• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯৯৪ চনৰ তিনিচুকীয়াৰ ভুৱা এনকাউণ্টাৰত সেনাই হত্যা কৰা পাঁচ যুৱকৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 8:14 am
Gauhati High Court
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা বিৰোধী অভিযানৰ নামত ১৯৯৪ চনৰ তিনিচুকীয়াত সেনাবাহিনীয়ে চলোৱা ভুৱা এনকাউণ্টাৰৰ গোচৰ বৃহস্পতিবাৰে বন্ধ ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰ বৰুৱা আৰু ন্যায়াধীশ ৰবিন ফুকনৰ বিভাগীয় বিচাৰপীঠে লগতে এই ভুৱা এনকাউণ্টাৰত সেনাই হত্যা কৰা পাঁচগৰাকী যুৱকৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, আলফাই ১৯৯৪ চনৰ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ ডাংগৰী অঞ্চলৰ তালাপ চাহ বাগিচাত অসম সীমান্ত চাহ লিমিটেডৰ জেনেৰেল মেনেজাৰ ৰামেশ্বৰ সিঙক হত্যা কৰাৰ পিছতে তীব্ৰ অভিযান আৰম্ভ কৰিছিল ভাৰতীয় সেনাই।

Apply Now

এই আলফা দমন অভিযানৰ নামতে সেনাই ১৭-১৯ ফেব্ৰুৱাৰীত জিলাখনৰ বিভিন্ন স্থানৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৯ গৰাকী কৰ্মীক সন্দেহযুক্ত হিচাপে আটক কৰে। ভাৰতীয় সেনাৰ ধলা শিবিৰত আলফাৰ সন্দেহত ধৰি অনা এই যুৱকসকলক ৰখোৱা হৈছিল।

কিন্তু নিশাৰ ভিতৰতে এই ৯ গৰাকী নিৰীহ যুৱকৰ ভিতৰত পাঁচগৰাকীক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত বনাঞ্চলত গুলীয়াই হত্যা কৰা হয়। ইফালে যুৱক কেইগৰাকীৰ অৱস্থান সন্দৰ্ভত কোনো তথ্য নোপোৱাত আছুৰ তদানীন্তন উপ-সভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত হাবিয়াছ কৰ্পাছ আবেদন বা বন্দী প্ৰত্যক্ষ দৰ্শন আবেদন দাখিল কৰে।

জগদীশ ভূঞাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এছ.এন. ফুকন আৰু ন্যায়াধীশ এ. পাটনাইকে ধৃত যুৱককেইগৰাকীক নিকটতম থানাত যুৱককেইগৰাকীক হাজিৰ কৰিবলৈ সেনাবাহিনীক নিৰ্দেশ দিয়ে। কিন্তু ইতিপূৰ্বেই সেনাই পাঁচ যুৱকক হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত চাৰিগৰাকী জীৱিত লোকৰ লগতে পাঁচগৰাকীৰ মৃতদেহ আৰক্ষী থানাত গতাই দিয়ে।

সেনাই হত্যা কৰা এই পাঁচগৰাকী নিৰীহ যুৱক আছিল ক্ৰমে প্ৰবীণ সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস, অখিল সোণোৱাল আৰু ভবেন মৰাণ। আলফা কেডাৰ বুলি দাবী কৰি সেনাই চলোৱা এই হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পিছতে গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক গতাই দিয়া হয় আৰু তদন্তকাৰী সংস্থাটোৱে তদন্তৰ পিছত ভুৱা এনকাউণ্টাৰত জড়িত ১৮ পঞ্জাব ৰেজিমেণ্টৰ ৭ গৰাকী সেনা জোৱানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

২০১৮ চনৰ অক্টোবৰ মাহত ছামাৰী জেনেৰেল কোৰ্ট মাৰ্শ্বেলে এই সাতগৰাকী সেনা জোৱানক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। দোষী সাব্যস্ত হোৱা জোৱান কেইগৰাকী আছিল মেজৰ জেনেৰেল এ কে লাল, কৰ্ণেল থমাছ মেথিউ আৰু আৰ এছ ছিবিৰেন, জুনিয়ৰ কমিচনড অফিচাৰ আৰু নন কমিচনড অফিচাৰ দিলীপ সিং, জগদেও সিং, আলবিন্দৰ সিং আৰু শিবেন্দৰ সিং।

সেনাই চলোৱা এই নৃশংস হত্যাকাণ্ডৰ ২৯ বছৰ পিছত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই পুৰণি গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়। গোচৰৰ প্ৰমাণ বা সাক্ষী উদ্ধাৰ কৰাৰ কঠিনতালৈ লক্ষ্য ৰাখি আদালতে এই গোচৰটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। আদালতে লগতে তিনিচুকীয়াৰ জিলা ন্যায়াধীশক হত্যাৰ বলি হোৱা যুৱককেইগৰাকীৰ আত্মীয়ক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশাৱলী অনুসৰি নিহত পাঁচ যুৱকৰ পৰিয়াল তথা আত্মীয়ই ১৫ দিনৰ ভিতৰত আদালতৰ সন্মুখত উপস্থিত হ’ব লাগিব। ক্ষতিপূৰণৰ ধনৰাশি উচ্চ ন্যায়ালয়ত জমা কৰা হ’ব আৰু জিলা ন্যায়াধীশে চিনাক্ত কৰা অনুসৰি ভুক্তভোগীৰ পৰিয়ালক প্ৰদান কৰা হ’ব বুলি আদালতে লগতে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd