• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ২০২২ বৰ্ষৰ ক্ৰান্তিকাল বঁটা

বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক কুল শইকীয়াই গল্প-সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল বঁটা প্ৰদান কৰা বিষয়টোৰ শলাগ লয়, তেখেতে কয় "শিকদাৰে কমাই লিখে কিন্তু ভাল লিখে৷ প্ৰচুৰ অধ্যয়নশীল আৰু সুক্ষ্ম পৰ্যবেক্ষক জ্যোতিষ শিকদাৰলৈ এনে স্বীকৃতিয়ে গল্পকাৰজনক উৎসাহিত কৰাত শিৱৱকান্ত ক্ৰান্তিকাল ন্যাসৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়৷"

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2023 4:55 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ ফেব্ৰৱাৰী ২০২৩ তাৰিখ দেওবাৰে শিলপুখুৰীস্থিত পঞ্চৱতীৰ মুনীন বৰকটকী স্মাৰক ন্যাসৰ আড্ডাঘৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰক ক্ৰান্তিকাল সাহিত্য বঁটা ২০২২ প্ৰদান কৰা হয়৷ বিশিষ্ট গল্পকাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়া, বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, বিশিষ্ট গল্পকাৰ তথা সাহিত্য অকাডেমি অসমীয়া ভাষা পৰিষদৰ সদস্য অপূৰ্ব শইকীয়া, বিশিষ্ট গল্পকাৰ তথা সাংবাদিক বিতুপন বৰবৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়৷ ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাশ ৰাজখোৱা, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ দ্বাৰা পৰিচালিত আৰু সম্পাদিত শিৱকান্ত–ক্ৰান্তিকাল ন্যাসৰ দ্বাৰা প্ৰদান কৰা এই বঁটা ২০১১ চনৰ পৰা অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোজনকৈ পুৰোধা ব্যক্তি তথা সাধকলৈ আগবঢ়াই অহা হৈছে৷ বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক কুল শইকীয়াই গল্প–সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল বঁটা প্ৰদান কৰা বিষয়টোৰ শলাগ লয়, তেখেতে কয় “শিকদাৰে কমাই লিখে কিন্তু ভাল লিখে৷ প্ৰচুৰ অধ্যয়নশীল আৰু সুক্ষ্ম পৰ্যবেক্ষক জ্যোতিষ শিকদাৰলৈ এনে স্বীকৃতিয়ে গল্পকাৰজনক উৎসাহিত কৰাত শিৱৱকান্ত ক্ৰান্তিকাল ন্যাসৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়৷” গল্পকাৰ দেৱব্ৰত দাসে শিকদাৰৰ গল্প সম্পৰ্কত গুৰুত্বপূৰ্ণ কেইবাটাও দিশ আলোচনা কৰি নিজৰ মত প্ৰকাশ কৰে৷ গল্পকাৰ বিতুপন বৰবৰাই কয় যে মধ্যবিত্তীয়, নিম্ন মধ্যবিত্তীয় শ্ৰেণীৰ চিত্ৰ দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া গল্পকাৰ শিকদাৰ হ‘ল সমাজৰ অৱহেলিত শ্ৰেণীৰ এটা কণ্ঠ৷ একেবাৰে মাটিৰ পৰা গল্পৰ বিষয় বস্তু দাঙি ধৰি উচ্চ পৰ্যায়ৰ সাহিত্য ৰচনাত জ্যোতিষ শিকদাৰৰ নিপুনতা অগতানুগতিক৷ বিশিষ্ট সাহিত্যিক অপূৰ্ব শইকীয়াৰ মতে জ্যোতিষ শিকদাৰ এনে এজন গল্পকাৰ যি নিজা নিয়মত স্বকীয় ভাষা–বৈশিষ্টৰে গল্প লিখে৷ শিকদাৰ অসমীয়া সাহিত্যৰ এজন অতি সমৃদ্ধিশালী গল্পকাৰ৷
ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত অগতানুগতিকভাবে অসমীয়া সমাজত নীৰৱে সাধনা কৰি অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে এনেকৈ বঁটা প্ৰদান কৰি অহা কথাটোৰ ক্ষেত্ৰত আমন্ত্ৰিত অতিথিসকলে বিশেষ গুৰুত্বসহকাৰে আলোচনা কৰে৷ লগতে এই বঁটাৰ দীৰ্ঘায়ু কামনা কৰে৷
গামোচা, চেলেং, ক্ৰান্তিকাল বঁটাৰ স্মাৰক, সম্বৰ্দ্ধনা–পত্ৰ, গ্ৰন্থৰ টোপোলা, পঁচিশ হাজাৰ নগদ ধন আৰু ফুলৰ থোপাৰে উপস্থিতসকলে জ্যোতিষ শিকদাৰক এই বঁটাৰে সম্বৰ্ধিত কৰে৷ লগতে আড্ডাঘৰৰ তৰফৰ পৰাও গল্পকাৰ গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয়৷ “আশীৰ দশকৰ পৰা নিজস্ব ধাৰা এটাৰে, সামাজিক দৃষ্টিভংগীৰে, বিষাদ আৰু হতাশাৰ বিষয়কো প্ৰতিবাদৰ ভাষা কৰি গঢ়ি তোলা জ্যোতিষ শিকদাৰে নিজা এটা প্ৰতিষ্ঠা বা পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে“— বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে আদৰণি ভাষণত ক্ৰান্তিকাল সাহিত্য বঁটা আৰু জ্যোতিষ শিকদাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷
বঁটা–প্ৰাপক জ্যোতিষ শিকদাৰে বঁটা গ্ৰহন কৰি ধন্যবাদসূচক বক্তব্যত নিজকে এতিয়াও সাহিত্যৰ ছাত্ৰ বুলি গণ্য কৰা প্ৰসংগ ব্যক্ত কৰে৷
কবি নীলাভ সৌৰভে আঁত ধৰা অনুষ্ঠানটোত কোকিল শইকীয়া, অংকুৰ ৰঞ্জন ফুকন, মিনাক্ষী বৰকটকীকে আদি কৰি কেইবাগৰাকীও নবীন–প্ৰবীণ সাহিত্যিক, কবি উপস্থিত থাকে৷
ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যেক্তা কৈলাশ ৰাজখোৱাই প্ৰদান কৰা শলাগৰ শৰাইৰে এই বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণি পৰে৷

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd