দিল্লীত প্ৰতিবাদৰ ওপৰত প্ৰশাসনৰ কঠোৰ স্থিতি। কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ‘লহৰা দো তিৰংগা’ শীৰ্ষক সমদল উলিওৱাৰ কেইমিনিটমান পূৰ্বেই শুকুৰবাৰে নিজা বাসগৃহৰ পৰা আটক কৰা হ’ল ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক। একেদিনাই যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক কৰা হয় ২৯ বছৰীয়া ছাত্ৰ নেত্ৰী নেহা বৰাক। ককৰোচ যুৱ আন্দোলনৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে সমদল উলিওৱাৰ চেষ্টা চলোৱাৰ মাজতে প্ৰশাসনে কেইবাগৰাকীও প্ৰতিবাদকাৰী আৰু কৰ্মীক আটক কৰিছে।
এটা সপ্তাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে আটক কৰা হ’ল দীপকেক। ইয়াৰ পূৰ্বে বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত ভোটাৰ তালিকাত হেৰফেৰ কৰাৰ অভিযোগক লৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মুম্বাইৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পাছতেই তেওঁক আটক কৰা হৈছিল।
১৩ অক্টোবৰত ৰাষ্ট্ৰীয় পতাকা লৈ যন্তৰ-মন্তৰত প্ৰৱেশ কৰাৰ অভিযোগত ককৰোচ জনতা পাৰ্টিৰ সদস্য সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰি পাঁচ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ এদিন পূৰ্বে যন্তৰ-মন্তৰক প্ৰতিবাদস্থল হিচাপে দিয়া স্বীকৃতি প্ৰত্যাহাৰ কৰা হৈছিল। এই ঘটনাৰ পাছতেই আটক হোৱা দলৰ সদস্য দুজনৰ মুক্তিৰ দাবী আৰু প্ৰতিবাদৰ অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে ‘লহৰা দো তিৰংগা’ সমদল উলিওৱাৰ সিদ্ধান্ত লৈছিল দীপকে।
আটক কৰাৰ সময়ত আৰক্ষীয়ে দীপকেক স্পষ্টকৈ জনাই দিয়ে, “আপুনি নতুন দিল্লীলৈ যাব নোৱাৰে। আমি আপোনাক আটক কৰিছোঁ।” ইয়াৰ উত্তৰত দীপকে প্ৰশ্ন কৰে, “নতুন দিল্লীলৈ যাব নোৱাৰোঁ, আন ঠাইলৈতো যাব পাৰোঁ। মইনো কোনটো আইন ভংগ কৰিছোঁ?”
দীপকেক আটক কৰাৰ পূৰ্বে দিল্লী আৰক্ষী তেওঁৰ বাসগৃহত উপস্থিত হৈ সমদল উলিওৱাৰ বিৰুদ্ধে এখন জাননীও প্ৰদান কৰে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা জাননীখনত কোৱা হয় যে দিল্লীৰ অন্যতম ব্যস্ত বাণিজ্যিক অঞ্চল কনট প্লেচৰ চাৰিওফালে নিষেধাজ্ঞা বলৱৎ হৈ আছে। নতুন দিল্লী পৌৰ পৰিষদে প্ৰস্তাৱিত তিৰংগা যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা নাই। এনে পৰিস্থিতিত ককৰোচ জনতা পাৰ্টিয়ে সমদল উলিয়ালে সেয়া আইন উলংঘা হিচাপে গণ্য কৰা হ’ব বুলিও জাননীত সকীয়াই দিয়া হয়।
গান্ধীৰ ছবি থকা বগা টি-ছাৰ্ট আৰু জিনছ পিন্ধি থকা ৩১ বছৰীয়া দীপকেক আৰক্ষীয়ে লগতে জনায় যে ৰাষ্ট্ৰীয় পতাকা উৰুৱা বা প্ৰদৰ্শন কৰাটো নিজে কোনো অপৰাধ নহয়। কিন্তু অনুমতি অবিহনে সমদল উলিওৱা আৰু জনসমাগম ঘটোৱাটোৱে বলৱৎ থকা নিষেধাজ্ঞা ভংগ কৰিব পাৰে। এনে কৰিলে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়া হয়। ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন আৰু পতাকা বিধিৰ নিয়ম মানি চলাৰ বিষয়েও তেওঁক সোঁৱৰাই দিয়া হয়।
দীপকৰ বাসগৃহত আৰক্ষীৰ সৈতে হোৱা কথোপকথনৰ এটা ভিডিঅ’ত তেওঁক আৰক্ষীৰ বিষয়াৰ সন্মুখত বহি প্ৰশ্ন কৰা দেখা গৈছে, “আপোনালোকে মোৰ বিৰুদ্ধে কেনে ধৰণৰ অভিযোগ আনিছে?” কান্ধত এখন সৰু ৰাষ্ট্ৰীয় পতাকা লৈ কণীৰ কুহুমৰ দৰে হালধীয়া ৰঙৰ ছোফাত বহি থকা দীপকৰ সন্মুখৰ কাঁচৰ মেজখনত কেইবাখনো কাগজ দেখা গৈছে। কাগজসমূহ পৰীক্ষা কৰি তাৰ কিছু অংশ পঢ়ি শুনোৱাৰ লগতে আৰক্ষীৰ সৈতে তেওঁক তৰ্কত লিপ্ত হোৱা দেখা গৈছে।





