• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা কালিয়নি বৌদ্ধবিহাৰত এপলক

জিতেন কুমাৰ হাজৰিকা      by জিতেন কুমাৰ হাজৰিকা     
February 19, 2023 1:46 pm
Buddhist Monastery
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা অৰুণাচল প্ৰদেশৰ থেৰবাদ বৌদ্ধ ধৰ্মালম্বী লোক সকলৰ অতি চিনাকি নাম ‘কালিয়নি’ বা ‘কালনি’ ৷ কাৰ্বিআংলং জিলাৰ চকীহোলা নিলিপ উন্নয়ন খণ্ডৰ অন্তৰ্গত এই ঠাই গোলাঘাট জিলাৰ মৰঙি মৌজাৰ দক্ষিণ-পশ্চিম সীমান্তত অৱস্থিত৷ গাঁওখনৰ নিচেই কাষেদি পাহাৰীয়া খৰস্ৰোতা কালিয়নি নৈ বৈ গৈছে৷ নৈ খনৰ নামানুসৰি ঠাইখনৰ নাম কালিয়নি হোৱা বুলি ধাৰণা হয়৷ ভৌগোলিক অথবা বুৰঞ্জী প্ৰসিদ্ধ ন’হলেও এই স্থান বৌদ্ধধৰ্মী লোকসকলৰ বাবে অতি আদৰণীয়, চিৰনমস্য তীৰ্থস্থান হিচাপে সুদুৰ অতীতৰ পৰা পৰিগণিত হৈ আহিছে

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে সপৰিয়ালে ভাইটি বাবুলক লৈ যাত্ৰা কৰিলো কালিয়নিলৈ বুলি৷ উদ্দেশ্য দৈনন্দিন ব্যস্ততা আৰু যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ কোলাত নিজকে বিচাৰি চোৱাৰ আনন্দ৷ মান(টাই-ভাষী) জনজাতিৰ তথাকথিত আইটন সম্প্ৰদায়ৰ লোকে বসবাস কৰা এই গাঁওখন ১৭৭৮-১৭৭৯ চনত প্ৰতিষ্ঠা হৈছিল৷ গাঁওখনৰ স্থানীয় নাম বানলুং৷ গাঁওখন সামৰি সমগ্ৰ কালিয়নি অঞ্চলৰ মেৰাভেটি, ভিতৰ কালিয়নিক বানপানী, গৰাখহনীয়া আদিৰ পৰা ৰক্ষা কৰিবলৈ চাংলাংঘাটৰ পৰা গুৰিয়াজান পৰ্যন্ত এটা মথাউৰিয়ে আগুৰি আছে৷ পূৰ্বতে বকিয়ালঘাটৰ পৰা এই মথাউৰিয়েদি বৌদ্ধবিহাৰ খনলৈ অহা-যোৱা কৰিছিল৷ পিছলৈ এই নৈ খনে বিহাৰখনৰ প্ৰায় এক ডেৰ কিলোমিটাৰ দূৰত্বৰ পশ্চিম দিশত মথাউৰি ছিঙি নতুন সুঁতি সলনি কৰি গাঁওখনক দ্বিখণ্ডিত কৰে৷

এই গাঁৱত বসবাস কৰা মান(টাই-ভাষী) জনজাতিৰ তথাকথিত আইটন সম্প্ৰদায়ৰ লোক সকলৰ আদি বাসস্থান ম্যানমাৰৰ পৰা প্ৰৱজন হৈ পোনপ্ৰথমে জামুগুৰি ওৱাটিঙৰ সমীপবৰ্তী নগোৰাত অৱস্থান লৈ পিছলৈ মৰঙি অঞ্চলৰ দৈগ্ৰোঙৰ পৰা কালিয়নিলৈ আহে৷ কালিয়নি গাঁৱৰ এই বৌদ্ধবিহাৰ খনৰ নাম “অশোকা ছূতংপ্যে ফ্ৰা”৷ গাঁওখন প্ৰতিষ্ঠা হোৱা কালৰে পৰা এই বৌদ্ধবিহাৰ নিৰ্মাণ হৈ আহিলেও তাৰ কোনো পৌৰাণিক চিহ্ন বা লিপিবদ্ধ তথ্য পাবলৈ নাই৷ কেৱল ১৯৭৯ চনত নিৰ্মাণ কৰা আৰু ১৯৮২চনৰ ৭, ৮ আৰু ৯ মাৰ্চত দান সম্পন্ন কৰাৰহে তথ্য আছে৷ গাঁওখনৰ সম্পৰ্কে বুজ ল’বলৈ বুলি আমি স্থানীয় গাঁও প্ৰধান আইচেম শ্যাম ডাঙৰীয়াৰ ঘৰলৈ গ’লো৷

Apply Now

তামোল-পাণ, ধনে-ধানে উভৈনদী শ্যাম ডাঙৰীয়া ঘৰত নাছিল যদিও তেখেতৰ পত্নী জয়া শ্যামে আমাক আথে বেথে বহুৱাই ৰঙাচাহ বিস্কুটেৰে আপ্যায়িত কৰিলে৷ অতিশয় সাদৰি জয়া শ্যামৰ বিনয় ব্যৱহাৰ কোনো কালে পাহৰিব নোৱাৰিম৷ শ্যামৰ দুগৰাকী কন্যা দুয়ো উচ্চ শিক্ষিতা৷ ডাঙৰ গৰাকী দেওপানী কলেজৰ প্ৰবক্তা, সৰু গৰাকী দূৰ শিক্ষা যোগে স্নাতকোত্তৰ পঢ়ি আছে৷ ল’ৰাই বিয়া বাৰু কৰাই ঘৰুৱা খেতি বাতি চম্ভালিছে৷ নাই কোনো গৰ্ব অহংকাৰ; উদাৰ আৰু সৰল মনৰ৷ বছৰৰ প্ৰথম দিনটোত আলহী অতিথি আহিলে তেওঁলোকে হেনো বৰ সুখী হয়৷ এয়াই হেনো তেওঁলোকৰ ধৰ্ম৷ বিদায় পৰত জয়া শ্যাম বাইদেউৰ সতে এখন ফটো উঠালো৷

জানিব পৰা মতে বিহাৰখনৰ মুঠ ৪৬ টা সৰু বৰ আৰু না না আকৃতি ও মুদ্ৰাৰ বুদ্ধমূৰ্তি আছে৷ সেই সকলৰ ভিতৰত “ছূতং ফ্ৰা” জনেই প্ৰধান আৰু এইজনা মূৰ্তিৰ বাবেই এই স্থান বৌদ্ধসকলৰ অন্যতম পবিত্ৰ প্ৰসিদ্ধ তীৰ্থস্থান হিচাপে স্বীকৃতি লাভ কৰিছে৷ অলৌকিক গুণসম্পন্ন, সদাজাগ্ৰত এই মূৰ্তিজনাক সেৱা প্ৰাৰ্থনা বা মনোসিদ্ধি বাঞ্চনাৰে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে লোক ইয়ালৈ আহে৷ প্ৰতিবছৰে ফাগুনী পূৰ্ণিমা আৰু ছাংকেন উৎসৱ উপলক্ষত কেইবা সহস্ৰাধিক দৰ্শনাৰ্থীৰ সমাগম হয়৷

Buddhist Monastery

কথিত আছে যে, নগোৰা নামৰ ঠাইত থকা সময়তে মান সেনাপতি মিংগিমাহা আৰু চামনেংয়ে বৌদ্ধধৰ্মীয় নিজ মিতিৰ-কুটুম বুলি চিনিব পাৰি গাঁওবাসীক এই মূৰ্তিজনাক আনুমানিক ১৭৭৫ চনত অৰ্পণ কৰি গৈছিল৷ এবাৰ বিহাৰখন সম্পূৰ্ণৰূপে জুইত ধ্বংসপ্ৰাপ্ত হওঁতে কিছুদিনৰ পিছত বিহাৰৰ নাতিদূৰৰ হাবিয়নিত অক্ষত অৱস্থাত এই মূৰ্তিজনা উদ্ধাৰ হৈছিল৷ নানা কাৰণত বসতিস্থান সলনি হোৱাত মূৰ্তিজনাক কালিয়নিত প্ৰতিষ্ঠা কৰা হয়৷

এই স্থানলৈ অহা-যোৱাৰ ব্যৱস্থা বৰ্তমান সুচল বুলিয়েই ক’ব পাৰি৷ ৩৯ নং ৰাষ্ট্ৰীয় পথৰ পৰা পোৰাবাংলা চফেলা বাগিচা হৈ কালিয়নিলৈ আহিব পাৰি৷ কালিয়নি নদী পাৰ হ’বলৈ এতিয়া চৰকাৰে কালভাৰ্টৰ দলং নিৰ্মাণ কৰি দিছে৷ ৰঙাজানৰ পৰা মুৰফুলনি বগীজান হৈ কালিয়নি পথেৰেও আহিব পাৰি৷

পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট স্থল থকা এই ঠাইখনৰ আৰ্থ সামাজিক অনগ্ৰসৰতা, যাতায়তৰ উন্নতি, শিক্ষা আদি দিশৰ উন্নয়ন কৰাটো অতি জৰুৰী হৈ পৰিছে৷ অৱশ্যে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই এই বিহাৰখনৰ উন্নতিৰ দিশত কাম কৰিবলৈ আগবাঢ়ি অহাটো আশাপ্ৰদ বতৰা বুলিয়েই ক’ব লাগিব ৷ কালিয়নি বৌদ্ধবিহাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত মূল কালিয়নি নদী৷ পাহাৰীয়া খৰস্ৰোতা নৈ খনৰ পানী অতিকে নিৰ্মল৷ কালিয়নি পাৰ হ’লেই আপুনি কাৰ্বি আংলং জিলাত ভৰি দিব৷ ইয়াতো এখন দলং নিৰ্মাণ কৰি দুয়োখন জিলাৰ লগত সংযোগ ঘটাব পাৰি।

দিনটো আমাক সংগ দিলে আমাৰ শ্ৰীমতীৰ কলেজীয়া জীৱনৰ বন্ধু জিতেন বাৰিকে৷ একালৰ ছাইৰ দক্ষ ফুটবলাৰ, Music Composer বাৰিক ডাঙৰীয়াই আমাক এজন পেশাদাৰী Guideৰ দৰেই সহযোগিতা আগবঢ়ালে৷ দিনটোৰ আনন্দ বুকুত সাবতি বেলি লহিওৱাৰ পৰত কালিয়নিৰ পাৰে পাৰে আমি ঘৰমূৱা হ’লো৷ আপুনিও আহিব পাৰে কালিয়নিৰ এই বৌদ্ধবিহাৰ দৰ্শন কৰিবলৈ, আন একো নেপালেও মনত গভীৰ প্ৰশান্তি পাব৷ আজিৰ তাৰিখত এইটোৱেই আমাৰ বাবে পৰম প্ৰাপ্তি৷

(লেখকৰ ফোন নং:- 9435932669)

জিতেন কুমাৰ হাজৰিকা     

জিতেন কুমাৰ হাজৰিকা     

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd