• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰহস্য ফাদিল! পুত্ৰক শ্বটগানেৰে,পত্নীক এছল্ট ৰাইফলৰে হান্টিং ইষ্টেটত হত্যা কৰিছিল আমেৰিকান অধিবক্তাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 8:13 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জুৰীয়ে উকীল এলেক্স মুৰ্ডাউগক তেওঁলোকৰ হান্টিং ইষ্টেটত তেওঁৰ পত্নী আৰু পুত্ৰক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে।

ন্যায়াধীশ আৰু অধিবক্তাৰে ভৰা দক্ষিণ কেৰোলিনাৰ এটা অভিজাত পৰিয়ালৰ বংশধৰ ৫৪ বছৰীয়া মুৰ্ডাউগক তেওঁৰ পুত্ৰ পলক শ্বটগানেৰে আৰু তেওঁৰ পত্নী মেগীক বনৰীয়া গাহৰি চিকাৰ কৰাৰ বাবে ব্যৱহৃত এছল্ট ৰাইফলেৰে পৰিয়ালটোৰ বিশাল সম্পত্তিত গুলীয়াই হত্যা কৰা বুলি বৰ্ণনা কৰা হৈছে।

দক্ষিণ কেৰোলিনাৰ আদালতত প্ৰায় তিনি ঘণ্টা সময় আলোচনাৰ অন্তত জুৰীয়ে উপনীত হোৱা ৰায়টো পঢ়াৰ পিছত প্ৰতিপক্ষৰ অধিবক্তাই এটা মিছট্ৰাইলৰ বাবে অনুৰোধ কৰিছিল যাক ন্যায়াধীশ ক্লিফটন নিউমেনে তাৎক্ষণিকভাৱে অস্বীকাৰ কৰে। নিউমেনে কয়, “অপৰাধৰ অত্যধিক প্ৰমাণ আছে।‘’

Apply Now
এলেক্স মুৰ্ডাউগ। ফটো: সংগৃহিত।

ব্লেজাৰ পৰিধান কৰা আৰু সামান্য আৱেগিক দেখা যোৱা মুৰ্ডাউগক হাতকেৰেয়া লগাই আদালতৰ বাহিৰলৈ লৈ যোৱা হৈছিল আৰু সেইদৰে প্ৰায় উদ্ভট ঘটনাটোৱে স্পৰ্শ কৰা এক জটিল গোচৰৰ সমাপ্তি ঘটিছিল ।

জুৰীয়ে শুনিছিল যে কেনেকৈ মুৰ্ডাউগে তেওঁৰ প্ৰছন্ন মাদক আসক্তিৰ বাবে তেওঁৰ আইন প্ৰতিষ্ঠানৰ পৰা তথা গ্ৰাহকৰ লাখ লাখ মাছুল চুৰি কৰাৰ বছৰবোৰ ৰাজহুৱা হ’বলৈ ওলোৱাৰ শংকা অনুভৱ কৰাৰ পিছত ২০২১চনৰ ৭ জুন  তাৰিখে তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰিছিল।

যদিও হত্যাৰ অলপ আগতে মুৰ্ডাউক ঘটনাস্থলীত থকাৰ প্ৰমাণ ৰাখিছিল, বন্দুকবোৰ কেতিয়াও পোৱা নগ’ল আৰু কোনো ৰক্তাক্ত কাপোৰ বা আন প্ৰত্যক্ষ প্ৰমাণ পোৱা নাছিল যিয়ে তেওঁ যে হত্যাকাৰী প্ৰমাণ কৰিব পাৰে।

শুকুৰবাৰে তেওঁক  শাস্তি প্ৰদান কৰা হ’ব। ন্যায়াধীশ নিউমেনে কয় যে প্ৰতিটো হত্যাৰ বাবে মুৰ্ডাউগে নিম্নতম ৩০ বছৰ সৰ্বাধিক কাৰাবাসৰ সন্মুখীন হ’ব লাগিব।

দক্ষিণ কেৰোলিনাৰ এটৰ্নি জেনেৰেল এলান উইলচনে ৰায়দানৰ পিছত এখন সংবাদমেলত ভুক্তভোগীসকলৰ বিষয়ে কয়, “আমি তেওঁলোকক ঘূৰাই আনিব নোৱাৰো, কিন্তু আমি তেওঁলোকক ন্যায় দিব পাৰোঁ।”

তেওঁ কয়, “আজিৰ ৰায়টোৱে প্ৰমাণ কৰে যে আপুনি সমাজত যিয়েই নহওঁক কিয় কোনেও আইনৰ উৰ্ধত নহয়।”

ছয় সপ্তাহৰ বিচাৰৰ পিছত জুৰীয়ে নিৰ্ধাৰণ কৰিছিল যে প্ৰমাণবোৰ মুৰ্ডাউগক হত্যাৰ দুটা গোচৰ আৰু দুটা আগ্নেয়াস্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত কৰিবলৈ যথেষ্ট শক্তিশালী আছিল।

এলেক্স মুৰ্ডাউগ। ফটো: সংগৃহিত।

যোৱা সপ্তাহত দুদিন ধৰি বাৰে বাৰে কান্দোনত ভাগি পৰা মুৰ্ডাউগে ৫২ বছৰীয়া মেগী আৰু ২২ বছৰীয়া পলক হত্যা কৰাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।

তেওঁ তেওঁলোকৰ বিশাল দক্ষিণ কেৰোলিনাৰ আইলেণ্ডটনৰ সম্পত্তিৰ মোচেল বুলি পৰিচিত কুকুৰৰ কেনেলত তেওঁলোকৰ মৃতদেহ আৱিষ্কাৰ কৰাৰ বৰ্ণনা দিছিল। পত্নী মেগীক ৰাইফলৰে পাঁচবাৰ গুলীয়াইছিল আৰু শ্বটগানৰ গুলীৰ বিস্ফোৰণত পুত্ৰ পলৰ মুৰটো ছিন্নভিন্ন হৈ পৰিছিল।

অভিযুক্তই স্বীকাৰ কৰিছিল যে তেওঁ চুৰি তথা টকা আত্মসাৎ কৰিছিল আৰু তেওঁৰ ড্ৰাগছৰ অভ্যাসৰ বিষয়ে মিছা কৈছিল, যিটো তেওঁৰ অধিবক্তাসকলে তাৰ খৰচ সপ্তাহত ৫০ হাজাৰ ডলাৰ হ’ব বুলি জনাইছিল। কিন্তু তেওঁ কৈছিল যে তেওঁ কেতিয়াও তেওঁৰ পৰিয়ালক হত্যা কৰাৰ বিষয়ে মিছা নকয়।

তেওঁৰ এটৰ্ণীয়ে যুক্তি দিছিল যে তদন্তকাৰীসকলে কেনেলৰ অপৰাধৰ স্থানটো বিভ্ৰান্ত কৰিছিল আৰু মুৰ্ডাউগৰ ড্ৰাগ সৰবৰাহকাৰী আৰু ২০১৯ত নাওত এগৰাকী কিশোৰীৰ মৃত্যুৰ ঘটনাত পল জড়িত থকাৰ বাবে ক্ষুব্ধ লোকসকলকে ধৰি আন সাম্ভাব্য সন্দেহজনক লোকসকলক অনুসৰণ কৰাত ব্যৰ্থ হৈছিল।

মুৰ্ডাউগৰ এটৰ্ণী জিম গ্ৰিফিনে জুৰীক কৈছিল, এইটো “সম্পূৰ্ণ অযৌক্তিক, অবিবেচক আৰু উন্মাদ… যেতিয়া তেওঁলোকৰ অপৰাধমূলক আচৰণ উন্মোচিত হয় তেতিয়া কোনোবাই তেওঁলোকৰ প্ৰিয়জনক হত্যা কৰে।”

প্ৰছিকিউটৰ ক্ৰেইটন ৱাটাৰ্ছে যুক্তি দিছিল যে মুৰ্ডাউগ এজন “নিপুণ মিথ্যাবাদী” যিয়ে এজন পঙ্গু গ্ৰাহকৰ পৰা, কেইবছৰ আগতে পৰি গৈ মৃত্যুবৰণ কৰা মুৰ্ডাউগৰ এগৰাকী প্ৰাক্তন দাসীৰ পৰিয়ালৰ পৰা আৰু তেওঁৰ আইনৰ অংশীদাৰসকলৰ পৰা ধন চুৰি কৰিছিল।

এলেক্স মুৰ্ডাউগ। ফটো: সংগৃহিত।

 

ৱাটাৰ্ছে অপৰাধৰ সন্ধিয়া তদন্তকাৰীসকলৰ ওচৰত মুৰ্ডাউগৰ মিছা কথাৰ ওপৰত আঙুলিয়াই দিছিল যে তেওঁ মৃতদেহবোৰ আৱিষ্কাৰ কৰাৰ আগতে কেনেলত নাছিল। পিছত পলৰ চেল ফোনত এটা ভিডিঅ’ পোৱা গৈছিল য’ত দেখা গৈছিল যে গুলীচালনাৰ আনুমানিক পাঁচ মিনিট আগতে মুৰ্ডাউগ তাত আছিল।

ৱাটাৰ্ছে কৈছিল যে পলে অলপতে তেওঁৰ পিতৃৰ ড্ৰাগছৰ অভ্যাস আৱিষ্কাৰ কৰিছিল আৰু হত্যাৰ ৰাতিপুৱা মুৰ্ডাউগে তেওঁৰ আইনৰ অংশীদাৰী ফাৰ্মত ধন হেৰুওৱাৰ ঘটনাৰ মুখামুখি হৈছিল।

ৱাটাৰ্ছে কয়, “যিসকলে ভাবিছিল যে তেওঁলোকে তেওঁ কোন জানে, মুৰ্ডাউগে তেওঁলোকক মুৰ্খ সজাইছে।” তেওঁ জুৰীক কৈছিল, “তেওঁ মেগী আৰু পলকো মুৰ্খ সজাইছিল আৰু তেওঁলোকে তেওঁলোকৰ জীৱনৰ হেৰুৱাবলগীয়া হ’ল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd