• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাইজেৰিয়াৰ ৰাজনৈতিক ‘গডফাদাৰ’! ক্ষমতালোভী, উচ্চাকাংক্ষী নতুন ৰাষ্ট্ৰপতি বোলা টিনুবু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 3:40 pm
নাইজেৰিয়াৰ নতুন নিৰ্বাচিত ৰাষ্ট্ৰপতি বোলা টিনুবু।

নাইজেৰিয়াৰ নতুন নিৰ্বাচিত ৰাষ্ট্ৰপতি বোলা টিনুবু।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাইজেৰিয়াত তেওঁক ৰাজনৈতিক ‘গডফাদাৰ’ বুলি কোৱা হয়। তেওঁ কৌশলগত দক্ষতা আৰু প্ৰভাৱৰ বাবে এই নামেৰে জনাজাত। তেওঁ কেতিয়াও নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি হ’ব বিচৰা বিশেষ উচ্চাকাংক্ষাক লুকাই ৰখা নাছিল। আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশখনৰ ৭০ বছৰীয়া ৰাজনীতিবিদ বোলা টিনুবুৰ জীৱনজোৰা লক্ষ্য অৱশেষত পূৰণ কৰা হৈছে। তেওঁ যোৱা ২৫ ফেব্ৰুৱাৰীত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল। তেওঁ অহা মে’ত দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

টিনুবু নিৰ্বাচনত শাসনাধিষ্ঠিত অল প্ৰগ্ৰেছিভছ কংগ্ৰেছৰ (এপিচি) প্ৰাৰ্থী আছিল। তেওঁৰ দুজন প্ৰধান প্ৰতিদ্বন্দিয়ে নিৰ্বাচনত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, নিৰ্বাচনী বিষয়া আৰু এপিচিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।

টিনুবুৰ স্বাস্থ্যৰ অৱস্থাকলৈও প্ৰশ্ন আছে। দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ আছে। তৎস্বত্ত্বেও, তেওঁৱেই এতিয়া নাইজেৰিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ স্থান ল’বলৈ আগবাঢ়িছে।

Apply Now

টিনুবু দেশৰ লাগোছ ৰাজ্যৰ দুবাৰৰ গৱৰ্ণৰ। তেওঁ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি হ’বলৈ দীৰ্ঘদিন ধৰি কাম কৰিছে। সদ্যসমাপ্ত নিৰ্বাচনত তেওঁৰ শ্লোগান আছিল, ”এতিয়া মোৰ পাল’। নিৰ্বাচনত জয়ী হৈ তেওঁৰ প্ৰচেষ্টা সফল হয়।

ৰাষ্ট্ৰপতি হোৱাৰ বাবে টিনুবুৱে দেশজুৰি তেওঁৰ লাগোছ-আধাৰিত প্ৰভাৱ বিয়পাই সমগ্ৰ দেশতে শক্তিশালী নেটৱৰ্ক গঢ়ি তুলি বছৰৰ পিছত বছৰ অপেক্ষা কৰিছে।

অৱশ্যে, নিৰ্বাচনত এটা আশ্চৰ্যজনক ঘটনাও ঘটিছিল। লাগোছত টিনুবুৰ অন্যতম প্ৰতিদ্বন্দী লেবাৰ পাৰ্টিৰ প্ৰাৰ্থী পিটাৰ অবি জয়ী হৈছিল। এই সন্দৰ্ভত টিনুবুৱে কয়, “কৰবাত বিজয় হ’ব, কৰবাত পৰাজয় হ’ব। তেওঁ তেওঁৰ সমৰ্থকসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনায়।

টিনুবুৰ জন্ম নাইজেৰিয়াৰ লাগোছত এটা মুছলমান পৰিয়ালত হৈছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰিছিল। তেওঁ একাউণ্টিংত ডিগ্ৰী লাভ কৰিছে। তেওঁ কেইবাটাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীত কামো কৰিছিল। তেওঁ ১৯৮৩ চনত দেশলৈ উভতি আহিছিল।

টিনুবুৰ ৰাজনৈতিক কেৰিয়াৰ ১৯৯২ চনত আৰম্ভ হয়। তেওঁ প্ৰথমতে এজন সাধাৰণ ৰাজনৈতিক কৰ্মী আছিল।তেওঁ নাইজেৰিয়াত গণতান্ত্ৰিক শাসনৰ প্ৰত্যাৱৰ্তনৰ বাবে সংগ্ৰাম কৰিছিল। ইয়াৰ বাবে তেওঁ ১৯৯৪ চনত নিৰ্বাসিত হ’ব লগা হৈছিল। তেওঁ ১৯৯৮ চনত ঘৰলৈ উভতি আহিছিল।

টিনুবু লাগোছ ৱেষ্ট আসনৰ পৰা চিনেটৰ নিৰ্বাচিত হৈছিল। পিছত তেওঁ লাগোছ ৰাজ্যৰ গৱৰ্ণৰ হৈছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈ এই পদত অধিষ্ঠিত আছিল।

টিনুবুৰ ঘনিষ্ঠ সহযোগীসকলে তেওঁক এজন চতুৰ ৰাজনৈতিক ৰণনীতিবিদ হিচাপে বৰ্ণনা কৰিছে। তেওঁ গণতন্ত্ৰপন্থী এলায়েন্স ফৰ ডেমক্ৰেচীৰ সহ-প্ৰতিষ্ঠাপক আছিল। মিত্ৰজোঁটটো পিছত একচন কংগ্ৰেছ অফ নাইজেৰিয়ালৈ ৰূপান্তৰিত হৈছিল। ই বৰ্তমানৰ শাসকীয় দল এপিচি গঠনত সহায় কৰে।

টিনুবুৱে এপিচিৰ বিভিন্ন গোটক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২০১৫ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এপিচি প্ৰাৰ্থী বুহাৰীৰ বিজয়ত অৰিহণা যোগাইছিল। এপিচিত বুহাৰীৰ বিজয়ে নাইজেৰিয়াত পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ (পিডিপি) বাবে ১৬ বছৰৰ ক্ষমতাৰ সমাপ্তি ঘটাইছিল। ২০১৯ চনত বুহাৰীৰ পুনৰ নিৰ্বাচনত টিনুবুৰ ৰাজনৈতিক প্ৰভাৱেও এক ভূমিকা পালন কৰিছিল।

লাগোছৰ গৱৰ্ণৰ হিচাপে তেওঁৰ কাৰ্যকালত টিনুবুৱে নিজৰ ৰাজনৈতিক শক্তি একত্ৰিত কৰিবলৈ বিভিন্ন কাৰ্যকলাপ চলাইছিল। আনকি গৱৰ্ণৰৰ পদ ত্যাগ কৰাৰ পাছতো তেওঁৰ প্ৰভাৱ লাগোছত দেখা যায়। উত্তৰাধিকাৰী বাছনি কৰাতো তেওঁকে মুখ্য ভূমিকাত দেখা যায়।

টিনুবুৰ প্ৰভাৱৰ বাবে কিছুমান আগ্ৰহী লোক এই নিৰ্বাচনত দলৰ প্ৰাৰ্থী হ’ব নোৱাৰিলে। ফলস্বৰূপে, তেওঁলোকে টিনুবুৰ ওপৰত ক্ষুভিত হৈ পৰে।

টিনুবুৰ ৰাজনৈতিক আচৰণক স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। লাগোছ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ শিক্ষক ডাপো থমাছে কয় যে টিনুবুৱে দলটোৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিছে। তেওঁকে ধৰি তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে দলটো কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকৰ এক আক্ৰমণাত্মক মনোভাৱ আছে।

যিহেতু টিনুবুৰ ৰাজনীতি সম্পৰ্কে বিতৰ্ক চলি আছে, তেওঁৰ বিত্তীয় বিষয় সম্পৰ্কেও বিতৰ্ক চলি আছে। তেওঁক নাইজেৰিয়াৰ অন্যতম ধনী ৰাজনীতিবিদ হিচাপে গণ্য কৰা হয়। লাগোছৰ গৱৰ্ণৰ পদ ত্যাগ কৰাৰ পিছত টিনুবুৰ বিৰুদ্ধে দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ এক ডজনতকৈও অধিক বিদেশী বেংকত একাউণ্ট থকাৰ অভিযোগ আছে। অৱশ্যে তেওঁক কেতিয়াও আদালতত আনুষ্ঠানিকভাৱে অভিযুক্ত হোৱা নাই। তেওঁ তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ অস্বীকাৰ কৰিছে।

টিনুবুৰ সম্পদৰ উৎস অজ্ঞাত। অৱশ্যে তেওঁৰ মিডিয়া, বিমান ব্যৱস্থাপনা, শুল্ক পৰামৰ্শ, হোটেল, গৃহ নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত ব্যৱসায়িক উদ্যোগ আছে বুলি কোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd