ৰাজ্যৰ ২০খন জিলাত একেলগে আৰম্ভ হ’ল অসমৰ অন্যতম সন্মানীয় ফুটবল প্ৰতিযোগিতা ৭১সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬। তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰসাৰ আৰু নতুন প্ৰতিভাৰ সন্ধানৰ লক্ষ্যৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত, অসমৰ জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত আৰু অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা।
কামৰূপ মহানগৰ জিলাৰ খেলসমূহ উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত জিটিচি ফুটবল একাডেমীৰ খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰাক্তন সন্তোষ ট্ৰফী ফুটবলাৰ অন্নদা দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, উপ-সভাপতি ভোলা বড়ো আৰু এল. হেমন্ত সিং, যুটীয়া সম্পাদক ছাজ্জাদ জহীৰ হুছেইন, কোষাধ্যক্ষ কাজল পাল চৌধুৰী, সহকাৰী সাধাৰণ সম্পাদক জহিৰুল হক আৰু বাবলু চৌধুৰীকে ধৰি সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। লগতে ফুটবল সম্পাদক এল. প্ৰণৱ সিং আৰু ক্ৰিকেট সম্পাদক নাছিৰ গুল খানো অনুষ্ঠানত উপস্থিত থাকে।
প্ৰতিযোগিতাৰ প্ৰথম দিনাই কামৰূপ মহানগৰ জিলাৰ খেলত অসম আৰক্ষীয়ে হক ফুটবল একাডেমীক ৭-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত জিটিচি ফুটবল একাডেমীৰ খেলপথাৰত অনুষ্ঠিত এই মেচখনত অসম আৰক্ষীৰ আক্ৰমণাত্মক প্ৰদৰ্শনেৰে জয় সাব্যস্ত কৰে।
আনহাতে, মাজুলী জিলা ৰাউণ্ডত কাৰছাং এফ চিয়ে জেননেক্সট এফ চিক ১-০ গ’লত পৰাস্ত কৰে। চৰাইদেউত মঞ্জুশ্ৰী চাহ বাগিচা এফ চিয়ে মৰাণৰ বিপ্তাঘাট এফ চিক ১-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ডিব্ৰুগড়ত ডিৰাল বহুমুখী সংঘই বেতমালা এফ চিক ৩-১ গ’লত হৰুৱায়। যোৰহাটত ৰোৱাৰ্ড ক্লাব আৰু কাকোজান এফ চিৰ মেচখন ২-২ গ’লত অমীমাংসিতভাৱে সমাপ্ত হয়। আনখন মেচত অনিৰুদ্ধদেৱ ক্লাবে ইষ্টান্টিক ক্লাবক ১-০ গ’লত পৰাস্ত কৰে।
তেজপুৰ জিলা ৰাউণ্ডত তেজপুৰ চিটি এফ চিয়ে এমিগোছ এফ চিক ১-০ গ’লত পৰাস্ত কৰে। মৰিগাঁৱত মৰি-বুহাগাঁও তিৱা কৃষ্টি সংঘই বাংফৰ ইউনাইটেড ক্লাবক ৪-১ গ’লত পৰাস্ত কৰি নিজৰ শক্তিৰ পৰিচয় দিয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ফেকামাৰীৰ স্প’ৰ্টছ এণ্ড ইউথ ক্লাবে মানকাচৰৰ পূবেৰগাঁও স্প’ৰ্টছ ক্লাবক ৪-১ গ’লত পৰাস্ত কৰে। বৰপেটাত বামুনতাৰী আজাদে বৰদী ফুটবল ক্লাবক ১-০ গ’লত পৰাস্ত কৰে।
বজালী জিলাত নবজ্যোতি ক্লাবে খৰধৰা এ কে এছক ২-১ গ’লত পৰাস্ত কৰে। কামৰূপ জিলাত প্ৰাইভেট স্প’ৰ্টছ একাডেমীয়ে জনজাতীয় স্পৰ্টিং ক্লাবক ৪-০ গ’লত পৰাস্ত কৰি সহজ জয় লাভ কৰে। গোৱালপাৰাত পুৰণা শ্মশান যুৱ ক্লাবে ভৈষখুলি মিলন সংঘক ২-১ গ’লত পৰাস্ত কৰে। আন এখন মেচত তাৰাইবাৰী এফ চিয়ে বৰদাক বিষ্ণু ৰাভা এফ চিক ৩-১ গ’লত হৰুৱায়।
অসমৰ ক্ৰীড়া ইতিহাসত বিশেষ স্থান অধিকাৰ কৰি অহা গোপীনাথ বৰদলৈ ট্ৰফীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুটবল দল আৰু খেলুৱৈক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি আহিছে। এই প্ৰতিযোগিতাৰ জৰিয়তে উদীয়মান খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ লগতে ৰাজ্যত ফুটবলৰ ভেটি অধিক শক্তিশালী হোৱাৰ আশা কৰা হৈছে।
গুৱাহাটী ক্ৰীড়া সন্থাই প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰাৰ লগতে অসমৰ ফুটবলৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিযোগিতাৰ পৰিচালক পৰেশ চন্দ্ৰ দাসে প্ৰেৰণ কৰা সংবাদ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।


