• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হায় মানৱতা! ভূমিকম্পত ধ্বংসস্তূপ হৈ পৰা অঞ্চলত লুণ্ঠনৰ অভিযোগ; তুৰস্কত ৪৮ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 10:02 am
224
VIEWS
Share on FacebookShare on Twitter

তুৰস্ক আৰু চিৰিয়াত শক্তিশালী ভূমিকম্পৰ ধ্বংসস্তূপত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ কাম চলি আছে। এতিয়া জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ আহিছে। তথাপি বহুলোকে আত্মীয়সকলক ঘূৰাই পাবলৈ উদ্বেগ আৰু উৎকণ্ঠাৰ সৈতে ধ্বংসস্তূপৰ ওচৰত অপেক্ষা কৰি আছে।

ভূমিকম্পৰ ফলত বিধ্বস্ত হৈছে তুৰস্কৰ ১০ টা অঞ্চল। এই পৰিস্থিতিত ধ্বংসপ্ৰাপ্ত অঞ্চলটোত লুণ্ঠনো চলি আছে। দেশৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ কৰ্মীসকলে লুণ্ঠনৰ সন্দৰ্ভত ৪৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত ব্যক্তিসকলক দেশখনৰ আঠখন ভিন্ন প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা সোমবাৰে ৰাতিপুৱা তুৰস্ক আৰু চিৰিয়াৰ মাজৰ সীমান্ত অঞ্চলত ভূমিকম্প হৈছিল। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা এতিয়ালৈকে ২৮,০০০ অতিক্ৰম কৰিছে। তেওঁলোকৰ ভিতৰত আটাইতকৈ বিধ্বস্ত তুৰ্কীত ২৪,৬১৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে, চিৰিয়াত মৃত্যু হৈছে ৩,৫৭৫ জন লোকৰ।

ইপিনে, তুৰস্কৰ ১০ টা ভূমিকম্প পীড়িত অঞ্চলত তিনি মাহৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

তুৰস্কত ভূমিকম্পৰ ১২৯ ঘণ্টা পিছত উদ্ধাৰকাৰীসকলে ধ্বংসস্তূপৰ পৰা এটা পাঁচ জনীয়া পৰিয়ালক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে। তেওঁলোকক গাজিয়ানটেপ প্ৰদেশৰ নুৰদাঘ চহৰৰ পৰা উদ্ধাৰ কৰা হৈছে। ধ্বংসস্তূপৰ তলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি বাহিৰলৈ উলিয়াই অনাৰ পিছত উদ্ধাৰকাৰীসকলে “ঈশ্বৰ মহান” বুলি অভিহিত কৰি তেওঁলোকৰ আনন্দ প্ৰকাশ কৰে।

স্থানীয় বাতৰি কাকত হেবাৰতুৰ্কৰ বাতৰি অনুসৰি উদ্ধাৰকাৰীসকলে প্ৰথমে মাক হাভভা আৰু কন্যা ফাতমাগুল আছলানক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰে। উদ্ধাৰকাৰীসকলে তেতিয়া তেওঁৰ পিতৃ হাছান আছলামক বিচাৰি পায়। সেই সময়ত, তেওঁ তেওঁৰ কন্যা জায়েনেপ আৰু পুত্ৰ চল্টিক বুগ্ৰাক প্ৰথমে উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিছিল।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd