগত ২৭ বছৰ ধৰি গুজৰাটত ক্ষমতাহীন হৈ থকা কংগ্ৰেছে ভোটাৰক আকৰ্ষণ কৰিবলৈ ইস্তাহাৰত বহুকেইটা আকৰ্ষণীয় প্ৰতিশ্ৰুতি দিছে। মাহিলী ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি ১০ লাখ চাকৰিৰ প্ৰদান কৰালৈকে কংগ্ৰেছে বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

গুজৰাটৰ ১০ লাখ যুৱকক চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। কংগ্ৰেছে কয় যে গুজৰাটৰ সকলো চৰকাৰী পদ অতি সোনকালে পূৰণ কৰা হ’ব। মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণো ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব।

উল্লেখ্য যে ৰাজ্যখনত ১৮ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ভোটাৰ সংখ্যা হৈছে ৩.২৬ কোটি। ইয়াৰে ১.১২ লাখ ভোটাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ। ১০ লাখ চাকৰিৰ পূৰণৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰছে এই যুৱ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

কংগ্ৰেছে লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে যে ৰাজ্যখনত চৰকাৰ গঠন কৰিলে সকলোকে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব। একে সময়তে কৃষকসকলে প্ৰতিদিনে ১০ ঘন্টা বিনামূলীয়া বিদ্যুতৰ সুবিধা লাভ কৰিব।

২০১১ চনৰ লোকপিয়ল অনুসৰি গুজৰাটত ৫৫ লাখৰো অধিক কৃষক আছে। তাৰ ভিতৰত প্ৰায় ২০ লাখ ক্ষুদ্ৰ কৃষক আছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিৰে কৃষকক নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। পুৰণি বিদ্যুতৰ বিলো ৰেহাই দিয়া হ’ব।

ইয়াৰ উপৰিও গুজৰাটৰ যুৱক-যুৱতীসকলক আন এক ডাঙৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। ক্ষমতালৈ অহাৰ পিছত কংগ্ৰেছে নিবনুৱাক প্ৰতিমাহে ৩০০০ টকা ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও সেনা নিযুক্তিৰ প্ৰস্তুতিৰ বাবে ‘ছেম মানকেছা মিলিটাৰী একাডেমী’ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

দক্ষতা বিকাশৰ বাবে ‘বিশ্বকৰ্মা হুনাৰ নিৰ্মাণ যোজনা’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া এণ্ড্ৰইড মোবাইল দিয়াৰ প্ৰতিশ্ৰুতিও আছে নিৰ্বাচনী ইস্তাহাৰত।

কংগ্ৰেছে ক্ষমতালৈ আহিলে ৩ লাখ টকা পৰ্যন্ত কৃষকৰ ঋণ ৰেহাই দিয়া হ’ব বুলি কোৱা হৈছে। আনহাতে, গাখীৰ উৎপাদকসকলক প্ৰতি লিটাৰ গাখীৰত ৫ টকা ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

গৃহিনীসকলক আকৰ্ষিত কৰিবলৈ ইস্তাহাৰত প্ৰতিশ্ৰুতি দি কৈছে যে কংগ্ৰেছে ক্ষমতালৈ আহিলে গুজৰাটত ৰন্ধন গেছৰ চিলিণ্ডাৰ মাত্ৰ ৫০০ টকাতে উপলব্ধ হ’ব। ২০ লাখৰো অধিক চৰকাৰী চাকৰিয়ালক লক্ষ্য কৰি কংগ্ৰেছে পুৰণি পেন্সন ব্যৱস্থা পুনৰ ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

তদুপৰি প্ৰতিজন গুজৰাটীকে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে। ইফালে প্ৰতিবন্ধী, বিধৱা, দৰিদ্ৰসকলক প্ৰতিমাহে দুহাজাৰ টকাকৈ দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিছে দলটোৱে।

উল্লেখ্য যে, গুজৰাটত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইয়াৰ পিছতে ৮ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব নিৰ্বাচনী ফলাফল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd