• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যাৰ পিছত স্বামীৰ দেহ ২২ টুকুৰাকৈ কাটি নিশাৰ অন্ধকাৰত পেলাই দিছিল চহৰৰ বিভিন্ন প্ৰান্তত!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2022 5:35 pm
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Woman kills husband and cuts the body in 22 pieces  প্ৰথমে হত্যা কৰি তাৰ পিছত দেহ টুকুৰা কৰি কটা শেহতীয়া অপৰাধবোৰত ঘটি থকা দেখা গৈছে। দিল্লীত পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ স্মৃতি এতিয়াও বহুতৰ মনৰ পৰা আঁতৰা নাই। লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি তেওঁৰ শৰীৰটো ৩৫ টুকুৰাকৈ কাটি চহৰৰ বিভিন্ন স্থানত পেলাই দিছিল তেওঁৰ প্ৰেমিক আফতাব আমিন পুনেৱালাই। আৰু ইয়াৰ মাজতে, সেই শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে দিল্লীৰ পাণ্ডৱ নগৰত।

এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মহিলাগৰাকীয়ে তেওঁৰ স্বামীক হত্যা কৰি দেহটো টুকুৰা টুকুৰ কৰি কাটি পেলাইছিল। তেওঁৰ পুত্ৰই তেওঁক এই কামত সহায় কৰিছিল। দিল্লী আৰক্ষীৰ অপৰাধ শাখাই হত্যাকাণ্ডটো পোহৰলৈ আনিছে।

লগতে পঢ়ক: ৪০০ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক! আপোনাৰ সুৰক্ষিত নে?

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, জুন মাহত দিল্লীৰ পাণ্ডৱ নগৰৰ পৰা প্ৰথমে মৃতদেহটোৰ কিছু টুকুৰা উদ্ধাৰ কৰা হৈছিল। কিন্তু যিহেতু শৰীৰৰ টুকুৰাবোৰ সম্পূৰ্ণৰূপে পচি গৈছিল, সেইবোৰ চিনাক্ত কৰাত সমস্যা হৈছিল। শ্ৰদ্ধা-হত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে অনুমান কৰিছিল যে এই শৰীৰৰ টুকুৰাটো শ্ৰদ্ধাৰ হ’ব পাৰে। কিন্তু পিছত অনুসন্ধানত প্ৰকাশ পায় যে শৰীৰৰ টুকুৰাবোৰ অঞ্জন দাস নামৰ এজন লোকৰ আছিল। তেওঁ দিল্লীৰ পাণ্ডৱ নগৰৰ বাসিন্দা আছিল। আৰক্ষীয়ে মৃতকৰ মোবাইল ফোনটোও উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত পুনম আৰু তেওঁৰ পুত্ৰ দীপকে জুন মাহত অঞ্জন দাস নামৰ লোকজনক হত্যা কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে মানুহজনৰ এক অবৈধ সম্পৰ্ক আছিল। তেওঁলোকে প্ৰথমে অঞ্জনক টোপনিৰ টেবলেট খুৱাই অজ্ঞান কৰি লৈছিল। তাৰ পিছত তেওঁক হত্যা কৰা হৈছিল। দেহটো লুকুৱাবলৈ ইয়াক টুকুৰা টুকুৰ কৰা হয়। দেহৰ অংশবোৰ প্ৰথমে ফ্ৰিজত ৰখা হৈছিল। পিছত, সুযোগ বুজি তেওঁলোকে পাণ্ডৱনগৰ আৰু ইয়াৰ চাৰিওফালৰ এলেকাবোৰত ৰাতিৰ আন্ধাৰত টুকুৰাবোৰ পেলাই দিছিল।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত কিছুমান চিচিটিভি ফুটেজ লাভ কৰিছে। য’ত দীপকক ৰাতি পলমকৈ হাতত পেকেট এটা লৈ কৰবাত খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁৰ পিছফালে তেওঁৰ মাক পুনম আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, মাক আৰু পুত্ৰই নিশা শৰীৰৰ অংশবোৰ বিভিন্ন স্থানত পেলাই দিছিল।

লগতে পঢ়ক:  ৬ টা বলত ৭ টা ছয়! ইতিহাস গঢ়িলে ৰুতুৰাজে; দুৰ্যোগ নামিল কোন বলাৰৰ?

কিন্তু কেনেকৈ ঘটনাটো আৰক্ষীৰ দৃষ্টিগোচৰ হ’ল? অঞ্চলটোত কৰ্তব্যৰত আৰক্ষী কৰ্মীসকলে পাণ্ডৱনগৰৰ কল্যাণপুৰী অঞ্চলৰ ৰামলীলা ময়দানৰ কাষৰ জোপোহাৰ পৰা দুৰ্গন্ধ পাইছিল। তেওঁলোকে লগে লগে স্থানীয় আৰক্ষী থানাক খবৰ দিছিল। বাতৰিটো পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে তাত থকা জোপোহাৰ পৰা কেইটামান পেকেট উদ্ধাৰ কৰে। তেওঁলোকে সেই পেকেটটোত মানুহৰ হাত-ভৰিৰ টুকুৰা দেখা পায়। আৰক্ষীয়ে প্ৰথমতে বিশ্বাস কৰিছিল যে টুকুৰাবোৰ শ্ৰদ্ধাৰ ঘটনাটোৰ সৈতে সম্পৰ্কিত হ’ব কিয়নো শ্ৰদ্ধা হত্যাৰ ঘটনাটো মাত্ৰ এমাহ আগতে সংঘটিত হৈছিল। কিন্তু পিছত ভুলটো ভাঙে  আৰু এটা পৃথক তদন্ত আৰম্ভ হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd