তুৰস্ক আৰু চিৰিয়াত সংঘটিত বিধ্বংসী ভূমিকম্পত এতিয়ালৈ কমেও ১৭ হাজাৰ ৫৪৩ জন লোক নিহত হৈছে। তুৰস্কৰ উপ ৰাষ্ট্ৰপতি ফুয়াত অ’কটে বৃহস্পতিবাৰে কয় যে তুৰস্কত কমেও ১৪ হাজাৰ ৩৫১ জন লোক নিহত হৈছে। দেশখনত আন ৬৩ হাজাৰ ৭৯৪ জন লোক আহত হৈছে।
আনহাতে, চিৰিয়াৰ অসামৰিক কৰ্তৃপক্ষ ‘হোৱাইট হেলমেটছ’ গোটৰ তথ্য মতে, চিৰিয়াত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৩ হাজাৰ ১৯২ জন, যাৰ ভিতৰত উত্তৰ-পশ্চিম বিদ্ৰোহী নিয়ন্ত্ৰিত অঞ্চলত ১ হাজাৰ ৯৩০ জন আৰু চিৰিয়াৰ চৰকাৰ নিয়ন্ত্ৰিত অংশত ১ হাজাৰ ২৬২ জন লোক নিহত হৈছে।
তুৰ্কী চৰকাৰ, হোৱাইট হেলমেট আৰু চিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ পৰিসংখ্যা অনুসৰি চিৰিয়া আৰু তুৰ্কীত কমেও ৬৮ হাজাৰ ৯৫২ জন লোক আহত হৈছে।
ইপিনে, বিধ্বংসী ভূমিকম্পৰ পিছত প্ৰায় ৯৫ খন দেশ আৰু ১৬ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে তুৰস্কক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। বৈদেশিক মন্ত্ৰী মেভলুত কাভুসোগ্লুৱে বৃহস্পতিবাৰে এক সংবাদ সন্মিলনত কয় যে এই মুহূৰ্তত ৫৬ খন দেশৰ ৬,৪৭৯ জন উদ্ধাৰকাৰী কামত লাগি আছে। তদুপৰি, ১৯ খন দেশৰ দল ২৪ ঘণ্টাৰ ভিতৰত দেশত আহি উপস্থিত হ’ব।





