• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনচন কেম্পত কাৰাবন্দী বাল্যবিবাহ অভিযুক্তক: হিমন্তৰ চৰকাৰক ককৰ্থনা উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 2:41 pm
Gauhati High Court
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বাল্যবিবাহ বিৰোধী অভিযান চলাই একপ্ৰকাৰে নৈৰাজ্যৰ সূচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱাৰ দৰে ৰাতি ৰাতি অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল বাল্যবিবাহৰ অভিযুক্তক। POCSO আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে।

ইমানেই নহয় মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অভিযুক্তৰ আত্মীয়কো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বিবাহত সহযোগ কৰাৰ নামত ঠাইয়ে ঠাইয়ে পেছাদাৰী লোক অৰ্থাৎ মণ্ডপ আৰু কেটাৰিঙৰ লোককো গ্ৰেপ্তাৰ কৰিছিল অভিযানকাৰী আৰক্ষীয়ে।

Apply Now

এইদৰে নৈৰাজ্য সদৃশ পৰিৱেশ সূচনা কৰা পাছতে ৰাজ্য তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয়, গুৱাহাটী উচ্চ ন্যায়ালয়েও চৰকাৰৰ এই আগ্ৰাসী কাণ্ডক তুলাধুনা দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাল্যবিবাহ বিৰোধী অভিযানক কেৱল বিৰোধ কৰাই নহয়, ভৰ্ৎসনাও কৰিছিল। POCSO অধীনত গোচৰ ৰুজু কৰা বাবে চৰকাৰক তীব্ৰ বাক্যবাণেৰে প্ৰশ্নও কৰিছিল।

ন্যায়াধীশ সুমন শ্যামে POCSO আইনৰ অধীনত বাল্যবিবাহৰ অভিযুক্তসকলক কিয় গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা সংযোজন কৰাৰো বিৰোধিতা কৰিছিল।

“তেওঁলোকৰ বিৰুদ্ধে কি ধৰ্ষণৰ অভিযোগ আছে নেকি? ‘অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱা উচিত হৈছে নে? য’তে ত’তে প্ৰয়োগ কৰা এই POCSO আইন কি জানেনে? ভাবিছে নেকি POCSO প্ৰয়োগ কৰিব আৰু ন্যায়াধীশে চকু মুদি থাকিব?” বুলি তীব্ৰ বাক্যবাণেৰে প্ৰশ্ন কৰিছিল ন্যায়ালয়ে।

বাল্যবিবাহ বিৰোধী অভিযান চলাই পূৰ্বে এইদৰে উচ্চ ন্যায়ালয়ৰ কৰ্কথনা তথা ভৰ্ৎসনাৰ সন্মুখীন হোৱা হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ তথা আৰক্ষী প্ৰশাসনে পুনৰ বাল্যবিবাহ বিৰোধী অভিযানক কেন্দ্ৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে।

এইবাৰ বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক ডিটেনচন কেম্পত কয়দী হিচাপে ৰখাৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ এখন বিভাগীয় বিচাৰপীঠে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক অদ্ভুত আৰু প্ৰাইমা ফেচি অগ্ৰাহ্য কৰা বুলিও মন্তব্য কৰিছে।

আনকি ন্যায়ালয়ে “ডিটেনচন কেম্পক কিয় কাৰাগাৰলৈ ৰূপান্তৰ কৰা হৈছে” বুলি চৰকাৰক প্ৰশ্ন কৰিছে। ন্যায়ালয়ে লগতে কয় চৰকাৰে ইচ্ছা কৰিলেই কাৰাগাৰ নিৰ্মাণ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি চৰকাৰে কোনো কাৰাগাৰ সংস্কাৰ তথা নিৰ্মাণ কৰিব নোৱাৰে।

অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰাৰ স্পৰ্ধা দেখুওৱাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই! ডিটেনচন কেম্পত বাল্যবিবাহত অভিযুক্ত লোকক কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্কথনা খালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

এতিয়া ন্যায়ালয়ৰ তীব্ৰ কৰ্কথনা খোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডিটেনচন কেম্পৰ পৰা বাল্যবিবাহত অভিযুক্তক স্থানান্তৰ কৰে নে ন্যায়ালয়ৰ প্ৰতি পুনৰ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd