• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৪০ শতাংশতকৈও অধিক সম্পদ ধনীৰ হাতত; ডুবিছে দৰিদ্ৰ, পৰিশোধ কৰিছে অধিক কৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 16, 2023 2:27 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান আৰু অধিক বৃদ্ধি পাইছে। অক্সফামৰ  এক প্ৰতিবেদনত এই সন্দৰ্ভত তথ্য দাঙি ধৰা হৈছে। বৰ্তমান ভাৰতৰ আটাইতকৈ ধনী ১ শতাংশ লোকৰ হাতত আছে দেশৰ মুঠ সম্পদৰ ৪০ শতাংশতকৈও অধিক অংশ। আনহাতে, তলৰ পৰা দৰিদ্ৰ জনসংখ্যাৰ ৫০ শতাংশৰ হাতত আছে মুঠ সম্পদৰ মাত্ৰ ৩ শতাংশ।

অক্সফাম ইণ্টাৰনেচনেলে সোমবাৰে বিশ্ব অৰ্থনৈতিক মঞ্চৰ (WEF) বাৰ্ষিক সভাৰ প্ৰথম দিনটোত ইয়াৰ বাৰ্ষিক অসমতা প্ৰতিবেদনত এই তথ্য প্ৰদান কৰিছে। প্ৰতিবেদন অনুসৰি, ভাৰতৰ দহজন আটাইতকৈ ধনী লোকৰ ওপৰত পাঁচ শতাংশ কৰ আৰোপ কৰিলে শিশুসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সম্পূৰ্ণ ধন লাভ কৰিব পৰা যাব।

লগতে পঢ়ক: উৰাজাহাজত আকৌ মাৰপিট : ভিডিঅ’ ভাইৰেল

Apply Now

প্ৰতিবেদনত কোৱা হৈছে যে মাত্ৰ এজন কোটিপতি গৌতম আদানীয়ে ২০১৭-২০২১ বৰ্ষৰ ভিতৰত লাভ কৰা লভ্যাংশৰ ওপৰত এই সামান্য কৰ আৰোপ কৰিয়েই ১.৭৯ লাখ কোটি টকা সংগ্ৰহ কৰিব পৰা যায়, যি এবছৰৰ বাবে ভাৰতত প্ৰাথমিক বিদ্যালয়সমূহৰ ৫০ লাখৰো অধিক শিক্ষকক নিযুক্তি দিয়াৰ বাবে যথেষ্ট।

‘ছাৰ্ভাইভেল অফ দ্য ৰিচেষ্ট অৰ্থাৎ ‘আটাইতকৈ ধনীলোকৰ অস্তিত্ব ৰক্ষা’ শীৰ্ষক প্ৰতিবেদনত লগতে কোৱা হৈছে যে যদি ভাৰতৰ বিলিয়নেয়াৰসকলৰ সমগ্ৰ সম্পদৰ ওপৰত ২ শতাংশ এককালীন কৰ আৰোপ কৰা হয়, তেন্তে ই অপুষ্টিগ্ৰস্ত লোকসকলক খাদ্য যোগান ধৰাৰ বাবে অহা তিনি বছৰৰ বাবে দেশৰ ৪০,৪২৩ কোটি টকাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

প্ৰতিবেদন অনুসৰি, দেশৰ ১০ গৰাকী ধনী বিলিয়নেয়াৰৰ ওপৰত ৫ শতাংশ প্ৰত্যক্ষ কৰ আৰোপ কৰি পাব পৰা ধনৰ পৰিমাণ (১.৩৭ লাখ কোটি টকা) ২০২২-২৩ বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ বাজেটতকৈ (৮৬,২০০ কোটি টকা) ১.৫ গুণ অধিক। লিংগ বৈষম্যৰ বিষয়ত প্ৰতিবেদনত কোৱা হৈছে যে মহিলা কৰ্মীসকলে পুৰুষ কৰ্মচাৰী এজনে উপাৰ্জন কৰা প্ৰতিটো টকাৰ বিপৰীতে মাত্ৰ ৬৩ পইচা লাভ কৰে।

লগতে পঢ়ক:  পেৰুত প্ৰতিবাদৰ জুই : গণ আন্দোলনত নিহত ৪২ গৰাকী লোক

সেইদৰে, অনুসূচীত জাতি আৰু গ্ৰাম্য শ্ৰমিকৰ পাৰিশ্ৰমিকতো পাৰ্থক্য আছে। উচ্চ সামাজিক শ্ৰেণীৰ লোকসকলে লাভ কৰা পাৰিশ্ৰমিকৰ তুলনাত অনুসূচীত জাতিৰ লোকে ৫৫ শতাংশ লাভ কৰে আৰু গ্ৰাম্য শ্ৰমিকসকলে লাভ কৰে ৫০ শতাংশ পাৰিশ্ৰমিক।

অক্সফাম ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ বেহাৰে কৈছে যে যিসকলে আটাইতকৈ ধনী লোকসকলৰ অস্তিত্ব নিশ্চিত কৰে দেশৰ সেই উপেক্ষিত লোকসকল – দলিত, জনজাতীয়, মুছলমান, মহিলা আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকল এক দুষ্ট চক্ৰৰ দ্বাৰা আক্ৰান্ত হৈ আছে। তেওঁ কয় যে দৰিদ্ৰসকলে অধিক কৰ পৰিশোধ কৰি আছে। তেওঁলোকে ধনীলোকতকৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাত অধিক খৰচ কৰি আছে। ধনী সকলৰ ওপৰত কৰ লগোৱা আৰু তেওঁলোকে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰাটো নিশ্চিত কৰাৰ সময় আহি পৰিছে।

লগতে পঢ়ক: দুই চেকেণ্ডতে মুখৰ হাঁহি পৰিণত হ’ল মৰণকাতৰ চিঞৰলৈ : যাত্ৰীৰ মবাইলত উদ্ধাৰ নেপাল বিমান দুৰ্ঘটনাৰ ভিডিঅ’

অক্সফামে কৈছে যে বিশ্বব্যাপী আটাইতকৈ ধনী এক শতাংশই যোৱা দুবছৰত বিশ্বৰ বাকী জনসংখ্যাৰ প্ৰায় দুগুণ সম্পদ অৰ্জন কৰিছে। প্ৰতিবেদন অনুসৰি, বিলিয়নেয়াৰৰ সম্পদ প্ৰতিদিনে ২.৭ বিলিয়ন ডলাৰ বৃদ্ধি হৈ আছে। আনহাতে, কমেও ১.৭ বিলিয়ন শ্ৰমিক এতিয়া এনে দেশত বাস কৰে য’ত মুদ্ৰাস্ফীতিৰ হাৰ মজুৰি বৃদ্ধিতকৈ অধিক। পৃথিৱীৰ আটাইতকৈ ধনী ১ শতাংশই যোৱা এক দশকত সকলো নতুন সম্পদৰ প্ৰায় আধা অধিগ্ৰহণ কৰিছে। যোৱা ২৫ বছৰত প্ৰথমবাৰৰ বাবে একেলগে এপিনে অত্যাধিক সম্পদ আৰু আনপিনে চৰম দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd