এজাক কণকণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা ৷ পিঠিত কিতাপৰ বেগ বোজাই লৈ এডাল বাঁহৰ সাঁকোৰে খুপি খুপি পঢ়াশালিলৈ বুলি বাট বুলিছে প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰী। এনেদৰেই ৰাজ্যত চলি থকা গুণোৎসৱৰ মাজতেই ছাত্ৰ-ছাত্ৰী পঢ়াশালিলৈ অহা দেখা গৈছে নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰাত।
উল্লেখ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কী অমৃত মহোৎসৱৰ ধুমধামৰে উদযাপনৰ সময়ত কামপুৰৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়লৈ আজিও ছাত্ৰ-ছাত্ৰী আহে এডাল বাঁহৰ সাঁকোৰে।
৩২ বছৰে বাৰিষা এখন টুলুঙা নাৱঁত আৰু খৰালি ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহে বাঁহৰ সাঁকোৰে।নিশাৰী নৈৰ বুকুৰে এইদৰে ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুলভাৱে ৩২ টা বছৰে পাৰ হৈ থকাৰ পিছতো দৃষ্টি পৰা নাই জনপ্ৰতিনিধিৰ। সেইদৰে পাৰ হৈ যোৱা চৰকাৰ সমূহৰ লগতে বৰ্তমানৰ চৰকাৰখনৰো।
নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অতিকে ভিতৰুৱা এলেকাৰ এই বিদ্যালয়খন ১৯৯০ চনত স্থাপিত হৈছিল। বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলে এখন ভৰা নৈৰ বুকুৰে নাঁৱৰে বিপদ সংকুলভাৱে পাৰ হ’ব লগা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাইজে ইয়াত এখন দলং নিৰ্মানৰ বাবে দাবী জনাইছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ পৰা ছয়বাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তই ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
লগতে পঢ়ক: প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস; শোকস্তব্ধ সাংস্কৃতিক জগত
আনহাতে, বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এইঠাইত এখন ফুটব্ৰীজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো কাম বৰ্তমানলৈকে চকুত নপৰাত ৰাইজ হতাশগ্ৰস্ত হৈ পৰিছে।