• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2022 8:26 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপত এছিয়াৰ যুঁজ অব্যাহত আছে। জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন। যদিও উৰুগুৱেৰ সৈতে পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান, গ্ৰুপ পৰ্যায়ত অধিক গ’ল কৰাৰ বাবে এছিয়ান দলটোৱে গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে। ফলস্বৰূপে দক্ষিণ কোৰিয়া অন্তিম ষোল্লত উপনীত হোৱা তৃতীয় এছিয়ান দল হিচাপে পৰিগণিত হয়।

নকআউটত উপনীত হ’বলৈ পৰ্তুগালৰ বিৰুদ্ধে জিকাটো জৰুৰী আছিল। কেৱল সেয়াই নহয়, দিনটোৰ আনখন খেলত উৰুগুৱেই অধিক গ’লত জিকিলেও অংক নিমিলে। এই দুটা সমীকৰণৰ কথা মনত ৰাখি ছন হিউং মিনৰ দল খেলপথাৰত নামিছিল। সৌভাগ্যক্ৰমে দিনটোৰ দুখন খেলৰ ফলাফল দক্ষিণ কোৰিয়াৰ পক্ষত গ’ল।

Apply Now

দক্ষিণ কোৰিয়াই তেওঁলোকৰ খেলখনত পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত ঘানা ২-০ গ’লত পৰাজিত হয় যদিও উৰুগুৱেই গ’ল পাৰ্থক্যত দক্ষিণ কোৰিয়াক অতিক্ৰম কৰিব নোৱাৰিলে। ফলত পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান হ’লেও অধিক গ’ল কৰাৰ বাবে এছিয়াৰ দলটো পৰৱৰ্তী ৰাউণ্ডলৈ গৈছে।

শুকুৰবাৰে নিশা খেলখনৰ আৰম্ভণিতে দক্ষিণ কোৰিয়া উজুটি খায়। খেলখনৰ পাঁচ মিনিটৰ ভিতৰতে ৰোনাল্ডোৰ পৰ্তুগালে হৰ্টাৰ গ’লৰ জৰিয়তে আগবাঢ়ি যায়। পৰ্তুগালে প্ৰথমাৰ্ধত কেইবাটাও সুযোগ লাভ কৰিছিল যদিও তেওঁলোকে সেইবোৰৰ ব্যৱহাৰ কৰিব নোৱাৰিলে। খেলখনৰ ২৭ মিনিটত কিম য়ং-গোৱানে খেলৰ গতিৰ বিপৰীতে গ’ল পৰিশোধ কৰি কোৰিয়াক আশাৰ পোহৰ দেখুৱায়।

খেলখনৰ দ্বিতীয়াৰ্ধত কোৰিয়াই অধিক আক্ৰমণাত্মক খেলিছিল। অৱশ্যে তেওঁলোকে ৯০ মিনিটলৈকে তেওঁলোকৰ কোনো প্ৰচেষ্টাত কাৰ্যকৰী কৰিব পৰা নাছিল। তেওঁলোকে ইনজুৰি টাইমত আকাংক্ষিত লক্ষ্যটো লাভ কৰে। চুপাৰ চাব হং হি চানে অনবদ্য গ’ল কৰি কোৰিয়াক নকআউট পৰ্যায়লৈ লৈ যায়।

ইপিনে, আনখন বৰ্তি থকাৰ যুঁজৰ খেলত আৰম্ভণিৰ পৰাই উৰুগুৱেই আক্ৰমণাত্মক মেজাজত খেলিবলৈ আৰম্ভ কৰে। আৰম্ভণিৰ পৰাই দুবাৰৰ চেম্পিয়ন দলটোৱে এটাৰ পিছত এটাকৈ আক্ৰমণ অব্যাহত ৰাখে। যাৰ ফলাফল খেলখনৰ ২৬ মিনিটত পোৱা যয়। যুৱ খেলুৱৈ আৰাস্কায়াতাৰ গ’লৰ জৰিয়তে আগবাঢ়ি গৈছিল উৰুগুৱে। ছয় মিনিটৰ পিছত আৰাস্কায়েতাই পুনৰ গ’ল কৰে। উৰুগুৱেই একাধিক গ’ল কৰাৰ সুযোগ লাভ কৰে যদিও তেওঁলোকে সেই সুযোগৰ সুবিধা ল’ব নোৱাৰিলে। ফলস্বৰূপে, খেলখন ২-০ ত সমাপ্ত হয়। কিন্তু এই জয়ে তেওঁলোকৰ বাবে কোনো আশাৰ বতৰা নানিলে। কিয়নো আনখন মেচত বিজয়েৰে দক্ষিণ কোৰিয়া ইতিমধ্যে নকআউটত উপনীত হয়।

এই দুখন খেলৰ ফলাফলৰ পৰা পৰ্তুগাল গ্ৰুপৰ শীৰ্ষৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ গ’ল। আনহাতে, দক্ষিণ কোৰিয়াই দ্বিতীয় দল হিচাপে গ্ৰুপৰ পৰা অন্তিম ষোল্লত উপনীত হৈছে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াই সম্ভৱতঃ ব্ৰাজিলৰ বিৰুদ্ধে খেলিব লাগিব আৰু পৰ্তুগালে ব্ৰাজিলৰ গ্ৰুপত দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে খেলিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd