চিৰিয়াৰ দামাস্কাছত ইজৰাইলী মিছাইল আক্ৰমণত কমেও ১৫ জন লোক নিহত হৈছে। শনিবাৰে নিশা হোৱা এই আক্ৰমণত এটা অট্টালিকাও ধ্বংস হৈছে। চিৰিয়াৰ যুদ্ধ পৰিস্থিতি নিৰীক্ষণ কৰা চিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছে এই তথ্য সদৰী কৰিছে।
চিৰিয়ান অবজাৰ্ভেটৰীয়ে কৈছে যে মিছাইলটো ইৰাণৰ সাংস্কৃতিক কেন্দ্ৰৰ ওচৰত আঘাত কৰিছিল। ইয়াৰ ফলত অসামৰিক লোককে ধৰি ১৫ জন লোক নিহত হয়।
২০১১ চনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা ইজৰাইলে চিৰিয়াত শতাধিক বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণবোৰে সাধাৰণতে চিৰিয়াৰ সেনা, ইৰানী বাহিনী আৰু লেবাননৰ হিজবুল্লাহক লক্ষ্য কৰি লৈছিল যদিও আৱাসিক এলেকাত আক্ৰমণৰ ঘটনা বিৰল।
শনিবাৰে নিশা চিৰিয়াৰ কাফ্ৰ চুচা অঞ্চলত মিছাইল আক্ৰমণটো সংঘটিত হৈছিল। নিৰাপত্তা সংস্থা আৰু চোৰাংচোৱা মুখ্য কাৰ্যালয় অঞ্চলটোত অৱস্থিত। জ্যেষ্ঠ বিষয়াসকল তাতেই বসবাস কৰে।
চিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয়, “মাজনিশা প্ৰায় ১২:২২ বজাত ইজৰাইলৰ শত্ৰুসকলে দামাস্কাছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক লক্ষ্য কৰি গোলান হাইটছৰ পৰা বিমান আক্ৰমণ চলাইছে। ইয়াত আৱাসিক এলেকাও অন্তৰ্ভুক্ত আছে।‘’
চিৰিয়ান অবজাৰ্ভেটৰীৰ মুৰব্বী ৰামি আব্দেল ৰহমানে এই আক্ৰমণক চিৰিয়াৰ ৰাজধানীত হোৱা আটাইতকৈ ভয়ংকৰ ইজৰাইলী আক্ৰমণ বুলি বৰ্ণনা কৰিছে।
দামাস্কাছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইজৰাইলী মিছাইল আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ এমাহৰো অধিক সময়ৰ পিছত নতুন আক্ৰমণটো ঘটিছে। পূৰ্বৰ আক্ৰমণটো ২ জানুৱাৰীত সংঘটিত হৈছিল। চিৰিয়ান অবজাৰ্ভেটৰীয়ে কৈছিল যে সেই আক্ৰমণটোৱে বিমানবন্দৰৰ আশে-পাশে থকা হিজবুল্লাহ আৰু ইৰাণ পন্থী সশস্ত্ৰ গোটসমূহৰ অৱস্থানসমূহ লক্ষ্য কৰি লৈছিল।
ইজৰাইলী সামৰিক বাহিনীয়ে চিৰিয়াত হোৱা আক্ৰমণৰ বিষয়ে মন্তব্য কৰাটো বিৰল। অৱশ্যে, দেশখনৰ কৰ্তৃপক্ষই সদায় কৈ আহিছে যে তেওঁলোকে ইৰাণক ইজৰাইল সীমান্ত প্ৰভাৱিত কৰিবলৈ নিদিয়ে।