• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য এক ভাৰত শ্ৰেষ্ঠ ভাৰত! দেশৰ বিভিন্ন চহৰত ভাৰতীয় ভাষা দিৱস উদযাপন নেচনেল বুক ট্ৰাষ্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2022 2:43 pm
NBT bhartiya bhasha diwas
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই ১১ ডিচেম্বৰত নতুন দিল্লীত ইয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে সমগ্ৰ দেশৰ সকলো আঞ্চলিক কাৰ্যালয়, গ্ৰন্থ প্ৰচাৰ কেন্দ্ৰ আৰু গ্ৰন্থ বিপনী সমূহত ভাৰতীয় ভাষা দিৱস উদযাপন কৰে।

কাশী তামিল সঙ্গমত “শ্বেয়াৰড্ ন’লেজ– শ্বেয়াৰড্ ট্ৰেডিশ্যনছ” শীৰ্ষক বিষয়ৰ ওপৰত এক ভাষণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় য’ত হিন্দী আৰু তামিল ভাষাত বহুতো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ উৎসাহজনক অংশগ্ৰহণ দেখা গৈছিল। শিক্ষাৰ্থীসকলে দেশৰ সকলো প্ৰান্তকে এক সত্তা হিচাপে গ্ৰথিত কৰি সাহিত্য আৰু সংস্কৃতিৰ উমৈহতীয়া সূত্ৰৰ বিষয়ে কয় তথা এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণা সংজ্ঞায়িত কৰে।

এনবিটি-ইণ্ডিয়াৰ সঞ্চালক যুৱৰাজ মালিকে দিল্লীৰ এনবিটি-ইণ্ডিয়া মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰা যুৱ শিক্ষাৰ্থীসকলক সম্বোধন কৰি ভাৰতীয় ভাষা দিৱস আৰু সুব্ৰমনিয়া ভাৰতীৰ ১৪০ তম জন্ম জয়ন্তীৰ বিষয়ে বিতংভাৱে কয়। তেওঁ দেশৰ উন্নয়নৰ বাবে সহায়ক হিচাপে একাধিক ভাষা জনা, একতা গঢ়ি তোলা আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ লক্ষ্য উপলব্ধি কৰাৰ গুৰুত্বৰ কথা উনুকিয়ায়।

Apply Now

তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ মাতৃভাষাৰ ওপৰত গৌৰৱ কৰিবলৈ আৰু দেশবাসীৰ সৈতে ভালদৰে যোগাযোগ কৰিবলৈ আন ভাৰতীয় ভাষা শিকিবলৈ উৎসাহিত কৰে।

সকলো ভাৰতীয় ভাষাৰ  উদযাপন আৰু এটাতকৈ অধিক ভাষা জনাত গুৰুত্ব আৰোপ কৰি মুম্বাই, কলকাতা আৰু বেংগালুৰুত অৱস্থিত এনবিটি-ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ লগতে চেন্নাই, লক্ষ্ণৌ, গুৱাহাটী, ইম্ফল, আগৰতলা, কটক, ডেৰাডুন, পাটনা, ভূপাল, হায়দৰাবাদ, চেন্নাই, আৰু কোচিৰ সকলো গ্ৰন্থ প্ৰচাৰ কেন্দ্ৰ আৰু গ্ৰন্থ বিপনীত একেসময়তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। শিশুসকলে তেওঁলোকৰ মাতৃভাষা আৰু চৰকাৰী ৰাজ্যিক ভাষাত কিতাপ পঢ়ে, আৰু কাহিনী কোৱা আৰু কাহিনী লিখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

সংগঠিত কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন অঞ্চলত কথিত ভাষা, জনজাতীয় ভাষাৰ প্ৰকৃতি আৰু গাঁথনিৰ বিষয়ে, ভাৰতৰ প্ৰতিটো মুখ্য ভাষাত সচৰাচৰ কথিত বাক্যাংশ আৰু বাক্য ক’বলৈ, আৰু লগতে এই ভাষাবোৰৰ সমৃদ্ধ সাহিত্যৰ বিষয়ে শিকিছিল।

এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত বিভিন্ন ৰাজ্যৰ লোকসকলৰ মাজত পাৰস্পৰিক বুজাবুজি, ভাৱ বিনিময় বৃদ্ধি কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ এনবিটি-ইণ্ডিয়াৰ সকলো কেন্দ্ৰই ইটোৱে সিটোৰ সৈতে সংযোজিত হৈছিল। শিক্ষাৰ্থীসকলে ভিডিঅ’ কলৰ জৰিয়তে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু তেওঁলোকৰ নিজ নিজ ভাষাত ইজনে সিজনক শব্দবোৰ শিকাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd