• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ অবাঞ্চিত ৰেকৰ্ড!

সদনত উপস্থিতিৰ হাৰ মাত্ৰ ২৯ শতাংশ; নাই কোনো প্ৰশ্নৰ ৰেকৰ্ড, ভাগ নলয় বিতৰ্কত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2023 5:41 pm
Ranjan Gogoi as MP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ সদনত সাংসদ হিচাপে এক অবাঞ্চিত ৰেকৰ্ডৰ অধিকাৰী হৈছে। সদনত এগৰাকী সাংসদ হিচাপে ৰঞ্জন গগৈৰ ভূমিকা অত্যন্ত নিৰাশাজনক প্ৰমাণিত হৈছে। ২০২০ চনৰ মাৰ্চ মাহত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হোৱা গগৈৰ বিগত তিনি বছৰত উপস্থিতিৰ হাৰ মাত্ৰ ২৯ শতাংশহে।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য প্ৰিন্টৰ এক প্ৰতিবেদন মতে ৰাজ্যসভাৰ সাংসদসকলৰ গড় উপস্থিতি ৭৯ শতাংশৰ তুলনাত সাংসদ ৰঞ্জন গগৈৰ তিনি বছৰত গড় সংসদীয় উপস্থিতি মাত্ৰ ২৯ শতাংশহে। এই সময়ছোৱাত আনকি গগৈয়ে সদনত কোনো প্ৰশ্নও কৰা নাই অথবা কোনো বিতৰ্কতো ভাগ লোৱা নাই।

Apply Now

উচ্চ সদনত মনোনয়ন সন্দৰ্ভত গগৈয়ে এক সাক্ষাৎকাৰত ইতিপূৰ্বে এই প্ৰস্তাৱ গ্ৰহণৰ আঁৰৰ কাৰণ সন্দৰ্ভত যুক্তি আগবঢ়াইছিল। তেওঁ কৈছিল যে, বিধায়িনী দল আৰু ন্যায়পালিকাই কোনো এটা সময়ত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে একেলগে কাম কৰিব লাগিব বুলি দৃঢ় বিশ্বাসৰ বাবেই তেওঁ ৰাজ্যসভালৈ মনোনয়নৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

লগতে সংসদত তেওঁৰ উপস্থিতিয়ে বিধায়িনী দলৰ সন্মুখত ন্যায়পালিকাৰ মতামত প্ৰক্ষেপ কৰাৰ সুযোগ হ’ব বুলিও ৰঞ্জন গগৈয়ে মন্তব্য কৰিছিল। পিছে মনোনয়নৰ পিছত বিগত তিনি বছৰত তেওঁৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰকাশ পাইছে। বিগত সময়চোৱাত এতিয়ালৈকে সদনত ন্যায়পালিকা বা উত্তৰ-পূবৰ সৈতে জড়িত বিষয়ত কোনো মন্তব্য কৰা নাই সাংসদগৰাকীয়ে।

২০২২ চনৰ মাৰ্চ মাহত ৰাজ্যসভাত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কাম-কাজৰ বিষয়ে আলোচনা হৈছিল যদিও এই আলোচনাত গগৈয়ে অংশগ্ৰহণ কৰা নাছিল। ২০২১ চনৰ শেষৰ ফালে উচ্চ সদনে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্ত) সংশোধনী বিধেয়কৰ ওপৰত আলোচনা কৰিছিল। কিন্তু এই আলোচনাতো অংশগ্ৰহণ কৰা নাছিল প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

২০২১ চনৰ ডিচেম্বৰ মাহত এক সাক্ষাৎকাৰত ৰাজ্যসভাত অনুপস্থিতিৰ বিষয়ত গগৈয়ে আত্মপক্ষ সমৰ্থনত ক’ভিদৰ বাবে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি অধিৱেশনত উপস্থিত থকা নাছিল বুলি যুক্তি দিছিল। লগতে তেওঁ সদনলৈ নিজ পছন্দ মতেহে যায় আৰু সদনৰ পৰা ওলাই আহে বুলি মন্তব্য কৰি কোনো দলীয় হুইপৰ দ্বাৰা পৰিচালিত নহয় আৰু এগৰাকী নিৰ্দলীয় সদস্য বুলিহে স্পষ্ট কৰি দিছিল।

ৰাষ্ট্ৰপতিৰ দ্বাৰা উচ্চ সদনলৈ মনোনয়ন লাভ কৰাৰ পিছতে গগৈক ২০২০ চনৰ জুলাই মাহত বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিতো নিযুক্তি দিয়া হয়। ২০২১ চনত তেওঁক যোগাযোগ আৰু আই টিৰ স্থায়ী সমিতিত স্থান দিয়া হয়। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত গগৈক বৈদেশিক পৰিক্ৰমা সমিতিলৈ পুনৰ মনোনীত কৰা হৈছিল যদিও সমিতিৰ ৯ খন বৈঠকৰ এখনতো উপস্থিত থকা নাছিল।

লগতে যোগাযোগ সমিতিৰ অংশ হিচাপেও গগৈয়ে আঠ মাহ কাৰ্যনিৰ্বাহ কৰিছিল যদিও ৰাজ্যসভাৰ ৰেকৰ্ড অনুসৰি তেওঁ এখনো বৈঠকত অংশগ্ৰহণ কৰা নাছিল। এই সময়ছোৱাত সমিতিখনে “নাগৰিক অধিকাৰ সুৰক্ষিত কৰা আৰু সামাজিক আৰু অনলাইন বাতৰি মঞ্চৰ অপব্যৱহাৰ প্ৰতিৰোধ” আদি বিষয়ত আলোচনা কৰিছিল। কিন্তু এনে গুৰুত্বপূৰ্ণ আলোচনাতো দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে অংশগ্ৰহণ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd