• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অপেক্ষাৰ অৱসান! আজিৰ পৰা ৱ’মেন প্ৰিমিয়াৰ লীগৰ ২২ গজৰ যুঁজ

উদ্বোধনী মেচত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েন্টছ, অভিষেক ঘটাৰ সম্ভাৱনা অসম কন্যা জিণ্টিমণিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 6:55 pm
WPL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু কিছু সময়, অৱশেষত অৱসান ঘটিব অপেক্ষাৰ। দেশৰ ক্ৰীড়াজগতত সংযোজন ঘটিব আন এক নব ইতিহাসৰ। নৱী মুম্বাইত ইতিহাসৰ আৰম্ভণি ঘটাই আৰম্ভ হ’ব উদ্বোধনী বৰ্ষৰ ৱ’মেন প্ৰিমিয়াৰ লীগ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত সংযোজন ঘটোৱা এই টি-২০ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আজি অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়েন্টছ।

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখন অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সূচীতকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে বিচিচিআই- এ। অষ্ট্ৰেলিয়ান তাৰকা অ’পেনাৰ বেথ মুনীৰ নেতৃত্বত গুজৰাট জায়েণ্টছ আৰু ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ খেলপথাৰত নামিব প্ৰতিযোগিতাৰ প্ৰথমখন মেচত জয়ৰ অভিলেখ সূচনাৰ মানসেৰে।

Apply Now

উল্লেখ্য যে, ৱ’মেন প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিব। ভাৰতৰ লগতে বিশ্বৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰক বিপুল পৰিমাণৰ ধনৰ বিনিময়ত ক্ৰয় কৰিছে ফ্ৰেঞ্চাইজিসমূহে। ইতিমধ্যে প্ৰতিযোগিতাখনিক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত বিৰাজ কৰিছে যথেষ্ট আশা।

উদ্বোধনী মেচত দুয়োটা দলৰ পৰা এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে ক্ৰিকেট প্ৰেমীসকলে। অষ্ট্ৰেলিয়ান তাৰকা বেথ মুনী, এছলী গাৰ্ডনাৰ, এনাবেল চাথাৰলেণ্ড, ইংলেণ্ডৰ ছফিয়া ডাংকলিৰ লগতে ভাৰতৰ স্নেহ ৰাণা, হাৰ্লিন দেউল, সুষমা ভাৰ্মাৰ দৰে খেলুৱৈৰে সমৃদ্ধ গুজৰাট। অৱশ্যে আঘাতৰ বাবে বাহিৰ হোৱা ৱেষ্ট ইণ্ডিজৰ তাৰকা ডিয়াণ্ড্ৰা ডটিনৰ অভাৱ অনুভৱ কৰিব দলটোৱে।

ইফালে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছো সাজু হৈছে উদ্বোধনী বৰ্ষৰ খিতাপ জয়ৰ লক্ষ্যৰে। ইতিমধ্যে হৰমনপ্ৰীত কৌৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দাঙি ধৰা প্ৰদৰ্শনৰ দৰেই বাট বুলাৰ হুংকাৰ দিছেই। হৰমনপ্ৰীতৰ এই প্ৰতিশ্ৰুতি পূৰণত তেওঁৰ সহযোগী হ’ব য়স্তিকা ভাটিয়া, হেলি মেথিউছ, নাট স্কাইভাৰ-ব্ৰাণ্ট, আমেলিয়া কেৰ, পূজা ভাষ্ট্ৰেকাৰ।

এই মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলেও বাট চাইছে পৰম উৎসাহেৰে। কিয়নো ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলামত অসমৰ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাক চুক্তিবদ্ধ কৰিছিল মুম্বাই ইণ্ডিয়ানছে। খেলুৱৈগৰাকীয়ে আজি উদ্বোধনী মেচতে প্ৰতিযোগিতাখনত অভিষেক ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজি বিয়লি ৪ বজাত দৰ্শকৰ বাবে মুকলি কৰা হয় ষ্টেডিয়ামৰ গেট। ইতিমধ্যে আৰম্ভ হৈছে ৱ’মেন প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ’ব কানাডাৰ পপ তাৰকা এ পি ধিলন শিৰোনাম দখল কৰিব। লগতে থাকিব বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী আৰু কৃতি শ্বেনন।

ক্ৰিকেট প্ৰেমীসকলে স্প’ৰ্টছ ১৮ চেনেলত আজিৰ গ্ৰেণ্ড উন্মোচনী অনুষ্ঠানৰ পৰাই উপভোগ কৰিব পাৰিব প্ৰতিযোগিতাৰ প্ৰতিখন মেচ। লগতে ‘Jio Cinema’ খেলৰ লাইভ সম্প্ৰচাৰ উপভোগৰ সুযোগ পাব দৰ্শকসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd