• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰেংগী সেনা চাউনীলৈ আমচাঙৰ মাটি! ইক’-ছেনছিটিভ জ’নত চলি থকা ধ্বংসলীলাৰ আঁৰত কোন?

গুৱাহাটীৰ সমীপৱৰ্তী আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলৰ ভিতৰত বিগত কেইবা সপ্তাহ ধৰি ব্যাপক হাৰত পাহাৰ খনন আৰু হাতীৰ জলপানৰ স্থান পুতি পেলোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 10:54 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্ছেদৰ নামত দুখীয়া-দৰিদ্ৰ জনতাৰ ঘৰত নিৰ্মমভাৱে বুলড’জাৰ চলাই বীৰত্ব প্ৰদৰ্শন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে গুৱাহাটীৰ সমীপৱৰ্তী আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলত অবৈধভাৱে পাহাৰ খনন আৰু হাতীৰ কৰিডৰ ধ্বংসৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী পৃষ্ঠপোষকতাত চলা এই অবাধ লুণ্ঠনৰ ফলত এতিয়া আমচং অভয়াৰণ্যৰ নিচেই কাষতে থকা ‘ইক’-ছেনছিটিভ জ’ন’ত সপ্তাহৰ পাছত সপ্তাহ ধৰি বিশাল এক্সকেভেটৰ লগাই পাহাৰ কটাৰ লগতে বন্যহস্তীয়ে পানী খোৱা জলাশয় পুতি পেলোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। খোদ বন বিভাগৰ নথিপত্ৰই ‘সক্ৰিয় হাতীৰ কৰিডৰ’ হিচাপে চিহ্নিত আমচিং-যোৰাবাট অঞ্চলত ডাম্পাৰে ডাম্পাৰে মাটি কাটি নিয়াৰ পাছতো চকুমুদা কুলিৰ ভাও ধৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বন বিভাগে। আনকি হাতীয়ে পানী খোৱা জলাশয়টো মাটিৰে পুতি তাত অবৈধভাৱে আন্তঃগাঁথনি, আৱাস গৃহ নিৰ্মাণ কৰি হাতীৰ চলাচলৰ পথ বন্ধ কৰি দিয়াৰ পাছতো চৰকাৰ এনে উদাসীনতাক কেন্দ্ৰ কৰি বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকা আৰু কাৰ্যক্ষমতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

 

Apply Now

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, বিগত কেইবা সপ্তাহ ধৰি এই অঞ্চলত এক্সকেভেটৰ লগাই পাহাৰ কটা হৈছে আৰু সেই মাটি ডাম্পাৰযোগে নৰেংগী সেনা চাউনীৰ ভিতৰৰ এটা জলাশয় পুতিবলৈ সৰবৰাহ কৰা হৈছে। যোৱা ২৮ অক্টোবৰলৈকে এই খনন কাৰ্য অব্যাহত আছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, এই খনন কাৰ্যক বৈধতা প্ৰদান কৰিবলৈ চৰকাৰী নথিপত্ৰত মাটিখিনি মেঘালয়ৰ পৰা অনা বুলি ভুৱা তথ্য সন্নিৱিষ্ট কৰা হৈছে। ইফালে, যোৱা ২৫ অক্টোবৰত উক্ত স্থানত হাতীৰ খোজ আৰু গোবৰ প্ৰত্যক্ষ কৰাৰ লগতে এটা আঘাতপ্ৰাপ্ত বন্যহস্তীও দেখা পোৱা গৈছিল, যিয়ে অঞ্চলটো সক্ৰিয় হাতীৰ কৰিডৰ হোৱাৰ প্ৰমাণ দিয়ে।

 

নৰ্থইষ্ট নাওৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকাই প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি পৰিৱেশ কৰ্মী ৰাকেশ হাজৰিকাই যোৱা ২৫ অক্টোবৰত এই কাৰ্য প্ৰত্যক্ষ কৰি অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন বিনয় গুপ্তা আৰু গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ’ অলেখ ছাক্সেনাক ই-মেইল আৰু দূৰভাষযোগে সমগ্ৰ বিষয়টো অৱগত কৰে। কিন্তু অভিযোগ অনুসৰি, জৰুৰী হস্তক্ষেপৰ পৰিৱৰ্তে বন বিভাগৰ বিষয়াৰ মাজত অধিকাৰক্ষেত্ৰক লৈ মতানৈক্যহে দেখা যায়। খানাপাৰা বন্যপ্ৰাণী ৰেঞ্জৰ বিষয়া ধ্ৰুৱজ্যোতি দাসে স্থানটো তেওঁৰ অধীনত নপৰে বুলি দাবী কৰি গুৱাহাটী টেৰিটৰিয়েল ৰেঞ্জলৈ দায়িত্ব ঠেলি দিয়ে। আনকি সেই নিশা জৰুৰীকালীন বন্যপ্ৰাণী নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰটোও (০৩৬১-২৩৩৩২৫৩) অচল হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে।

 

পৰৱৰ্তী সময়ত ২৬ অক্টোবৰৰ পুৱা বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰে যে সংবেদনশীল অঞ্চলটোত খননৰ বাবে কোনো অনুমতি বা আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰা হোৱা নাছিল। তাৎপৰ্যপূৰ্ণভাৱে, যোৱা আগষ্ট মাহতেই বন বিভাগে উক্ত স্থানত নিৰ্দেশনা উলংঘা কৰাক লৈ এজন ব্যক্তিক জাননী জাৰি কৰিছিল। বিভাগটোৰ পূৰ্বৰ অৱগতি থকাৰ পাছতো কেনেকৈ বৃহৎ পৰিমাণৰ পাহাৰ খনন আৰু নিৰ্মাণ কাৰ্য চলি থাকিল, তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত খনন কাৰ্য বন্ধ হৈছে যদিও হাতীৰ চলাচলৰ পথত নিৰ্মাণ কৰা আন্তঃগাঁথনি উচ্ছেদ আৰু পুতি পেলোৱা জলাশয়টোৰ পুনৰুদ্ধাৰ সন্দৰ্ভত বন বিভাগে এতিয়ালৈকে কোনো স্পষ্ট কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

November 3, 2026 10:56 am
নৰেংগী সেনা চাউনীলৈ আমচাঙৰ মাটি! ইক’-ছেনছিটিভ জ’নত চলি থকা ধ্বংসলীলাৰ আঁৰত কোন?

নৰেংগী সেনা চাউনীলৈ আমচাঙৰ মাটি! ইক’-ছেনছিটিভ জ’নত চলি থকা ধ্বংসলীলাৰ আঁৰত কোন?

November 3, 2026 10:54 am
আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে গ্লেন মেক্সৱেলে; অন্ত পৰিল ডেৰ দশকজোৰা বৰ্ণময় অধ্যায়ৰ

আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে গ্লেন মেক্সৱেলে; অন্ত পৰিল ডেৰ দশকজোৰা বৰ্ণময় অধ্যায়ৰ

November 3, 2026 9:57 am
পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্কৰ সন্দেহ! অসমত ৬ জনক গ্ৰেপ্তাৰ, তদন্ত চলাইছে এছটিএফে

পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্কৰ সন্দেহ! অসমত ৬ জনক গ্ৰেপ্তাৰ, তদন্ত চলাইছে এছটিএফে

November 3, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

November 3, 2026 10:56 am
নৰেংগী সেনা চাউনীলৈ আমচাঙৰ মাটি! ইক’-ছেনছিটিভ জ’নত চলি থকা ধ্বংসলীলাৰ আঁৰত কোন?

নৰেংগী সেনা চাউনীলৈ আমচাঙৰ মাটি! ইক’-ছেনছিটিভ জ’নত চলি থকা ধ্বংসলীলাৰ আঁৰত কোন?

November 3, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd