আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিচিপিৰ আৰ্কাবুটলা চহৰত বন্দুকধাৰীৰ এলানি গুলীচালনাৰ ঘটনাত কমেও ৬জন লোক নিহত হৈছে। শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত গুলীচালনা সংঘটিত হৈছিল।
বাতৰি মতে, গুলীচালনাৰ পিছত নিহত তিনিজন লোকক দুটা ঘৰৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল। আন তিনিজনক এখন দোকানত, এখন গাড়ীত আৰু ৰাস্তাত পোৱা গৈছিল।
টেট কাউণ্টিৰ শ্বেৰিফ ব্ৰেড লেন্সে কৈছে যে ৰিচাৰ্ড ডেল ক্ৰাম নামৰ এজন ৫২ বছৰীয়া বন্দুকধাৰীয়ে শুকুৰবাৰে প্ৰথমে স্থানীয় দোকান এখনত প্ৰৱেশ কৰিছিল আৰু এজন লোকক গুলীয়াইছিল। তাৰ পিছত তেওঁ ওচৰৰ এটা ঘৰলৈ গৈছিল য’ত তেওঁ এগৰাকী মহিলাক গুলীয়াই হত্যা কৰিছিল। মহিলাগৰাকীৰ প্ৰেমিকো আঘাতপ্ৰাপ্ত হৈছিল।
জানিব পৰা মতে, মহিলাগৰাকী আছিল আক্ৰমণকাৰী ক্ৰামৰ প্ৰাক্তন পত্নী।
ব্ৰেড লেন্সে জনায় যে তেওঁৰ সহকৰ্মীসকলে সন্দেহজনক লোকক এখন গাড়ীৰ ভিতৰত দেখিছিল আৰু তেওঁক খেদি গৈ আটক কৰে।
লোকপিয়লৰ তথ্য অনুসৰি, মিচিচিপি ৰাজ্যৰ আৰ্কাবুটলা চহৰৰ জনসংখ্যা ৩০০ তকৈও কম। আক্ৰমণৰ পিছত মিচিচিপি ব্যুৰো অফ ইনভেষ্টিগেশ্বনক তদন্তত সহায় কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ অতৰ্কিত আক্ৰমণৰ ঘটনা শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে। যোৱা তিনিমাহতে দেশখনৰ কেইবাঠাইতো এনে ঘটনা সংঘটিত হৈছে।





