• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত জোড়ো যাত্ৰাত আন এক মুখ: ৰাহুল গান্ধীক সংগ দিলে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 10:06 am
Raghuram Rajan Bharat Jodo Yatra
208
VIEWS
Share on FacebookShare on Twitter

দেশত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অপশাসন চলোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে।

কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচীয়ে ব্যাপক জনসমৰ্থন লাভ কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ৮ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা দলটোৰ এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰীসকলে বৰ্তমান ৰাজস্থানৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে।

আজি পুৱা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখিবলৈ পোৱা যায় এগৰাকী বিশেষ ব্যক্তিক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আজি ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে।

সামাজিক মাধ্যমত প্ৰকাশিত এক ভিডিঅ’ত ৰাজস্থানৰ ছাৱাই মধোপুৰৰ পৰা আজি কংগ্ৰেছৰ পদযাত্ৰা পুনৰ আৰম্ভ হোৱাৰ সময়তে ৰঘূৰাম ৰাজন আৰু ৰাহুল গান্ধীয়ে বাৰ্তালাপ কৰি পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ কাৰ্যকাল সমাপ্তিৰ পাছত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত আহিছে ৰাজনে।

বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে বিশেষকৈ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিষয়ত যথেষ্ট সৰৱ হৈ আহিছে। গতিকে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ৰঘূৰাম ৰাজনৰ অংশগ্ৰহণ লক্ষণীয় হৈ পৰিছে।

 

#WATCH | Former RBI Governor Raghuram Rajan briefly joins the Congress party’s Bharat Jodo Yatra. The Yatra resumed this morning from Bhadoti of Sawai Madhopur in Rajasthan. pic.twitter.com/KAQSonrfxE

— ANI (@ANI) December 14, 2022

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাত বিগত সময়চোৱাত ৰাজনৰ উপৰি আন বহুকেইগৰাকী বিশিষ্ট লোকেও অংশগ্ৰহণ কৰিছে। সমাজ কৰ্মী মেধা পাটকাৰ, যোগেন্দ্ৰ যাদৱ, মহাত্মা গান্ধীৰ আজো-নাতি লেখক তথা সমাজ কৰ্মী তুষাৰ গান্ধী, অভিনেত্ৰী স্বাৰা ভাস্কৰ, বক্সাৰ বিজেন্দৰ সিঙৰ লগতে আন বহুকেইগৰাকী ব্যক্তিয়ে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে।

তদুপৰি দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হৈ ২০১৭ চনত আত্মহত্যাৰ পথ বাচি লোৱা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃ, ২০১৭ চনতে আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা সাংবাদিক গৌৰী লংকেশৰ মাতৃ-ভগ্নীয়েও ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd