• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ পিছত এইবাৰ যোৰহাট: ৰেগিঙৰ আতিশয্যত হোষ্টেল এৰিবলৈ বাধ্য জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাট by এন ই নাও নিউজ, গুৱাহাট
November 29, 2022 9:24 am
ragging in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘৃণনীয় ৰেগিং কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই এইবাৰ পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। এইবাৰ এই ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই দেওবাৰে বিশ্ববিদ্যালয়ৰ কেম্পাছৰ হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পৰাৰ এদিন পিছতে হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে জে বি কলেজৰ শিক্ষাৰ্থীগৰাকীয়ে।

Apply Now

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰণৱ চুতীয়া নামৰ বি.কম প্ৰথম ষান্মাসিকৰ ছাত্ৰ এগৰাকীয়ে জেষ্ঠ ছাত্ৰই তেওঁৰ ওপৰত তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি কলেজ হোষ্টেল ত্যাগ কৰে।

এই সন্দৰ্ভত ছাত্ৰগৰাকীয়ে কয়, “মহাবিদ্যালয়ৰ ছৈয়দ আব্দুল মালিক হোষ্টেলত চিনিয়ৰসকলে মোক অত্যাচাৰ কৰিছিল। জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে মোক প্ৰতিদিনে দুপৰীয়া শাস্তি দিছিল। মোক ৰাতি শুবলৈ দিয়া হোৱা নাছিল। এনে অত্যাচাৰ মোৰ বাবে সম্পূৰ্ণ অসহ্যকৰ আছিল। মই পঢ়া-শুনাত মনোনিৱেশ কৰিব পৰা নাছিলো।”

ছাত্ৰজনে লগতে কয় যে ৰেগিঙৰ পৰা ৰেহাই নোপোৱাৰ বাবেই তেওঁ হোষ্টেলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। ইফালে মহাবিদ্যালয় হোষ্টেল ত্যাগ কৰি বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে এতিয়া ছাত্ৰগৰাকীৰ প্ৰয়োজনীয় খৰচ বহন কৰাটো তেওঁৰ পৰিয়ালৰ বাবে কঠিন হৈ পৰিছে বুলি প্ৰণৱ চুতীয়া নামৰ ছাত্ৰগৰাকীয়ে দুখ প্ৰকাশ কৰিছে।

ছাত্ৰগৰাকীৰ এই অভিযোগৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰা হয় যদিও তেওঁ এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ নামত অমানুষিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগত শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম.কমৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা নামৰ এগৰাকী ছাত্ৰই হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল।

গুৰুতৰভাৱে আহত ছাত্ৰগৰাকী বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সোমবাৰে এই ঘটনাত জড়িত থকাৰ অভিযোগত ১৮ গৰাকী ছাত্ৰক নিলম্বন কৰিছে। ইফালে আৰক্ষীয়ে এই কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। আনহাতে মুখ্য অভিযুক্ত হিচাপে নাম উচ্চাৰিত হোৱা ৰাহুল ছেত্ৰী এতিয়াও পলাতক অৱস্থাত আছে।

এন ই নাও নিউজ, গুৱাহাট

এন ই নাও নিউজ, গুৱাহাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd