কেন্দ্ৰই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। আয়কৰ বিভাগৰ মতে, যদি কোনোৱে ৩১ মাৰ্চ, ২০২৩-ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেন্তে পেন কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ’ব।
শনিবাৰে আয়কৰ বিভাগৰ তৰফৰ পৰা দিয়া এক পৰামৰ্শত কোৱা হয়, “ৰেহাই প্ৰাপ্ত শ্ৰেণীৰ বাহিৰে, আয়কৰ আইন, ১৯৬১ অনুসৰি সকলো পেনকাৰ্ড ধাৰকে ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত তেওঁলোকৰ পেন কাৰ্ড বাধ্যতামূলকভাৱে আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। লিংক নকৰা পেন কাৰ্ডবোৰ (আধাৰ কাৰ্ডৰ সৈতে) ১এপ্ৰিল, ২০২৩-ৰ পৰা নিষ্ক্ৰিয় কৰা হ’ব।‘’
লগতে পঢ়ক: সংযমী বেটিং শ্ৰেয়াস-অশ্বিনৰ! মিৰপুৰ টেষ্টত বাংলাদেশক পৰাজিত কৰি ২-০ত শৃংখলা দখল ভাৰতৰ
এনে পৰিস্থিতিত কেন্দ্ৰই আধাৰ কাৰ্ডখন শীঘ্ৰে পেনকাৰ্ডৰ সৈতে সংযোগ কৰিবলৈ পৰামৰ্শ দিছে। শনিবাৰে এক পৰামৰ্শত আয়কৰ বিভাগে কয়, “যি বাধ্যতামূলক সেয়া প্ৰয়োজনীয়। পলম নকৰিব। আজিয়েই আপোনাৰ পেনকাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক।‘’
যদি পেন কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে তেন্তে কি সমস্যা হ’ব?
১) আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। যিসকলে ইতিমধ্যে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে, তেওঁলোকৰ ৰিটাৰ্ণ প্ৰক্ৰিয়া আৰু আগনাবাঢ়িব। যিসকলৰ আয়কৰ ৰিটাৰ্ণত ত্ৰুটি আছে তেওঁলোকক সংশোধন কৰিব নোৱাৰিব বুলি আয়কৰ বিভাগে জানিবলৈ দিছে।
২) আয়কৰ বিভাগে জনাইছে যে বেংকৰ কামকাজ আৰু অন্যান্য বিত্তীয় লেনদেনত সমস্যা আহিব পাৰে। কিয়নো কে ৱাই চিৰ ক্ষেত্ৰত পেন কাৰ্ড অতি গুৰুত্বপূৰ্ণ।
লগতে পঢ়ক: ২০২৩ চনতেই বন্ধ হ’ব Maruti Alto! মধ্যবিত্তৰ পছন্দৰ এই গাড়ীৰ লগতে আৰু কি গাড়ী আছে তালিকাত?
অৱশ্যে, অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড লিংক নহ’লেও বিশেষ ক্ষেত্ৰত পেন কাৰ্ড নিষ্ক্ৰিয় কৰা নহ’ব। ২০১৭ চনৰ মে’ মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল যে অসম, জম্মু আৰু কাশ্মীৰ (বৰ্তমান দুটা কেন্দ্ৰীয় শাসিত অঞ্চল) আৰু মেঘালয়ত বাস কৰা লোকসকলৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হ’ব।