যোগীৰ ৰাজ্যত গো হত্যাৰ অভিযোগ উঠিছে। স্থানীয় কৃষকসকলে ২৪ টা গৰুক ৰেলপথলৈ ঠেলি দিছিল। সেই সময়ত এখন এক্সপ্ৰেছ ৰে’ল দ্ৰুত গতিত আহি আছিল। সেই ৰে’লখনৰ খুন্দাত ঘটনাস্থলীতে ১১টা গৰুৰ মৃত্যু হয়। আন কেইবাটাও গৰু আহত হৈছে।
গাওঁবাসীয়ে কয় যে স্থানীয় কৃষকৰ এটা দলে শস্য ধ্বংস হোৱাৰ বাবে খঙতে এনে কৰিছিল। হিন্দুত্ববাদী কৰ্মীসকলে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে দোষীৰ বাবে তাৎক্ষণিক শাস্তি দাবী তুলিছে।
গোবলয়ৰ ৰাজ্যত এনে ধৰণৰ ঘটনাক লৈ ইতিমধ্যে হুলস্থূলৰ সৃষ্টি হৈছে। শনিবাৰে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ সম্বল জিলাত এক পৰিকল্পিত গৰু হত্যা সংঘটিত কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।
আৰক্ষীয়ে জনায় যে বাহজোই আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত লাহৰাবান গাঁৱৰ ওচৰত গৰুবোৰ কটা হৈছিল। স্থানীয় লোকসকলৰ মতে, ডেৰাডুন এক্সপ্ৰেছৰ খুন্দাত ১১ টা গৰুৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোৰ বাবে ৰে’লখন এঘণ্টা পলমকৈ চলে।
স্থানীয় লোকে কয় যে গৰুবোৰে অঞ্চলটোৰ কৃষকসকলৰ শস্য ধ্বংস কৰি আছিল। সেইকাৰণে তেওঁলোকৰ খং উঠিছিল। এনেকুৱা লাগিছে যে কৃষকসকলে খঙৰ বাবে এইটো কৰিছিল।
মন কৰিব লগীয়া যে যোগীৰ ৰাজ্যত স্বঘোষিত গোৰক্ষকৰ কোনো অভাৱ নাই। তাতেই এনে ঘটনাত সকলোৱে আচৰিত হৈছে। যোৱা দুমাহত এনে ধৰণৰ এক ডজনৰো অধিক ঘটনা সংঘটিত হৈছে। এই ঘটনাত এজাহাৰ দাখিলৰ দাবী উঠিছে।