বুধবাৰে ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প জোঁকাৰি গৈছে নিউজিলেণ্ড।
ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে ৱেলিংটনৰ সমীপৰ ল’ৱাৰ হাটৰ পৰা ৭৮ কিলোমিটাৰ উত্তৰ-পশ্চিমত। ভূমিকম্পৰ কেন্দ্ৰবিন্দু পাৰাপাৰাউমু চহৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত।
নিউজিলেণ্ডৰ চৰকাৰী ভূমিকম্প নিৰীক্ষক জিঅ’ নেটে জনোৱা মতে, ৪৮ কিলোমিটাৰ (৩০ মাইল) গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হৈছে।
ছিৰিয়া আৰু তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰায় ১০ দিনৰ পাছত নিউজিলেণ্ডত এই ভূমিকম্পটো সংঘটিত হৈছে।
তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই এই পৰ্যন্ত ৪১ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।