ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ মুক্তি বুধবাৰে পুনৰবাৰ স্থগিত ৰাখিছে নিয়া আদালতে। তদন্তকাৰী সংস্থা নিয়াই বিশেষ আদালতত মানৱ অধিকাৰ কৰ্মীগৰাকীৰ নিৰাপত্তাৰ প্ৰসঙ্গত জনোৱা আৰ্জিৰ পাছত আদালতে এই আৰ্জিত সন্মতি জনায়।
উচ্চতম ন্যায়ালয়ে নৱলাখাক গৃহবন্দীত্বৰ অনুমতি প্ৰদান কৰাৰ পিছত তেওঁ বাস কৰিবলগীয়া নৱী মুম্বাইৰ বাসগৃহত সুৰক্ষাৰ দিশৰ ওপৰত নিয়াই বুধবাৰে আদালতত প্ৰশ্ন উত্থাপন কৰাৰ পিছত পুনৰবাৰ বিলম্বিত হয় তেওঁৰ মুক্তি।
উল্লেখ্য যে বুধবাৰে নৱলাখাৰ জামিনৰ বাবে প্ৰবীণ অভিনেতা সুহাসিনী মুলায় নিয়াৰ বিশেষ ন্যায়াধীশ ৰাজেশ কাটাৰিয়াৰ সন্মুখত হাজিৰ হয় আৰু আদালতে এই জামানত গ্ৰহণ কৰিছিল।
কিন্তু নৱলাখাই বাস কৰিবলগীয়া বাসগৃহ চৌহদৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত নিয়াই আপত্তি দৰ্শোৱাৰ পিছত সেই চৌহদত গৃহবন্দী কৰি ৰখাটো উচিত নহ’ব বুলি ন্যায়াধীশ ৰাজেশ কাটাৰিয়াই নিৰ্দেশত কয়।
যোৱা ১০ নৱেম্বৰত ভীমা কোৰেগাঁও গোচৰত চাৰিবছৰে কাৰাগাৰত বন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী নৱলাখাক এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ কে এম যোচেফ আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে নৱলাখাৰ চিকিৎসা প্ৰতিবেদন নাকচ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি গৃহবন্দীত্বৰ অনুমতি প্ৰদান কৰিছিল।
আদালতে স্থানীয় কৰ্তৃপক্ষক নৱলাখাক গৃহবন্দী কৰি ৰাখিবলগীয়া চৌহদৰ প্ৰয়োজনীয় পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল।
আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াই আৰক্ষী কৰ্মী মোতায়েন কৰাৰ বাবে ব্যয় হিচাপে দাবী কৰা আনুমানিক ব্যয় ২.৪ লাখ টকা জমা কৰিবলৈও বিচাৰপীঠে গৌতম নৱলাখাক নিৰ্দেশ দিছিল।
মাহজোৰা গৃহবন্দীত্বৰ কালছোৱাত গৌতম নৱলাখাই তেওঁৰ কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব বুলি বিচাৰপীঠে উল্লেখ কৰিছিল। অৱশ্যে গৃহবন্দী অৱস্থাত আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি বিচাৰপীঠে আদেশত উল্লেখ কৰিছে।
সেই অনুসৰি আৰক্ষী কৰ্মীৰ উপস্থিতিত ১০ মিনিটৰ বাবে কথোপকথনৰ অনুমতি দিয়া হ’ব নৱলাখাক। ইফালে গৃহবন্দীত্বৰ সময়ত এসপ্তাহত পৰিয়ালৰ দুজন সদস্যৰ বাহিৰে কোনো ব্যক্তিক নৱলাখাৰ সৈতে মিলিত হোৱাৰ অনুমতি দিয়া নহ’ব। এই ব্যক্তি দুগৰাকীৰ নাম আবেদনকাৰীয়ে তিনি দিনৰ ভিতৰত নিয়াক আগতীয়াকৈ প্ৰদান কৰিব লাগিব।