• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি: মানুহ আৰু মানুহৰ মনস্তত্ত্ব বিষয়ক অতি সূক্ষ্ম দৃষ্টিভংগীৰ সংবেদনশীল ছবি

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 17, 2022 2:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি (The Horse from Heaven)- নামটি দেখি নিশ্চয়কৈ প্ৰায় সকলোৱেই জানিব পাৰিছে যে, এইবাৰ অৰ্থাৎ অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৯৫সংখ্যক অস্কাৰ বঁ‌টা প্ৰতিযোগিতালৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা অসমৰ প্ৰথমখন চুটি ছবিৰ বিষয়েই আজিৰ এই লিখা। বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অস্কাৰলৈ নিৰ্বাচিত হোৱাৰ উপৰিও এই চুটি ছবিখনে VGIK চলচ্চিত্ৰ মহোৎসৱ, মস্কো(ৰাছিয়া)ত শ্ৰেষ্ঠ চুটি ছবিৰ বঁ‌টা, দা হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আলোক শিল্পকাৰ(অৰ্ণৱ লাহা)ৰ বঁ‌টা লাভ কৰাৰ লগতে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে আদি কৰি অন্যান্য মহোৎসৱত প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল।

১৫মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা-মহৰ্ষি তুহিন কাশ্যপৰ। পৰিচালকে ছবিখনক কল্পনাপ্ৰসূত, হাস্যৰসধৰ্মী ছবিৰ ধাৰাৰ ছবি বুলিছে যদিও মই এইখন মানুহ আৰু মানুহৰ মনস্তত্ত্ব বিষয়ক অতি সূক্ষ্ম দৃষ্টিভংগীৰে নিৰ্মিত এখন সংবেদনশীল ছবি বুলিবলৈহে পচন্দ কৰিম।

Apply Now

ছবিখনৰ কাহিনীভাগ, মুখ্য চৰিত্ৰ-কুশল (অতুল পাচনি) আৰু হঠাতে কুশলৰ একাকী জীৱন আৰু মনোজগতৰ এক অভিন্ন সংগী হৈ পৰা “গতি” নামৰ ঘোঁ‌ৰাটিৰ লগত কুশলৰ সংযোগক লৈয়েই। ছবিৰ আৰম্ভণি ঘটে ওজাপালিৰ সৈতে,”গতি” ৰ পিঠিত উঠি আগুৱাই থকা কুশলৰ স্ব-কাহিনী কথনেৰে। এনিশা ওজাপালি গাই উভতা কুশলে এখন হাবিয়নিত কিছুপৰ জিৰাই,কাষত হাত-লেমটি ৰাখি খুঁ‌টিতালযোৰ বজাই বজাই বহি থকা অৱস্থাতে কুশলে এটি শব্দ শুনিবলৈ পায়।

এন্ধাৰ নিশা,হাবিৰ ডাঠ কুঁ‌ৱলীৰ মাজত কুশলে শুভ্ৰ,সুন্দৰ “গতি”ক দেখাৰ লগে লগে নেপথ্যত আনন্দবিধুৰ ছন্দত ওজাপালি ধ্বনিত হোৱাৰ সমান্তৰালকৈ “গতি”ৰ দেহত ওপৰৰ পৰা হেলনীয়াকৈ পৰা মায়াময়, উদ্ভাসিত দ্যুতিৰ ব্যৱহাৰে-প্ৰতিকীৰূপত এক ধনাত্মক দিশকে প্ৰদৰ্শন কৰিছে।

কুশলে ঘোঁ‌ৰাটিক “গতি” নাম দিয়ে, ইন্দ্ৰৰ ঘোঁ‌ৰা বুলি ভাবি আহ্লাদিত হয়। আনৰ আগত “গতি” আৰু নিজৰ সংযোগৰ কাহিনী সগৌৰৱে বিৱৰে। সমান্তৰালকৈ, কুশলৰ একাকীত্বই আনি দিয়া অসহায়বোধৰ তীব্ৰ যন্ত্ৰণা,চৌপাশৰ মানুহক লৈ কুশলৰ মনত পুঞ্জীভূত ক্ষোভ সকলো প্ৰকাশ পায়,আৰু এইখিনিৰ মাধ্যমেৰেই দৰ্শকক কুশলৰ চৰিত্ৰটিৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হৈছে পৰিচালক। অৰ্থাৎ,ছবিখনৰ মূল বিষয়বস্তু বা  যি উপজীব্য-তাক এনেদৰে প্ৰতিষ্ঠা কৰিছে যে, ছবিৰ পৰৱৰ্তী পৰ্যায়খিনি চাবৰ বাবে দৰ্শক অৱধাৰিতভাৱে আগ্ৰহী হৈ পৰিব।

চুটি ছবি এখনত ইমান কম সময়ৰ ব্যাসত এইখিনি সম্ভৱ কৰি তোলাতেই সাফল্য। মানুহৰ ভিৰৰ মাজতো,কিমান অসহায় হৈ এজন মানুহে নিজৰ মানসিক নিৰাপত্তাৰ উম বিচাৰি পায়, এটি ঘোঁ‌ৰাৰ মাজত! আচলতে এই “গতি” নামটিও প্ৰতীকীয়েই। জীৱন যাত্ৰাত গতি (ভিন্ন প্ৰকাৰৰ)অৱধাৰিত। পিছে ইয়াত সেই মানসিক গতিৰ কথাকহে প্ৰতিফলিত কৰা হৈছে, যি গতিয়ে এজন মানুহক মানসিকভাৱে জীয়াই ৰখাৰ গতি দিয়ে। অতি স্পৰ্শকাতৰ এই কথাখিনিকেই নাটকীয়তাহীনভাৱে ছবিখনত তুলি ধৰা হৈছে।

মনস্তাত্ত্বিক দিশৰ পৰা চাবলৈ গ’লে-কুশল এজন স্কিজ’ফ্ৰেনিয়াৰ ৰোগী, যিয়ে আপোনত্বৰ উম বিচাৰি এটা গাধকেই স্বৰ্গীয় দ্যুতিময় ঘোঁ‌ৰা বুলি(ভ্ৰম) আত্মীয়তাৰে আঁ‌কোৱালি লয়। ছবিখনত পৰিস্থিতি সাপেক্ষে অৰ্থৱহৰূপত হাস্যৰসৰো ব্যৱহাৰ কৰা হৈছে, পিছে কুশলৰ চৰিত্ৰটিৰ সৈতে একাত্মতা অনুভৱ কৰাৰ পিছত সেই হাস্যৰসতো বিষাদবিধুৰতাৰ অনুভৱ হ’ব। আৱহ-সংগীতৰ ক্ষেত্ৰত ওজাপালিৰ প্ৰয়োগেই কৰা হৈছে আৰু এই প্ৰয়োগ সম্পূৰ্ণ পৰিস্থিতি সাপেক্ষ। এক কথাত ক’বলৈ গ’লে ওজাপালিৰ ছন্দতেই ছবিখনৰ গতি।

অভিনয়ৰ ক্ষেত্ৰত মূখ্য ভূমিকাত অভিনয় কৰা অতুল পাচনিৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব। আমি সদায় দেখি অহা হাস্যৰসৰ খোৰাক যোগোৱা অতুল পাচনিজনক এক সম্পূৰ্ণ ভিন্ন ৰূপত দেখিবলৈ পোৱা গ’ল। চাবলৈ গ’লে তেওঁ‌ৰ অভিনয়ৰ বহুমুখী দিশটিক এক বিশেষ ভূমিকাতেই আবদ্ধ কৰি ৰখাৰ বাবে আমি এইজন অতুল পাচনিক দেখিবলৈ পোৱা নাছিলো। এইক্ষেত্ৰতো অতুল পাচনিৰ অভিনয়ৰ লগতেই পৰিচালককো প্ৰশংসা কৰিবই লাগিব।

শেষাংশত”গতি”ক কেন্দ্ৰ কৰি দেখা কুশলৰ সপোন পুৰা নোহোৱাত হতাশ হৈ নৈৰ পানী-যুঁ‌ৱলিত বহি থকা কুশলৰ হতাশাৰ লগতেই কুশলৰ দৰেই “গতি” সৰগীয় ঘোঁ‌ৰা বুলি বিশ্বাস কৰা গ’ড’ট(স্নেহাংকৰ চক্ৰৱৰ্তী)ৰ আৱিৰ্ভাৱ হয়। গ’ড’টৰ লগত সহজ হৈ কুশলে পুনৰাই “গতি”ক লগ পোৱাৰ কাহিনী কথনতেই ছবিখন শেষ হয়।

চেমুৱেল বেকেটৰ বিখ্যাত নাটক”ৱেইটিং ফৰ গ’ড’ট”ত অনন্ত অপেক্ষাৰ পিছতো কাহানিও গ’ড’ট নাহে, অৰ্থাৎ গ’ড’ট এক মায়া বা ভ্ৰম। ইয়াতো শেষাংশত এই ভ্ৰম বা মায়াৰ লগতেইহে কুশল সহজ হৈ পৰে। জীৱনৰ মায়াবৃত্তত পেণ্ডুলামৰ দৰে ওলমি ওলমি ভ্ৰমৰ মাজেৰেই এধানি আশ্ৰয়, নিৰাপত্তা বিচাৰি ফুৰা বহু কুশলৰ কাহিনী”মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি”।

(লেখিকাৰ মেইল[email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd