ৰাছিয়াৰ ৰাষ্ট্ৰীয় সংসদৰ নিম্ন সদন ‘ডুমা’ৰ অধ্যক্ষ ভিয়াচেস্লাভ ভলোডিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে।
আমেৰিকাৰ কিংবদন্তী সাংবাদিক চিম’ৰ হাৰ্ছে আমেৰিকা যুক্তৰাষ্ট্ৰই বাল্টিক সাগৰৰ তলেৰে জাৰ্মানীকে ধৰি কেইবাখনো ইউৰোপীয় দেশলৈ যোৱা নৰ্ডষ্টিম গেছ পাইপলাইনত এক ধ্বংসাত্মক আক্ৰমণ চলাইছিল বুলি প্ৰকাশ কৰাৰ পিছত তেওঁ এই মন্তব্য কৰে।
ৰাছিয়াৰ অধ্যক্ষগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতি বিডেনে মঙলবাৰে তেওঁৰ ইউনিয়ন অৱ দ্য ষ্টেট ভাষণত আমেৰিকা বিশ্বৰ লাইটহাউচ বুলি যি দাবী কৰিছে সেইটোৱে জাৰ্মানীৰ তৃতীয় ৰেইচ নেতাসকলে কোৱা কথাবোৰ মনত পেলাই দিছিল। নাজী জাৰ্মানীক ১৯৩৩ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত তৃতীয় ৰেইচ বুলি কোৱা হৈছিল। তৃতীয় ৰেইচৰ অৰ্থ হৈছে তৃতীয় সাম্ৰাজ্য।
ভলোদিনে কয়, “যদি হেৰী এছ ট্ৰুমেনক জাপানৰ হিৰোছিমা আৰু নাগাচাকি চহৰৰ লোকসকলৰ ওপৰত পাৰমাণৱিক বোমা আক্ৰমণৰ নিৰ্দেশ দিয়াৰ বাবে অপৰাধী বুলি কোৱা হয়, তেন্তে কৌশলগত নৰ্ডষ্ট্ৰীম গেছ পাইপলাইনত আক্ৰমণৰ নিৰ্দেশ দিয়াৰ বাবে বিডেনকো সন্ত্ৰাসবাদী বুলি ক’ব পাৰি।‘’
ভিয়াচেস্লাভ ভলোডিনে লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই পাইপলাইনত কৰা ধ্বংসাত্মক আক্ৰমণৰ জৰিয়তে তেওঁলোকে মূলতঃ তেওঁলোকৰ কৰ-আৰোপিত ৰাজ্যবোৰক ভয় খুৱাবলৈ চেষ্টা কৰি আছে, যিবোৰে তেওঁলোকৰ নিজৰ অৰ্থনীতি আৰু মানুহৰ স্বাৰ্থত কাম কৰিবলৈ চেষ্টা কৰিছে।