• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিটো ভোটৰ বাবদ ৬,০০০ টকা দিয়াৰ ঘোষণা; বিজেপি নেতাৰ মন্তব্যই জোকাৰিছে কৰ্ণাটক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 23, 2023 7:38 am
বিজেপি নেতা ৰমেশ জাৰ্কিহোলি।

বিজেপি নেতা ৰমেশ জাৰ্কিহোলি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকত নিৰ্বাচনৰ ঢৌ আৰম্ভ হৈছে। তাৰ মাজতে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা নেতা ৰমেশ জাৰ্কিহোলি এখন ৰাজহুৱা সভাত তেওঁৰ মুকলি মন্তব্যক লৈ বিতৰ্কত সোমাই পৰিছে। বিজেপিক একপ্ৰকাৰ অস্বস্তিত পেলাই তেওঁ কৈছিল যে যদি সেই ভোট গেৰুৱা শিবিৰৰ সপক্ষে যায় তেন্তে বিজেপিয়ে আগন্তুক নিৰ্বাচনত প্ৰতিটো ভোটৰ বাবদ ৬,০০০ টকা দিব। এই মন্তব্যৰ পিছতে দলটোৱে নেতাজনৰ পৰা দূৰত্ব বৃদ্ধি কৰিছে।

অতীততো কেইবাটাও বিতৰ্কৰ বাবে বিজেপি নেতাজনে শিৰোনাম দখল কৰিছিল। ২০২১ চনত তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰীৰ গোচৰত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত যৌন কেলেংকাৰীৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ৰমেশ জাৰ্কিহোলিৰ বাবে বিজেপি অস্বস্তিত পৰিছিল।

ইপিনে, দেওবাৰে কৰ্ণাটকৰ বেলাগাভিত তেওঁৰ সমৰ্থকসকলৰ আয়োজিত এখন সভাত ৰমেশ জাৰ্কিহোলীয়ে ভাষণ দিছিল। বাতৰি অনুসৰি, তেওঁ অঞ্চলটোত কংগ্ৰেছ বিধায়ক লক্ষ্মী হেব্বালকাৰক আক্ৰমণ কৰি এই মন্তব্য কৰিছিল।

Apply Now

তেওঁ কৈছিল, “মই শুনিছো যে তেওঁ তেওঁৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলক উপহাৰ দি আছে। এতিয়ালৈকে তেওঁ সম্ভৱতঃ পাকঘৰৰ সামগ্ৰী দিছে, যেনে কুকাৰ, মিক্সাৰ, যাৰ মূল্য সম্ভৱতঃ ১,০০০ টকা। হয়তো তেওঁ আপোনাক আৰু কিছু উপহাৰ দিব। যাৰ মুঠ মূল্য হ’ব পাৰে ৩০০০ টকা। মই আপোনালোকক অনুৰোধ জনাইছো যে যদি আমি প্ৰতিটো ভোটত ৬,০০০ টকা পৰিশোধ নকৰোঁ তেন্তে আমাৰ প্ৰাৰ্থীক ভোট দিব নালাগে।‘’

কৰ্ণাটকৰ গোকাক বিধানসভা সমষ্টিৰ এজন বিধায়ক আৰু নেতা ৰমেশ জাৰ্কিহোলীয়ে মে’ত আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কানাড়া ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে কংগ্ৰেছে আক্ৰমণৰ কোনো সুযোগ এৰি দিয়া নাই।

আনহাতে, বিজেপি নেতা তথা জলসিঞ্চন মন্ত্ৰী গোবিন্দ কাৰ্জলে এই বিষয়টোত ৰমেশৰ পৰা নিজকে আঁতৰাই ৰাখি এই মন্তব্য খাৰিজ কৰে। তেওঁ কয়, “যদি এজন ব্যক্তিয়ে কোনো মন্তব্য কৰে, এয়া তেওঁৰ নিজৰ মন্তব্য। এয়া তেওঁৰ ব্যক্তিগত বিষয়।‘’

তেওঁ লগতে কয়, “আমাৰ দলত এনে ঘটনাৰ কোনো স্থান নাই। আমাৰ দলৰ এটা আদৰ্শ আছে, যাৰ বাবে  নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলটো দ্বিতীয়বাৰৰ বাবে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছে।‘’

ইপিনে, কংগ্ৰেছে এই মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd