কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰ দুজন জ্যেষ্ঠ ৰে’ল বিষয়া আৰু এজন ঠিকাদাৰক উৎকোচৰ গোচৰত গুৱাহাটী আৰু শিলচৰত গ্ৰেপ্তাৰ কৰিছে।
চিবিআইৰ এটা দলে এন এফ ৰে’লৱেৰ উপ মুখ্য অভিযন্তা ৰামপাল দে আৰু জ্যেষ্ঠ শাখা অভিযন্তা (এছএছই) সন্তোষ কুমাৰ আৰু গুৱাহাটীস্থিত এটা ব্যক্তিগত কোম্পানীৰ সজ্জন চৌধুৰী নামৰ এজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰে।
চিবিআইয়ে এন এফ ৰে’লৱেৰ চাৰিজন বিষয়া আৰু উক্ত ব্যক্তিগত কোম্পানীৰ ঠিকাদাৰ আৰু কৰ্মচাৰীসহ আনসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।
এনএফ ৰে’লৱেৰ দুজন বিষয়াই এজন ব্যক্তিৰ সৈতে কামৰ চুক্তি, পৰিমাপ পুস্তিকা প্ৰস্তুত কৰা, একাউণ্ট বিল উলিওৱা প্ৰক্ৰিয়া, এনএফ ৰে’লৱেত চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে পৰিচালিত আৰু বৰ্ধিত বিলৰ বিৰুদ্ধে আগতীয়াকৈ পৰিশোধ মুকলি কৰাৰ লগতে ছিকিউৰিটি ডিপ’জিট আৰু বেংক গেৰাণ্টি আগতীয়াকৈ মুকলি কৰাৰ বাবে ব্যক্তিগত ঠিকাদাৰসকলক অবাঞ্চিত অনুগ্ৰহ দেখুওৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি সংস্থাটোৱে কয়।
চিবিআইৰ এটা দলে পৰিকল্পনা ৰচনা কৰি শিলচৰৰ জ্যেষ্ঠ শাখা অভিযন্তাগৰাকীক ব্যক্তিগত কোম্পানীৰ এজন কৰ্মচাৰীৰ পৰা ৮ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পেলায়।
অসম, ইম্ফল, দিল্লী, বিহাৰ আৰু হাৰিয়ানাকে ধৰি প্ৰায় ১৯ টা স্থানত অভিযুক্ত আৰু অন্যান্যসকলৰ চৌহদত তালাচী চলাই ১.০২ কোটি টকা উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা সকলো অভিযুক্তক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।
এজন বিষয়াই লগতে জানিবলৈ দিয়ে যে উপ মুখ্য অভিযন্তা আৰু উক্ত ঠিকাদাৰজনক পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে জ্যেষ্ঠ শাখা অভিযন্তাগৰাকী ৩ দিনৰ ট্ৰেঞ্জিট ৰিমাণ্ডত আছে।