• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ! কোহলীৰ সৈতে সমতা স্থাপন, অতিক্ৰম ৰবি শাস্ত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 9:02 pm
Umesh Yadav equals Virat Kohli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ভাৰতীয় তাৰকা বিৰাট কোহলী। যোৱা প্ৰায় ডেৰ দশকযোৰা ক্ৰিকেট কেৰিয়াৰত সোঁহতীয়া তাৰকা খেলুৱৈগৰাকীয়ে লাভ কৰিছে ঈৰ্ষণীয় সফলতা, স্থাপন কৰিছে বহু অভিলেখ। পিছে কোহলীৰ দৰে এগৰাকী খেলুৱৈৰ সৈতে এতিয়া এক বেটিং ৰেকৰ্ডৰ ক্ষেত্ৰত সমশাৰীত স্থান লাভ কৰিছে ভাৰতীয় পেচ বলাৰ উমেশ যাদৱে।

কেৱল সেয়াই নহয়, এই ক্ষেত্ৰত যাদৱে ভাৰতৰ প্ৰাক্তন তাৰকা তথা প্ৰশিক্ষক ৰবি শাস্ত্ৰীকো অতিক্ৰম কৰিছে। সাধাৰণতে এগৰাকী বলাৰ হিচাপে যাদৱৰ সফলতা সন্দেহাতীত যদিও এগৰাকী বেটাৰ হিচাপে কোহলীৰ সৈতে যাদৱৰ সমতা স্থাপনৰ বিষয়ে শুনিবলৈ আচহুৱা যেন লাগিব পাৰে। কিন্তু টেইল এণ্ডাৰ বেটাৰ হিচাপে যাদৱে ইতিমধ্যে বিগ হিটাৰ ৰূপত নিজৰ পৰিচয় দাঙি ধৰিছে।

Apply Now

এই ‘বিগ হিটাৰ’ হিচাপেই এতিয়া যাদৱে সমতা স্থাপন কৰিছে কোহলীৰ সৈতে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত আজি যাদৱে নিম্নক্ৰমত বেটিং কৰিবলৈ আহি ১৭ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এই ইনিংছটোত যাদৱে ১ টা চাৰি আৰু ২ টা ছয় কোবায়।

যাদৱে এই দুটা ছয় কোবাই আন্ত:ৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত ছিক্সাৰৰ সংখ্যা ৫৫ খন টেষ্টত ২৪ টালৈ বৃদ্ধি কৰে। টেষ্ট কেৰিয়াৰত কোহলীৰ নামতো আছে মুঠ ২৪ টা ছয়। এইদৰে তেওঁ টেষ্ট কেৰিয়াৰত বিৰাট কোহলীৰ সৈতে ছিক্সাৰৰ সংখ্যাৰ ক্ষেত্ৰত সমতা স্থাপন কৰে। লগতে তেওঁ ৰবি শাস্ত্ৰীৰ নামত থকা ২২ টা ছয়ৰ সংখ্যাক অতিক্ৰম কৰে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকাত শীৰ্ষত আছে বীৰেন্দ্ৰ সেহৱাগ। প্ৰাক্তন অপেনাৰগৰাকীৰ নামত আছে ৯১ টা ছিক্সাৰৰ ৰেকৰ্ড। সেহৱাগৰ পিছতে আছে ক্ৰমে এম এছ ধোনী (৭৮), শচীন টেণ্ডুলকাৰ (৬৯), ৰোহিত শৰ্মা (৬৮) আৰু কপিল দেৱ (৬১)।

লক্ষণীয়ভাৱে, চলিত শৃংখলাৰ প্ৰথম দুখন টেষ্টত সহজ বিজয় সাব্যস্ত কৰা ঘৰুৱা দল ভাৰতৰ বিপক্ষে তৃতীয় টেষ্টৰ প্ৰথমদিনাই চালকৰ আসনত উপৱিষ্ট হৈছে অষ্ট্ৰেলিয়া। ইন্দোৰৰ টাৰ্নিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰে।

ভাৰতৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভ্ৰমণকাৰী দলটোৰ বাওঁহতীয়া স্পিনাৰ মেথিউ কুহনেমেন। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি কুহনেমেনে মাত্ৰ ১৬ ৰানতে পাঁচটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰে।

অভিজ্ঞ স্পিনাৰ নাথান লিয়নে ৩ টা আৰু টড মুৰ্ফীয়ে এটা উইকেট লাভ কৰে। অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ হেঁচাত ভাৰতে ১০০ ৰানৰ সীমাও স্পৰ্শ কৰিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল। অৱশ্যে যাদৱে ১৭ ৰানৰ এই চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছটোৰে দলীয় স্ক’ৰ ১০৯ ৰানলৈ বৃদ্ধি কৰে।

আনহাতে অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে। এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd