• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰাপত্তাৰ সংশয়! মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ মুক্তিত বিলম্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2022 10:54 am
Gautam Navlakha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ মুক্তি বুধবাৰে পুনৰবাৰ স্থগিত ৰাখিছে নিয়া আদালতে। তদন্তকাৰী সংস্থা নিয়াই বিশেষ আদালতত মানৱ অধিকাৰ কৰ্মীগৰাকীৰ নিৰাপত্তাৰ প্ৰসঙ্গত জনোৱা আৰ্জিৰ পাছত আদালতে এই আৰ্জিত সন্মতি জনায়।

উচ্চতম ন্যায়ালয়ে নৱলাখাক গৃহবন্দীত্বৰ অনুমতি প্ৰদান কৰাৰ পিছত তেওঁ বাস কৰিবলগীয়া নৱী মুম্বাইৰ বাসগৃহত সুৰক্ষাৰ দিশৰ ওপৰত নিয়াই বুধবাৰে আদালতত প্ৰশ্ন উত্থাপন কৰাৰ পিছত পুনৰবাৰ বিলম্বিত হয় তেওঁৰ মুক্তি।

Apply Now

উল্লেখ্য যে বুধবাৰে নৱলাখাৰ জামিনৰ বাবে প্ৰবীণ অভিনেতা সুহাসিনী মুলায় নিয়াৰ বিশেষ ন্যায়াধীশ ৰাজেশ কাটাৰিয়াৰ সন্মুখত হাজিৰ হয় আৰু আদালতে এই জামানত গ্ৰহণ কৰিছিল।

কিন্তু নৱলাখাই বাস কৰিবলগীয়া বাসগৃহ চৌহদৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত নিয়াই আপত্তি দৰ্শোৱাৰ পিছত সেই চৌহদত গৃহবন্দী কৰি ৰখাটো উচিত নহ’ব বুলি ন্যায়াধীশ ৰাজেশ কাটাৰিয়াই নিৰ্দেশত কয়।

যোৱা ১০ নৱেম্বৰত ভীমা কোৰেগাঁও গোচৰত চাৰিবছৰে কাৰাগাৰত বন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী নৱলাখাক এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ কে এম যোচেফ আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে নৱলাখাৰ চিকিৎসা প্ৰতিবেদন নাকচ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি গৃহবন্দীত্বৰ অনুমতি প্ৰদান কৰিছিল।

আদালতে স্থানীয় কৰ্তৃপক্ষক নৱলাখাক গৃহবন্দী কৰি ৰাখিবলগীয়া চৌহদৰ প্ৰয়োজনীয় পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল।

আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াই আৰক্ষী কৰ্মী মোতায়েন কৰাৰ বাবে ব্যয় হিচাপে দাবী কৰা আনুমানিক ব্যয় ২.৪ লাখ টকা জমা কৰিবলৈও বিচাৰপীঠে গৌতম নৱলাখাক নিৰ্দেশ দিছিল।

মাহজোৰা গৃহবন্দীত্বৰ কালছোৱাত গৌতম নৱলাখাই তেওঁৰ কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব বুলি বিচাৰপীঠে উল্লেখ কৰিছিল। অৱশ্যে গৃহবন্দী অৱস্থাত আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি বিচাৰপীঠে আদেশত উল্লেখ কৰিছে।

সেই অনুসৰি আৰক্ষী কৰ্মীৰ উপস্থিতিত ১০ মিনিটৰ বাবে কথোপকথনৰ অনুমতি দিয়া হ’ব নৱলাখাক। ইফালে গৃহবন্দীত্বৰ সময়ত এসপ্তাহত পৰিয়ালৰ দুজন সদস্যৰ বাহিৰে কোনো ব্যক্তিক নৱলাখাৰ সৈতে মিলিত হোৱাৰ অনুমতি দিয়া নহ’ব। এই ব্যক্তি দুগৰাকীৰ নাম আবেদনকাৰীয়ে তিনি দিনৰ ভিতৰত নিয়াক আগতীয়াকৈ প্ৰদান কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd