DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ পিছত এইবাৰ যোৰহাট: ৰেগিঙৰ আতিশয্যত হোষ্টেল এৰিবলৈ বাধ্য জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাট by এন ই নাও নিউজ, গুৱাহাট
November 29, 2022 9:24 am
ragging in Assam
115
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘৃণনীয় ৰেগিং কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই এইবাৰ পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। এইবাৰ এই ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই দেওবাৰে বিশ্ববিদ্যালয়ৰ কেম্পাছৰ হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পৰাৰ এদিন পিছতে হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে জে বি কলেজৰ শিক্ষাৰ্থীগৰাকীয়ে।

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰণৱ চুতীয়া নামৰ বি.কম প্ৰথম ষান্মাসিকৰ ছাত্ৰ এগৰাকীয়ে জেষ্ঠ ছাত্ৰই তেওঁৰ ওপৰত তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি কলেজ হোষ্টেল ত্যাগ কৰে।

এই সন্দৰ্ভত ছাত্ৰগৰাকীয়ে কয়, “মহাবিদ্যালয়ৰ ছৈয়দ আব্দুল মালিক হোষ্টেলত চিনিয়ৰসকলে মোক অত্যাচাৰ কৰিছিল। জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে মোক প্ৰতিদিনে দুপৰীয়া শাস্তি দিছিল। মোক ৰাতি শুবলৈ দিয়া হোৱা নাছিল। এনে অত্যাচাৰ মোৰ বাবে সম্পূৰ্ণ অসহ্যকৰ আছিল। মই পঢ়া-শুনাত মনোনিৱেশ কৰিব পৰা নাছিলো।”

ছাত্ৰজনে লগতে কয় যে ৰেগিঙৰ পৰা ৰেহাই নোপোৱাৰ বাবেই তেওঁ হোষ্টেলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। ইফালে মহাবিদ্যালয় হোষ্টেল ত্যাগ কৰি বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে এতিয়া ছাত্ৰগৰাকীৰ প্ৰয়োজনীয় খৰচ বহন কৰাটো তেওঁৰ পৰিয়ালৰ বাবে কঠিন হৈ পৰিছে বুলি প্ৰণৱ চুতীয়া নামৰ ছাত্ৰগৰাকীয়ে দুখ প্ৰকাশ কৰিছে।

ছাত্ৰগৰাকীৰ এই অভিযোগৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰা হয় যদিও তেওঁ এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ নামত অমানুষিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগত শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম.কমৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা নামৰ এগৰাকী ছাত্ৰই হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল।

গুৰুতৰভাৱে আহত ছাত্ৰগৰাকী বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সোমবাৰে এই ঘটনাত জড়িত থকাৰ অভিযোগত ১৮ গৰাকী ছাত্ৰক নিলম্বন কৰিছে। ইফালে আৰক্ষীয়ে এই কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। আনহাতে মুখ্য অভিযুক্ত হিচাপে নাম উচ্চাৰিত হোৱা ৰাহুল ছেত্ৰী এতিয়াও পলাতক অৱস্থাত আছে।

Recent News

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd