এইবাৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৰণি গাড়ীবোৰ বাতিল কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত তেওঁৰ ভাষণত পুৰণি গাড়ীৰ বিলুপ্তিৰ বাবে বিশেষ আৱণ্টনৰ কথা কোৱা হৈছে। নিৰ্মলাই কৈছে যে প্ৰকল্পটোৰ বাবে বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰা হৈছে।
বাজেট ভাষণত সীতাৰমণে কয় যে অহা বিত্তীয় বৰ্ষত ২০২১-২২ বিত্তীয় বৰ্ষৰ পুৰণি গাড়ী বাতিল আঁচনিৰ বাবে (ভেহিকল স্ক্ৰেপেজ পলিচি) কেন্দ্ৰই অধিক আৰু আৱণ্টন দিব। কেন্দ্ৰই এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহকো সহায় কৰিব। পুৰণি বাহনসমূহৰ লগতে পুৰণি চৰকাৰী এম্বুলেন্সো এই পৰ্যায়ত বাতিল কৰা হ’ব বুলি বিত্ত মন্ত্ৰীয়ে কয়।
কেন্দ্ৰই দুবছৰ পুৰণি এই আঁচনি অনুসৰি ১৫ বছৰ পুৰণি বাহন বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তটো মুখ্যতঃ পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিবলৈ লোৱা হৈছিল। নতুন গাড়ীৰ বিক্ৰী বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰা হৈছিল।
এই ঘোষণাত সীতাৰমণে কয় যে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্যৰ অধীনত মুঠ ৯ লাখ বাহন বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তদুপৰি, চৰকাৰী পৰিবহণ বিভাগৰ অধীনৰ পুৰণি বাহনসমূহো এই পৰ্যায়ত বাতিল কৰা হ’ব।
২০২২ চনৰ গাড়ী বাতিল নীতি অনুসৰি, এখন নতুন গাড়ী ক্ৰয়ৰ ওপৰত পথ কৰত (ৰোড টেক্স) ২৫ শতাংশ ৰেহাই দিয়া হব। গাড়ীৰ মালিকসকলে পুৰণি গাড়ী বাতিল কৰি দিয়াৰ বাবে এই বিশেষ ৰেহাই লাভ কৰিব। লগতে কোৱা হৈছে যে চহৰৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত এখন বাহন বাতিল সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব। তালৈ গৈ পুৰণি গাড়ী জমা দিব পাৰিব।
সমগ্ৰ বিশ্বতে, গ্ৰীণ হাউছ গেছ দিনক দিনে বৃদ্ধি পাই আছে। প্ৰদূষণৰ ফলত পৃথিৱীখন বসবাসৰ বাবে অনুপযুক্ত হৈ পৰিছে। সেয়েহে কোভিডৰ সময়ত ২০২০ চনতে এই নীতি ঘোষণা কৰা হৈছিল। সেই নীতিৰ বাবেই এইবাৰ বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰা হ’ব।