দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসুৰ আৰু অসুৰৰ সেৱা কৰিছে কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰে! এই বিস্ফোৰক মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদে। ৰাজ্যসভাৰ সাংসদ জৱাহৰ ছিৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘অসুৰ’ৰ সৈতে তুলনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক তীব্ৰ সমালোচনা কৰে।
অৱশ্যে এই মৌখিক আক্ৰমণৰ বাবে ছিৰকাৰে ব্যৱহাৰ কৰে জয়শংকৰৰ পিতৃৰ উদ্ধৃতি। এই টুইট যোগে ছিৰকাৰে কয়, “এছ জয়শংকৰৰ পিতৃ কে সুব্ৰমণ্যমে কৈছিল যে ২০০২ চনত গুজৰাটত ধৰ্মক হত্যা কৰা হৈছিল। নিৰীহ নাগৰিকক ৰক্ষা কৰাত যিসকল ব্যৰ্থ হৈছিল তেওঁলোক অধৰ্মৰ দোষী। ৰামে তেওঁৰ ধনুখন গুজৰাটৰ অসুৰ শাসকসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলেহেঁতেন।”
টুইটটোত ছিৰকাৰে লগতে জয়শংকৰক বিদ্ৰুপ কৰি সুব্ৰমণ্যৰ পুত্ৰ হৈও অসুৰৰ সেৱা কৰাৰ বাবে তেওঁ লজ্জিত হোৱা উচিত বুলি মন্তব্য কৰে।
উল্লেখ্য যে, জয়শংকৰে তেওঁৰ পিতৃ কে সুব্ৰহ্মণ্যমক ১৯৮০ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেন্দ্ৰীয় সচিব পদৰ পৰা অপসাৰণ কৰিছিল বুলি মন্তব্য কৰিছিল। এই প্ৰসঙ্গতো তৃণমূল নেতাগৰাকীয়ে জয়শংকৰক সমালোচনা কৰে।
ছিৰকাৰৰ মতে, জয়শংকৰে গান্ধী পৰিয়ালক আটাইতকৈ আনুগত্যৰে সেৱা আগবঢ়োৱা আৰু তেওঁলোকৰ অধীনত শ্ৰেষ্ঠ পদবী লোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাটো আচহুৱা কথা। তেওঁ লগতে জয়শংকৰ এম্নেছিয়া আক্ৰন্ত নেকি বা বৈদেশিক মন্ত্ৰী হিচাপে অভূতপূৰ্ব পদোন্নতিৰ বাবে বিজেপিক চাতুকাৰিতা কৰি আছে নেকি বুলিও প্ৰশ্ন কৰে।
ইফালে গুজৰাটৰ গোধৰা কাণ্ড আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত নিৰ্মিত বিবিচিৰ তথ্যচিত্ৰখনৰ সময়ক লৈ জয়শংকৰে উত্থাপন কৰা প্ৰশ্নৰো উত্তৰ দিয়ে। গুজৰাটৰ তদানীন্তন মোদী চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱাই জৱাহৰ ছিৰকাৰে বিবিচিৰ তথ্যচিত্ৰখনত তথ্যসমূহ সঁচা নে মিছা দেখুওৱা হৈছে, সেয়াহে মূল প্ৰশ্ন বুলি মন্তব্য কৰে।