ভাৰতত উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুমতি বিচাৰি পাঁচ বছৰ পূৰ্বেই আবেদন কৰিছিল এয়াৰটেলে। অথচ আজিও কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ অপেক্ষাত থাকিবলগীয়া হৈছে সংস্থাটো। এইবাৰ সেই বিষয়ক লৈ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰক বাৰ্তা দিলে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ সুনীল ভাৰতী মিত্তলে। ইলন মাস্কৰ ষ্টাৰলিংকৰ তুলনাত বহু আগতেই এয়াৰটেলে অনুমতিৰ বাবে আবেদন কৰা বুলি উল্লেখ কৰি মিত্তলে কয় যে ষ্টাৰলিংকৰ কেইদিনমান পূৰ্বেও যদি এয়াৰটেলে অনুমতি লাভ কৰে, তেন্তে তেওঁলোক সুখী হ’ব।
ব্লুমবাৰ্গ নিউ ইক’নমি ফ’ৰামত ভাষণ দি এই মন্তব্য কৰে সুনীল মিত্তলে। তেওঁৰ দাবী অনুসৰি, এয়াৰটেলৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱাৰ বাবে প্ৰায় পাঁচ বছৰ পূৰ্বে অনুমতি বিচৰা হৈছিল। আনকি যোৱা তিনি বছৰ ধৰি সেৱা আগবঢ়াবলৈ প্ৰয়োজনীয় ভূমিভিত্তিক আন্তঃগাঁথনিও সাজু হৈ আছে। ভাৰতৰ আকাশমাৰ্গৰ ওপৰেৰে উপগ্ৰহ চলাচল কৰি থকাৰ পাছতো সেৱা আৰম্ভ কৰাৰ অনুমতি লাভ কৰা নাই সংস্থাটোৱে।
মিত্তলে কয়, “আমি সকলোৱে অনুমতিৰ অপেক্ষাত আছোঁ। অনুমতি লাভৰ শাৰীত মই তেওঁৰ বহু আগত আছোঁ। পাঁচ বছৰ পূৰ্বে আবেদন কৰিছিলোঁ। যোৱা তিনি বছৰ ধৰি মোৰ নেটৱৰ্ক সাজু হৈ আছে। পাঁচ বছৰ ধৰি ভাৰতৰ ওপৰেৰে মোৰ উপগ্ৰহ ঘূৰি আছে। তথাপি অনুমতি পোৱা নাই। সেয়ে তেওঁৰ কেইদিনমান পূৰ্বেও যদি আমি অনুমতি লাভ কৰোঁ, তেন্তে বৰ সুখী হ’ম।”
ভাৰতত ষ্টাৰলিংকৰ সেৱা আৰম্ভ কৰাক লৈ বিগত কিছুদিন ধৰি বিতৰ্ক চলি আছে। ইলন মাস্কৰ প্ৰতিষ্ঠান স্পেচএক্সৰ এই উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱাই ব্যৱসায়িকভাৱে কাম আৰম্ভ কৰিবলৈ এতিয়াও সকলো প্ৰয়োজনীয় অনুমতি লাভ কৰা নাই। ইয়াৰ মাজতে ভাৰতৰ টেলিকম ক্ষেত্ৰৰ প্ৰভাৱশালী ব্যৱসায়িক গোষ্ঠীসমূহে ষ্টাৰলিংকৰ প্ৰৱেশত বাধা দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলিছিল মাস্কে। পাছত এক্সত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানিক লক্ষ্য কৰি তেওঁ প্ৰশ্ন কৰিছিল, “ভাৰতৰ প্ৰকৃত বছ তেওঁৱেই নেকি?”
২০২২ চনৰ নৱেম্বৰ মাহত ভাৰতত জিএমপিচিএছ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল ষ্টাৰলিংকে। অৱশ্যে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ মতে, ষ্টাৰলিংক, ইউটেলছেট ৱানৱেব আৰু জিঅ’ ছেটেলাইট কমিউনিকেচনছ প্ৰায় একে পৰ্যায়তে আছে। ব্যৱসায়িক সেৱা আৰম্ভ কৰাৰ পূৰ্বে তিনিওটা প্ৰতিষ্ঠানেই নিৰাপত্তা সম্পৰ্কীয় অনুমতি আৰু স্পেকট্ৰাম আবণ্টনৰ অপেক্ষাত আছে। দেশীয় প্ৰতিষ্ঠানসমূহক অতিৰিক্ত সুবিধা দিয়াৰ অভিযোগো কেন্দ্ৰীয় চৰকাৰে নাকচ কৰিছে।
এফালে এয়াৰটেলে ইউটেলছেট ৱানৱেবৰ জৰিয়তে উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। আনফালে জিঅ’ই নিজাকৈ উপগ্ৰহ যোগাযোগ প্ৰযুক্তিৰ বিকাশত গুৰুত্ব দিছে। জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানিৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক কণ্ঠ আৰু তথ্য সেৱা, উপগ্ৰহ সংযোগ তথা ষষ্ঠ প্ৰজন্মৰ ৬জি প্ৰযুক্তিক লৈ কাম কৰি আছে প্ৰতিষ্ঠানটোৱে।
প্ৰতিযোগিতা চলি থকাৰ মাজতো ষ্টাৰলিংকৰ সৈতে সহযোগিতাৰ পথ মুকলি ৰাখিছে এয়াৰটেল আৰু জিঅ’ই। ২০২৫ চনৰ মাৰ্চ মাহত ভাৰতত ষ্টাৰলিংকৰ সঁজুলি আৰু সেৱা বিক্ৰীৰ বাবে দুয়োটা প্ৰতিষ্ঠানেই স্পেচএক্সৰ সৈতে চুক্তি কৰিছিল। অৱশ্যে সেই সেৱাসমূহৰ ক্ষেত্ৰতো চৰকাৰী অনুমতিৰ প্ৰয়োজন হ’ব।
ভাৰতৰ বহু দূৰৱৰ্তী অঞ্চলত এতিয়াও নিৰ্ভৰযোগ্য ইণ্টাৰনেট সেৱা উপলব্ধ নহয়। এনে অঞ্চলসমূহত উপগ্ৰহভিত্তিক ইণ্টাৰনেটে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। কিন্তু এই সেৱাৰ মূল্য সাধাৰণ মানুহৰ সামৰ্থ্যৰ ভিতৰত থাকিবনে, সেয়াও এক ডাঙৰ প্ৰশ্ন। এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ দিশত। অনুমতি লাভৰ পাছত ভাৰতত প্ৰথমে কোনটো প্ৰতিষ্ঠানে ব্যৱসায়িকভাৱে উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব।





