কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে কৰ্কট ৰোগৰ কেইবাবিধো ঔষধৰ দাম ২০ৰ পৰা ৭০ শতাংশলৈ হ্ৰাস পাব পাৰে। ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ (MRP) বিপৰীতে ব্যৱসায়িক মুনাফাৰ সীমা ৩০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰৰ মতে, এই ব্যৱস্থা কাৰ্যকৰী হ’লে ৰোগীসকলে বছৰি প্ৰায় ২,৫০০ কোটি টকা ৰাহি কৰিব পাৰিব। সোমবাৰে উচ্চতম ন্যায়ালয়ত এই কথা জনায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। উল্লেখ্য যে যোৱা ৮ অক্টোবৰত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (NPPA) এই প্ৰস্তাৱত অনুমোদন জনাইছে।
ঔষধ নিৰ্মাতা বা যোগানকাৰীৰ পৰা খুচুৰা বিক্ৰেতাই যি দামত কৰ্কট ৰোগৰ ঔষধ ক্ৰয় কৰে আৰু ৰোগীৰ ওচৰত যি দামত বিক্ৰী কৰে, সেই দুয়োটাৰ মাজত বহু পাৰ্থক্য দেখা যায়। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামা অনুসৰি, কিছুমান ঔষধৰ ক্ষেত্ৰত ব্যৱসায়িক মুনাফাৰ হাৰ ১৭০ৰ পৰা ৭০০ শতাংশ বা তাতকৈও অধিক। অৰ্থাৎ, কম দামত ক্ৰয় কৰা ঔষধ ৰোগীৰ ওচৰত বহু বেছি দামত বিক্ৰী কৰা হৈছে।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই সমস্যাৰ এটা উদাহৰণ দাঙি ধৰা হৈছিল। খুচুৰা বিক্ৰেতাক প্ৰায় ২,৭০০ টকাত যোগান ধৰা এটা কৰ্কট ৰোগৰ ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য আছিল প্ৰায় ২৭,০০০ টকা। ঔষধৰ ক্ৰয়মূল্য আৰু বিক্ৰীমূল্যৰ মাজত থকা এনে বৃহৎ পাৰ্থক্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আদালতে।
কোনবোৰ ঔষধৰ ক্ষেত্ৰত এই নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব, সেয়া নিৰ্ধাৰণ কৰিবলৈ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে। অহা ১০ৰ পৰা ১৫ দিনৰ ভিতৰত সমিতিখনে নিজৰ পৰামৰ্শ দাখিল কৰাৰ কথা। প্ৰয়োজন অনুসৰি পৰৱৰ্তী সময়ত এই তালিকাত নতুন ঔষধো অন্তৰ্ভুক্ত কৰা হ’ব।
কৰ্কট ৰোগৰ ঔষধৰ দাম নিয়ন্ত্ৰণৰ পদক্ষেপক আদৰণি জনাইও আন ঔষধ আৰু চিকিৎসাৰ সঁজুলিৰ ক্ষেত্ৰত একেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
আদালতত জনোৱা তথ্য অনুসৰি, প্ৰায় ৫,০০০ টকাত খুচুৰা বিক্ৰেতাক যোগান ধৰা দেশত নিৰ্মিত এটা হৃদযন্ত্ৰৰ ষ্টেণ্টৰ সৰ্বোচ্চ খুচুৰা মূল্য ২৫,০০০ টকা। আনহাতে, মাত্ৰ ১১ টকা সৰ্বোচ্চ খুচুৰা মূল্য থকা এটা ছেলাইনৰ নলী ২৭০ টকাত বিক্ৰী কৰাৰ অভিযোগো উত্থাপন হৈছে। চিকিৎসাত ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰতো এনে বৃহৎ মূল্যৰ পাৰ্থক্যই ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিছে বুলি আদালতে মত প্ৰকাশ কৰে।
সকলো ঔষধৰ ক্ষেত্ৰত একেধৰণৰ মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো ব্যৱহাৰিকভাৱে সম্ভৱ নহয় বুলি যুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ মতে, ঔষধৰ উৎপাদন, পৰিবহণ, সংৰক্ষণ আৰু দুৰ্গম অঞ্চললৈ যোগান ধৰাৰ ব্যয় সকলো ক্ষেত্ৰতে একে নহয়। বিশেষকৈ সৰু ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় আৰু ঔষধৰ নিয়মীয়া যোগান ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা আছে।
২০১৩ চনৰ ঔষধৰ মূল্য নিয়ন্ত্ৰণ সম্পৰ্কীয় নিয়ম অনুসৰি, নিৰ্দিষ্ট তালিকাত থকা ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰে চৰকাৰে। এতিয়ালৈকে ৯৩৫ বিধ ঔষধৰ বিভিন্ন প্ৰস্তুতিৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। তালিকাৰ বাহিৰত থকা ঔষধৰ দামৰ ওপৰতো নজৰ ৰাখে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে।
চিকিৎসালয়ত ব্যৱহৃত নলী, ড্ৰিপ লাইনকে ধৰি বিভিন্ন চিকিৎসা সঁজুলিৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ কথাও উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। এই ক্ষেত্ৰতো অধিক পদক্ষেপ গ্ৰহণৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। অহা ২৭ অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। কৰ্কট ৰোগৰ ঔষধৰ লগতে আন ঔষধ আৰু চিকিৎসা সঁজুলিৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, এতিয়া সেয়াই লক্ষণীয় হ’ব।





