Woman died while training in the gym এগৰাকী ২৮ বছৰ বয়সীয়া যুৱতী বেটছী ডায়েনা জাৰামিলো ৰামিৰেজ। তেওঁ জিমলৈ গৈছিল আৰু তাত ব্যায়াম কৰি আছিল। সেই সময়তে তেওঁ হঠাতে মাটিত ঢলি পৰিল। কিন্তু তেওঁ আৰু পুনৰ থিয় হ’ব নোৱাৰিলে। ঘটনাস্থলীতে ডায়েনাৰ মৃত্যু ঘটে। ঘটনাটো ২৯ নৱেম্বৰত ইকুৱেডৰৰ ‘জোনা মাস্কুলাৰ’ জিমত সংঘটিত হৈছিল।
জিমৰ চিচিটিভি ফুটেজত যুৱতীগৰাকীক এটা গধুৰ লোহাৰ বাৰ লৈ উঠা বহা কৰি থকা দেখা গৈছিল। প্ৰশিক্ষকৰ নিৰ্দেশনা শুনি তেওঁ সেই ওজনটো দাঙি লৈ উঠা বহা কৰিছিল।
কেইছেকেণ্ডমানৰ পিছত তেওঁক হাতত গধুৰ লোহাৰ বাৰ লৈ মাটিত পৰি যোৱা দেখা গৈছিল। আশেপাশে থকা সকলোৱে দৌৰি আহিছিল আৰু তেওঁক তুলিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, ভিডিঅ’টোৰ সত্য সত্যতা তাৎক্ষণিকভাৱে নিৰপেক্ষভাৱে পৰীক্ষা কৰিব পৰা নগ’ল।
🇪🇨 Una mujer de 28 años de edad, identificada como Betsy Dayana Jaramillo Ramírez, sufrió una muerte súbita mientras se encontraba realizando ejercicio en un gimnasio en #SantaRosa, #Ecuador. pic.twitter.com/9lSQFGMl1k
— 𝗧𝗵𝗲 𝗠e𝘅𝗶𝗰𝗼 𝗣𝗼𝘀𝘁 (@MexicoPost) December 7, 2022
মেক্সিকান পোষ্টৰ মতে, মহিলাগৰাকীক এম্বুলেন্সত চিকিৎসালয়লৈ নিয়াৰ পিছত তাতা উপস্থিত চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসকসকলে অনুমান কৰে যে ডায়েনা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।