• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জীয়াই আছে প্ৰভাকৰণ! শীঘ্ৰই ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিব ১৪ বছৰ পূৰ্বে ‘মৃত’ প্ৰভাকৰণে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2023 9:28 pm
Prabhakaran
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ তামিলৰ বিদ্ৰোহৰ সূচনাকাৰী তথা বিদ্ৰোহী গোট এল টি টি ইৰ মুৰব্বী ভেলুপিল্লাই প্ৰভাকৰণ জীয়াই আছে। চৈধ্য বছৰ পূৰ্বেই শ্ৰীলংকা চৰকাৰে মৃত ঘোষণা কৰা প্ৰভাকৰণে শীঘ্ৰেই সোঁশৰীৰে ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিব। এই দাবী কৰিছে তামিলনাডুৰ প্ৰবীণ তথা প্ৰাক্তন ৰাজনীতিবিদ পাঝা নেডুমৰাণে। সময়ে সময়ে তামিল বিদ্ৰোহীগৰাকীৰ জীৱিত অৱস্থাক লৈ চলি থকা গুজৱৰ মাজতে নেডুমৰণৰ এই দাবীয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই) প্ৰতিষ্ঠা কৰি দ্বীপ ৰাষ্ট্ৰখনত তামিলসকলৰ বাবে পৃথক গৃহভূমিৰ দাবীৰে গেৰিলা অভিযানৰ নেতৃত্ব দিয়া প্ৰভাকৰণক ২০০৯ চনৰ ১৮ মে’ত মুলভাইকালত শ্ৰীলংকা সেনাই চলোৱা অভিযানৰ পিছত মৃত ঘোষণা কৰা হয়। সেইসময়ত ৰাষ্ট্ৰপতি হিচাপে লংকা চৰকাৰৰ নেতৃত্বত আছিল মহিন্দ ৰাজাপাক্ষে।

Apply Now

কিন্তু নেডুমৰণৰ দাবী মতে প্ৰভাকৰণ এতিয়াও জীৱিত আৰু সুস্থ অৱস্থাত আছে। বিশ্ব তামিল কনফেডাৰেচনৰ সভাপতি নেডুমৰণে থাঞ্জাভুৰত সাংবাদিকৰ সৈতে বাৰ্তালাপত কয়, “এলটিটিইৰ মুৰব্বী প্ৰভাকৰণ জীয়াই আছে আৰু অতি সোনকালে আত্মপ্ৰকাশ কৰিব। আমি এই কথা বিশ্ববাসীৰ আগত ঘোষণা কৰি সুখী। তেওঁ তামিল ইলামৰ বাবে নিজৰ পৰিকল্পনা ঘোষণা কৰিব।”

তেওঁ লগতে শ্ৰীলংকাত সিংহলী বিদ্ৰোহৰ পিছত ৰাজাপাক্ষে চৰকাৰৰ পতনে এক অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি প্ৰভাকৰণৰ আত্মপ্ৰকাশৰ বাবে এয়া উপযুক্ত সময় বুলি ইঙ্গিত দিয়ে। প্ৰভাকৰণ জীয়াই থকা বুলি দাবী কৰিলেও অৱশ্যে লিটিটিই নেতাগৰাকীৰ বৰ্তমানৰ স্থান সন্দৰ্ভত কোনো সবিশেষ তথ্য শ্বেয়াৰ কৰা নাই পাঝা নেডুমৰণে।

লক্ষণীয়ভাৱে ২০০৯ চনত শ্ৰীলংকা চৰকাৰে প্ৰভাকৰণৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ পিছতে এটা মৃতদেহৰ কেইবাখনো ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। কিন্তু এই ফটো তথা ভিডিঅ’সমূহক একাংশই ভুৱা বুলি দাবী কৰিছিল। অৱশ্যে আন একাংশই লিটিটিইৰ নেতাগৰাকীয়ে চুক্তিৰ অধীনত আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় চুক্তি উলংঘা কৰি তেওঁক গুলীয়াই হত্যা কৰা হৈছিল বুলিও অভিযোগ কৰিছিল। সেই সময়ত প্ৰভাকৰণৰ বয়স আছিল ৫৪ বছৰ।

১৯৯১ চনত শ্ৰীপেৰুম্বুদুৰত আত্মঘাতী বোমা বিস্ফোৰণেৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰাৰ প্ৰধান অভিযুক্ত আছিল প্ৰভাকৰণ আৰু তাৰ পিছত তেওঁক অপৰাধী হিচাপে ঘোষণা কৰা হৈছিল। শ্ৰীলংকাত আন কিছুমান হত্যাকাণ্ডৰ গোচৰতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু এল টি টি ইক নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল।

শ্ৰীলংকাত তামিলৰ বিৰুদ্ধে দশক দশক ধৰি চলি থকা বৈষম্যৰ বিৰোধিতা কৰি প্ৰভাকৰণে এলটিটিই গঠন কৰে আৰু সমভাৱাপন্ন আন কিছুমান গোটৰ সৈতে তামিলৰ মুক্তি আন্দোলন আৰম্ভ কৰে। এই আন্দোলনক পিছলৈ প্ৰভাকৰণে পিছলৈ পৰাক্ৰমী গেৰিলা যুদ্ধ আৰু আত্মঘাতী আক্ৰমণৰ এক প্ৰবল শক্তিশালী সশস্ত্ৰ সংগ্ৰামলৈ ৰূপান্তৰিত কৰে। উল্লেখ্য যে এলটিটিই বায়ুসেনা থকা প্ৰথমটো সন্ত্ৰাসবাদী গোট হিচাপেও পৰিগণিত হৈছিল।

এলটিটিইৰ বিৰুদ্ধে যুদ্ধৰ নামত শ্ৰীলংকাৰ চৰকাৰী বাহিনীৰ বিৰুদ্ধে বিশ্বজুৰি অবাধ হাৰত মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছিল। বিদ্ৰোহ দমনৰ নামত এক লাখৰো অধিক তামিল সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ উঠিছিল শ্ৰীলংকা চৰকাৰৰ বিৰুদ্ধে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd