• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সকলো জিলা সদৰতে স্থাপন হ’ব বৈদ্যুতিক-এল পি জি শ্মশান

ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 5:29 pm
Electric crematoriums

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বৈদ্যুতিক তথা এল পি জি শ্মশান স্থাপনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে প্ৰশাসনক সকলো জিলা সদৰতে বৈদ্যুতিক-এল পি জি শ্মশান স্থাপনৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।

বিজন চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে এই আবেদন দাখিল কৰিছিল। এই আবেদন যোগে আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে আদালতত ৰাজ্যত বৈদ্যুতিক-এল পি জি শ্মশান স্থাপন কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ বাবে তথা এনে শ্মশানসমূহ কাৰ্যক্ষম কৰি তোলাৰ পদক্ষেপ আৰম্ভ কৰিবলৈ নিৰ্দেশনাৰ বাবে আহ্বান জনাইছিল।

Apply Now

আবেদনখনৰ জৰিয়তে চক্ৰৱৰ্তীয়ে লগতে বৈদ্যুতিক-এল পি জি শ্মশানসমূহৰ পৰিৱেশ-অনুকূল সুবিধাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে পদক্ষেপ আৰম্ভ কৰিবলৈ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এনে ব্যৱস্থা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈও আহ্বান জনায়।

ইয়াৰ উপৰিও আবেদনখনত ‘গ্ৰীণ ক্ৰেমেচন পাইৰছ’ৰ উপলব্ধতা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে বিভিন্ন মাধ্যম যেনে টিভি, ৰেডিঅ’, বাতৰি কাকত আদিত তথ্য প্ৰচাৰ কৰি এই ক্ষেত্ৰত মানুহক প্ৰেৰণা যোগাবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিব লাগে বুলি আদালতক আহ্বান জনোৱা হৈছিল।

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কয়, “ব্যক্তিগতভাৱে আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে এই আদালতক বাস্তৱিক পৰিৱেশৰ মাজেৰে লৈ গৈছে আৰু পৰম্পৰাগত পদ্ধতিৰে শ্মশানৰ বিপৰীতে বৈদ্যুতিক/এল পি জি শ্মশানৰ সুবিধাসমূহৰ ৰূপৰেখা দাঙি ধৰিছে।”

আবেদনকাৰী চক্ৰৱৰ্তীয়ে ১২.১১.২০২২ তাৰিখে প্ৰকাশিত বাতৰি কাকতৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গোৱালপাৰাত বৈদ্যুতিক শ্মশান উপলব্ধ নোহোৱাৰ কথা প্ৰকাশ কৰে।

তালিকাভুক্ত আদেশৰ প্ৰতিলিপিত লগতে কোৱা হৈছে, “আবেদনকাৰীয়ে আবেদনখনত কৰা অভিযোগৰ ওপৰত নিৰ্ভৰ কৰি দৃঢ়তাৰে কয় যে ভাৰতৰ অন্যান্য ৰাজ্যত পোৱাৰ দৰে অসমতো পৰিৱেশ সুৰক্ষা আৰু বনাঞ্চল তথা বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ কৰ্তব্য আছে। পৰম্পৰাগত পদ্ধতিৰে মৃতদেহ দাহ কৰাৰ বাবে শেষত গছ-গছনি ধ্বংস হয় বুলি আবেদনকাৰী বিজন চক্ৰৱৰ্তীয়ে উল্লেখ কৰিছে।”

ৰাজ্যৰ মহাধিবক্তা দেৱজিত শইকীয়াই এই সন্দৰ্ভত কয় যে আবেদনকাৰীয়ে উত্থাপন কৰা অভিযোগ কৰ্তৃপক্ষই বিবেচনা কৰিছে। মহাধিবক্তাই লগতে ৰাজ্যিক পৌৰ প্ৰশাসনৰ সঞ্চালকে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পৰ্যায়ক্ৰমে বৈদ্যুতিক-এল পি জি শ্মশান স্থাপনৰ বাবে প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও মহাধিবক্তা দেৱজিত শইকীয়াই কিছু ঠাইত বৈদ্যুতিক শ্মশানৰ সুবিধা উপলব্ধ হ’লেও সামগ্ৰিক জনসাধাৰণে কেতিয়াবা নিজা বিশ্বাস অনুসৰি তথা আবেগিক কাৰণত পৰম্পৰাগত পদ্ধতিৰে অন্ত্যেষ্টিক্ৰিয়া কৰা পছন্দ কৰে বুলি আদালতত উল্লেখ কৰে।

দুয়োপক্ষৰ অধিবক্তাৰ যুক্তিৰ পাছত আদালতে আদেশত কয়, “আজিৰ পৰিস্থিতিত প্ৰধানকৈ পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে আৰু পৰম্পৰাগত পদ্ধতিৰ দাহনৰ পৰিৱৰ্তে বৈদ্যুতিক-এল পি জি শ্মশানে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যত সহায় কৰিব। লগতে ই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্য কৰ্তৃপক্ষৰ প্ৰচেষ্টাত অৰিহণা যোগাব।”

“উত্তৰদাতা প্ৰশাসনিক কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে কিন্তু যিমান পাৰি ক্ষিপ্ৰতাৰে ৰাজ্যৰ সকলো জিলা সদৰত বৈদ্যুতিক তথা এল পি জি শ্মশান স্থাপনৰ বাবে সকলো প্ৰচেষ্টা চলাব।”— আদালতে আদেশত লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd