• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ছিৰিয়া ভূমিকম্প : নিজৰ লগতে সন্তানৰ প্ৰাণৰক্ষা কেনেকৈ কৰিলে এইগৰাকী মহিলাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 1:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্ক আৰু ছিৰিয়াত হোৱা প্ৰচণ্ড ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। অৱশ্যে ইয়াৰ মাজতে এই ভয়ংকৰ দুৰ্যোগৰ পৰা নিৰাপদে বাচি যোৱা কিছু ভাগ্যৱান লোকো আছে। তেনে ভাগ্যৱান লোকৰ ভিতৰত এগৰাকী হৈছে ছিৰিয়াৰ উম কানান। এই উম কানানৰ প্ৰাণৰক্ষা পৰাৰ কাহিনীয়ে এতিয়া সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি উম কানানে যেতিয়া ভূকম্পনৰ প্ৰাৰম্ভিক কঁপনি অনুভৱ কৰিলে, তেতিয়াই নিজৰ তিনি সন্তানক শোৱাপাতিৰ জগাই দিলে আৰু পৰিয়ালৰ ফ’টো আৰু নথি-পত্ৰসমূহৰ লৈ শোৱা কোঠাৰ সৰু আলমাৰী এটাত খৰধৰকৈ কণিষ্ঠ সন্তানসহ তেওঁ সোমায় পৰে।

ছিৰিয়াৰ ভূমধ্যসাগৰীয় চহৰ জাবলেত থকা এটা এপাৰ্টমেণ্টৰ তেওঁলোকৰ চতুৰ্থ মহলাৰ ফ্লেটটো ভূমিকম্পই ধ্বংস কৰি পেলায়। ইয়াৰ ফলত তেওঁলোকৰ প্ৰায় সকলো ওচৰ-চুবুৰীয়াৰ মৃত্যু হৈছিল যদিও তেওঁলোকৰ চাৰিজনৰ প্ৰাণৰক্ষা পৰাৰ লগতে তেওঁলোকৰ বহুমূলীয়া নথি পত্ৰসমূহ অক্ষত অৱস্থাত সুৰক্ষিত হৈ ৰয়।

Apply Now

অট্টালিকাটো ভাঙি পৰিলেও কোঠাটোৰ এটা কোণত থকা আলমাৰীটোৰ এক মিটাৰতকৈও অধিক ব্যায়াৰ্ধ ঠাইত সুৰক্ষিত হৈ থাকে আৰু তাতে আবদ্ধ হৈ পৰে সন্তানসহ উম কানান। একে সময়তে আলমাৰী আৰু বিচনাৰ মাজৰ এটা চুকত তেওঁৰ দুই জ্যেষ্ঠ পুত্ৰ আৰু কন্যাই সোমাই পৰে।

অট্টালিকাটো ভাঙি যোৱাৰ সময়ত তেওঁলোকে নিজকে বচাবলৈ আঠুৱাও ব্যৱহাৰ কৰিছিল। উম কানানে ভূমিকম্পৰ পিছত সেই কোঠাটোত আবদ্ধ হৈ থকাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়, “মই ভাবিবলৈ ধৰিলোঁ, এনেকুৱাও হ’ব পাৰেনে! আমাৰ অট্টালিকাটো সঁচাই ভাঙি গৈছে নেকি? এইটো সপোন নেকি? মই লৰচৰ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু কৰিব নোৱাৰিলে।”  তেওঁ লগতে ক’লে, “ল’ৰা-ছোৱালীকেইটা আৰু মই অলৌকিক ক্ষমতাৰ বলতে চাগে কোঠাৰ কোণত সোমাই পাৰিছিলোঁ।”

উম কানানৰ সেনা বিষয়া স্বামীও এই প্ৰাকৃতিক দুৰ্যোগত প্ৰাণৰক্ষা পৰে। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ছিৰিয়াত ৫ হাজাৰতকৈ অধিক আৰু তুৰস্কত ৩৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ সময়ত উম কানানৰ স্বামী ঘৰত নাছিল। কিন্তু এই দুৰ্যোগৰ মাজতো প্ৰাণৰক্ষা তেওঁৰ পত্নী আৰু সন্তানক উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলৰ পৰা নিৰাপদে উদ্ধাৰ কৰাৰ পাছত তেওঁলোকক সাক্ষাৎ কৰে।

উল্লেখ্য যে, কানানহঁতৰ এপাৰ্টমেণ্টটোত কোনো লোকেৰে প্ৰাণ ৰক্ষা পৰা নাই। উম কানানে কয়, “উদ্ধাৰকাৰীয়ে কোঠাটোৰ ওপৰৰ পৰা চালখন আঁতৰাই দিলে আৰু দুয়োটা ল’ৰা-ছোৱালীকে নিৰাপদে উলিয়াই আনিলে। তাৰ পিছত মোক আৰু মোৰ সৰু ল’ৰাটোক উলিয়াই অনা হ’ল। মই মোৰ পেক কৰা বেগটো লগত লৈ আনিলো।”

কিবা এক অস্থিৰ তাড়নাত পৰি উম কানানে ভূমিকম্পৰ আগদিনা বেগটো সাজু কৰি পৰিয়ালৰ সকলোৰে প্ৰমাণ পত্ৰ, আইডি আৰু বিবাহৰ প্ৰমাণ পত্ৰৰ লগতে ফ’টো এলবাম আৰু ভিডিঅ’ কৰি একেলগে থুপ কৰি ৰাখিছিল।

“প্ৰায় আঠ বছৰ ধৰি আমি সেই ঘৰটোত বাস কৰি আছো আৰু মই আগতে কেতিয়াও এনেকুৱা বস্তু মজুত বা থুপ কৰি থোৱাৰ কৰাৰ কথা ভবা নাছিলো।” এইদৰে কৈ উম কানানে নিজকে অত্যন্ত সৌভাগ্যৱতী বুলি অনুভৱ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd